চিঠি – সবিতা বেগম

PC Become a Writer Today
চিঠি 
সবিতা বেগম, ৰাধাকুছি, বৰপেটা
প্ৰিয় আকাশ …
কেনে আছা তুমি ? হয়তো ভালেই !!! নতুন জীৱনত নতুন প্ৰেয়সীৰ সতে । বাৰু সময় পালে , মন গ’লে …খবৰ এটা ল’বা মই আজিও তোমাৰ প্ৰতীক্ষাত আশাৰ চাকিগছি জ্বলাওঁ মৌনতাত ….হয়তো আজি কালি মন নাযায় নহয়নে মোৰ পৰা কবিতা শুনিবলৈ , কেনে আছোঁ সুধিবলৈ কি কৰি আছোঁ ভাত খালোঁ নে নাই …। জানা , তোমাৰ কথা সুধি সুধি মুনু মোক স্থিৰে থাকিব নিদিয়ে ….। প্ৰতিটো বিৰতি প্ৰতিটো বিশ্ৰামে তোমাৰ কথাকে সোঁৱৰাই … জৰ্জৰিত মোৰ দিঠক সপোন আল্পনা…!!! বাথৰুমত গ’লেও দৌৰি আহোঁ মোবাইলৰ শব্দ শুনিলে , তুমি ফোন কৰিলা নেকি । পাহৰি যাওঁ, তোমাৰ পৃথিৱীত মই এতিয়া ডাষ্টবিন ! মই কেতিয়াবা খুবেই অবাক হওঁ তুমি সঁচাকৈয়ে পাহৰি গ’লা নে অভিনয় ? তোমাৰ মনত আছেনে ??? তুমি বিশ্বাসৰ সতে দিয়া ঘৰ সংসাৰ সজোৱাৰ প্ৰতিশ্ৰুতি দেখি , সময়ো হিংসা কৰিছিল ৰাতিয়ো লাজত দৌৰিছিল ।কিন্তু … আজি তুমি নিমিষতে , সলনি হৈ গ’লা সুন্দৰতাৰে জগত পোহৰাবলৈ তোমাৰ হয়তো মনত নাই , কথা পাতি পাতি ৰাতি পাৰ কৰিছিলোঁ । গালি খোৱাৰ লাজত , মাকে হেড্ ফোন ছিঙাৰ ভয়ত মৌন হৈ থাকিছিলোঁ টোপনি যোৱাৰ ভাও জুৰি । এতিয়া যদিও সন্দেহৰ ভিন্ন অপবাদত গালি খাব নালাগে তথাপি ভাল নালাগে !!! ৰাতিটোৱে উপহাস কৰি হাঁহে টোপনি যাব নোৱাৰোঁ বুলি …!!! বহুদিন গ’ল ফোন SMS নাই । কেতিয়াবা মনটো খুবেই উন্মাদ হৈ উঠে তোমাৰ স্মৃতি সোঁৱৰি সুধিবলৈ কেনে আছা ন প্ৰেয়সীৰ সতে ঘৰখন …মাকজনী ভালেই আছেনে ? পাৰিলে মাক সহায়তা কৰিবা … অ’ পাহৰি গ’লোঁ …ব্যৱসায় বাণিজ্য ঠিকেই চলিছে নে ??? জানা , হঠাৎ স্তব্ধ হৈ যাওঁ ,অসুবিধা পাবা বুলি…। যোৱা ৰাতি সপোনত দেখা পালোঁ আগতকৈ খীণাইছা ….।আজি চতুৰ্থ ব’হাগ মনটো খুবেই ব্যাকুল …গাটো অসুস্থ , সময়ে সকিয়াই আছে সুন্দৰতম মৃত্যুৰ মাদকতা , ঔষধ খোৱাৰ প্ৰবৃত্তি নাই , ঘৰখনে বুজি নাপায় , মাকজনীকো বুজাব নোৱাৰোঁ । ভিনদেউ – বাইদেউ ফোন কৰি বিভ্ৰান্ত কৰে …! সিহঁতে নাজানে মই অণুজীৱৰ চিকাৰ লকডাউন অমান্য কৰাৰ প্ৰায়শ্চিত্ত …। ম’বাইলটো অফ্ কৰি দিলোঁ ।কাৰেন্ট নাই , মমডাল নুমিবই প্ৰায় এতিয়া আৰু কাকো আমনি কৰাৰ ইচ্ছা নাই ভালে থাকিবা পাৰিলে ক্ষমা কৰি দিবা মই তোমাক আজিও পাহৰিব পৰা নাই । শেষত , ভালে কুশলে থাকিবা নিজৰ প্ৰতি যত্ন লবা ,সময় মতে খোৱা লোৱা কৰিবা ।
ইতি
তোমাৰ কবিতা
                                বৰপেটা