চুটিগল্প
চিটি বাছ
মুন শৰ্মা, লখিমপুৰ
জালুকবাৰী, চান্দমাৰী,উলুবাৰী বশিষ্ঠ– খালি গাড়ী খালি গাড়ী…. ঐ ককাই কেনি যাব!আহক আহক।
মনটো আজি আগতকৈ বেছি ভাল ৰাতুলৰ, আজি সি ছুটি ল’ব, বিহু বুলি প্ৰায় এসপ্তাহ ছুটি বিচাৰিছিল অভয়া গাড়ী খনৰ হেণ্ডিমেন ষোল্ল বছৰীয়া ৰাতুলে।মালিকে ও না নকৰিলে, প্ৰায় ছয় মাহ সি ছুটি লোৱা নাই। এবাৰ ঘৰৰ পৰা আহ্ গৈ যা” বুলি কোৱা পাছতো সি নগ’ল।পিছে এইবাৰ ব’হাগত ,সি ঘৰলৈ যাবলৈ বহু দিনৰ পৰা সাজু হৈ আছে।
লাহে লাহে সময়টো আহি তাৰ সন্মুখত… সন্ধ্যা লাগিবলৈ কিছু সময় বাকী, যোৰহাটলৈ বুলি আহিব লগা বাছ খনত আগেই টিকট কাটি ৰাখিছে সি। গাড়ীৰ কাম সোনকালে সামৰি মালিকৰ ওচৰৰ পৰা আহি পোনে পোনে বজাৰ কৰাত লাগিল সি, মালিকৰ মৰমৰ বাবেই সি মালিকৰ পৰা কিছু থকা বেছি কৈ পোৱা ৰাতুলে, মাক, ভনীয়েক আৰু ভায়েকৰ বাবে কাপোৰ আৰু অলপ মিঠাই, আৰু কিছু বস্তু ঘৰলৈ বুলি কিনি লৈ গাড়ীত বহি পৰিল।
সিফালে সেই দিনা তাৰ যোৰহাটৰ ঘৰ খনটো আনন্দৰ বতাহ বৈছে… তিনিটা প্ৰাণীৰ তাৰ মাক ভনীয়েক আৰু ভায়েকৰ মাজত।ঘৰৰ একমাত্ৰ উপাৰ্জন বুলি সি যেতিয়া তাৰ দেউতাক ঢুকাল, গাঁৱত কৰি খাব পৰা অৱস্থা নাই বাবেই, এদিন গুৱাহাটী লৈ গুচি আহিল, আগতে যোৰহাটত দুই ,তিনি মাহ গাড়ী কামত থকা অভিজ্ঞতাকে কামত লগাই ঘৰ খন চলাই নিয়াৰ দায়িত্বত ললে, বয়সত সৰু যদিও উপায় নাই কৰিব টো লাগিব ন। আৰু এতিয়া গুৱাহাটী লৈ যোৱাৰ পাছৰ পৰা প্ৰ্থমবাৰলৈ ঘৰলৈ বুলি ৰাওনা হৈছে।
মা” মা” দাদা কেতিয়া আহিব, ভনীয়েকৰ উত্তৰ মাকৰ হাঁহি ভৰা উত্তৰ আহি আছে ৰাতিপুৱা পাবহি। মাকৰ মনটো আপাৰ আনন্দ, কিমান দিন যে হ’ল লৰাটো দেখা নাই, হেঁপাহ বোৰ সময়ৰ লগে লগে বেছি হৈ গৈ আছে। কেতিয়াবা মাকে নিজক ধন্য মানে কিমান এটা ভাল সন্তান হলে সি মোক আৰু পৰিয়াল নিজৰ ইমান কম বয়সতে নিজক সুখ আনন্দ বাদ দি ঘৰৰ দায়িত্ব বুজি পাব পাৰে। এনেকুৱা সন্তান সকলোৰে ভাগ্যত নাহে কাৰোবাৰ কেতিয়াবা হে মিলে ধন্য ঈশ্বৰ ধন্য তোমাক।
ৰাতি পুৱাই গল, বেলি মূৰত উঠিল দুপৰীয়া হল কিন্তু ৰাতুল নাহিল, এইটো কি কথা, সি টো কালি গৈ আছোঁ বুলিয়েই কৈছিল অহা নাই কিয়! সন্ধ্যা হল কোনো খবৰ নাই, ক’ত বা গ’ল!সিফালে ভনীয়েক ভায়েকৰ আমনি, মাকে হাঁহি মাৰি উত্তৰ দি আছে আহিব ৰবা, আহিব ৰবা, লাহে লাহে ৰাতি এপৰ হ’ল ৰাতুল নাহিল, তাৰ চিন্তাত মাকৰ টোপনি অহা নাই, সি মিছা কৈ কলে নেকি বাৰু! আহিম বুলি! ভাবি থাকোঁতে ঘৰৰ দুৱাৰত কাৰোবাৰ টোকৰ__
বাইদেউ আছে নে? প্ৰথমে ৰাতুল আহিল বুলি ভাবিছিল, পিছে বাইদেউ বুলি শব্দ শুনি তেওঁৰ ভাবনাত খেলিমেলি লাগি গল, ইমান ৰাতি কোন আহিল! অলপ ভয় ও খালে পিছে বাৰে বাৰে শব্দ আৰু টোকৰ পৰাত উপায় নাপায় ভয়ে ভয়ে দুৱাৰ খন খুলি দিলে,লৰা, আপুনি! ইমান ৰাতি! ককাইদেউ! মানে গাঁও প্ৰধান আহি তাইৰ ঘৰ পালেহি।
হয়, মই বাইদেউ আপোনাৰ বাবে এটা বেয়া খবৰ আছে। হতবাক হৈ পৰিল তাই কি হ’ল ককাইদেউ ? আপোনাৰ লৰা কালি গুৱাহাটী পৰা যোৰহাটলৈ অহা বাছ খন দুৰ্ঘটনা ঘটিল, ফলত আপোনাৰ লৰা থিতাতে মৃত্যু হ’ল। তাৰ ডেডবডীটো_____মেডিকেলত আছে কাইলৈ ৰাতিপুৱা আহি পাবহি। লগে লগে সৰগ ভাগি পৰিল মাকৰ মূৰত। হাই ঈশ্বৰ তোমাৰ এইবোৰ কি লীলা, প্ৰথমে দেউতাকক এতিয়া তাক বুকুৰ পৰা আঁতৰাই নিলা আৰু কি বাকী আছে তোমাৰ এটি সাহস আঁতৰি যোৱাৰ পাছত এটি সাহসে কলি মেলিছিল হে মাত্ৰ কিন্তু তুমি তাকো শেষ কৰি পেলালা, এতিয়া আৰু বুলিব আছে বাৰু আৰু কোন? তুমি কোৱা ঈশ্বৰ, মোক উত্তৰ লাগে অ” মোক উত্তৰ লাগে।