চিত্ৰগৃহলৈ বহুচৰ্চিত অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’

চিত্ৰগৃহলৈ বহুচৰ্চিত অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায়ক সাঙুৰি এক মৰ্মস্পৰ্শী কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ‘ৰঙাটাপু-১৯৮২’ কাইলৈ সমগ্ৰ অসমতে মুক্তিলাভ কৰিব৷ আজি মহানগৰীৰ অনুৰাধা চিত্ৰগৃহত ছবিখনিৰ এক বিশেষ প্ৰদৰ্ষণী অনুস্থিত হয়। ‘ৰঙাটাপু’ বিশাল ব্ৰহ্মপুত্ৰৰ মাজৰ এটা সৰু চাপৰি৷ ১৯৮০ দশকত অসমলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰব্ৰজন ঘটিবলৈ ধৰে আৰু বসবাস কৰিবলৈ লোৱাৰ লগতে নানান হিংসাত্মক কাৰ্যত লিপ্ত হ’বলৈ লয়৷ এনেদৰেই ১৯৮০ দশকত অসমলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰব্ৰজন ঘটাৰ ফলত তেওঁলোকে অসমৰ সাৰুৱা কৃষিভূমি আৰু নদীৰ পাৰসমূহ দখল কৰি লোৱাৰ ফলত খিলঞ্জীয়া লোকসকলৰ সৈতে বিভিন্ন সংঘৰ্ষত লিপ্ত হৈছিল৷ বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা– ’৮০ দশকৰ এক ক’লা অধ্যায়৷ এই কাহিনী ৰূপালী-মালা, মৰম আৰু ৰাফিজাৰ৷ এই কাহিনী জীৱন আৰু যুদ্ধৰ, সত্য আৰু অসত্যৰ৷ এই কাহিনী আপোনাৰ৷ আমাৰ৷ সহজ-সৰল চহা সমাজৰ৷ চাৰিগৰাকী নাৰীৰ সহ্য-ধৈৰ্য্য, সাহস আৰু ত্যাগৰ হৃদয় কঁপাই যোৱা এটা তেজে ধোৱা এটা কাহিনী– ‘ৰঙাটাপু-১৯৮২’৷ ইপিনে, ছবিখনিৰ ট্ৰেইলাৰ মুক্তিৰ পাছতে ছবিখন চোৱাৰ বাবে নেটিজেনৰ মাজত ব্যাপক উৎসুকতা পৰিলক্ষিত হৈছে৷ বিশেষকৈ ‘কাশ্মীৰ ফাইলছ্‌’ৰ দৰে ঘটনা অসমতো আছে নেকি তাকে লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে৷ বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়ে প্ৰযোজনা কৰা ছবিখনিৰ পৰিচালক আদিত্যম শইকীয়া৷ মুখ্য সহকাৰী পৰিচালক ধনজিৎ দাস আৰু মৃণাল ডেকা৷ সহকাৰী পৰিচালক বিবেক বৰা৷ চিত্ৰগ্ৰহণ কৰিছে কৃষ্ণ শ্বাহে৷ শব্দ সম্পাদনা আৰু সংমিশ্ৰণ কৰিছে অমৃত প্ৰীতমে৷ আৱহ সংগীত কৰিছে অমৃত প্ৰীতম আৰু সুকুমাৰে৷ কণ্ঠদান কৰিছে ৰাকেশ ৰিয়ানে৷ ৰূপসজ্জাত আছে বিজেয়িতা পাটগিৰি৷ সম্পাদনা কৰিছে ৰণ্টু চেতিয়াই৷ চাৰিগৰাকী নাৰীৰ জীৱনশৈলীৰ আধাৰত নিৰ্মিত ছবিখনিত অভিনয় কৰিছে ক্ৰমে– আইমী বৰুৱা, গুঞ্জ ন ভৰদ্বাজ, ৰিম্পী দাস, বিবেক বৰা, কল্পনা কলিতা, ভাগিৰথী, হেমন্ত দেৱনাথ, আলিষ্মিতাকে আদি কৰি বহুতো ন-পুৰণি শিল্পীয়ে৷