চিকিৎসা মহাবিদ্যালয় স্বীকৃতি বাতিলৰ বিৰোধিতা

Pc East Mojo Assam

চিকিৎসা মহাবিদ্যালয় স্বীকৃতি বাতিলৰ বিৰোধিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ( National Medical Commission)ৰ ইউজি ব’ৰ্ডৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্রীয় চৰকাৰে ভাৰতৰ অন্যান্য ৰাজ্যৰ মেডিকেল কলেজৰ লগতে অসমৰো বহু বছৰৰ পুৰণি সৰ্বপ্ৰথম‌ আধুনিক চিকিৎসা পৰিসেৱা প্ৰদান তথা চিকিৎসা বিজ্ঞান অধ্যয়ন কেন্দ্ৰৰূপে পৰিচিত আৰু সুপ্ৰতিষ্ঠিত, খ্যাতিসম্পন্ন চৰকাৰী চিকিৎসা প্রতিষ্ঠান- গুৱাহাটী মেডিকেল কলেজ আৰু যোৰহাটৰ অসম মেডিকেল কলেজৰ লগতে কিছূ বছৰ পূর্বে স্থাপিত বৰপেটাৰ ফকৰ উদ্দিন আলি আহমেদ মেডিকেল কলেজৰ স্বীকৃতি বাতিলৰ যি সিদ্ধান্ত গ্ৰহন কৰিছে, তাত গভীৰ উদ্বেগ প্রকাশ কৰি অল ইণ্ডিয়া ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীয়ে প্ৰদান কৰা এক প্রেছ বিবৃতিত কয় যে, ৰাজ্যখনৰ বিজেপি পৰিচালিত চৰকাৰখনৰ বহুবল্কী মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ য’তেই যায় তাতেই এখন মেডিকেল কলেজ প্ৰতিষ্ঠাৰ‌ ঘোষণাৰে সংকীৰ্ণ ভোটৰ ৰাজনীতিৰ স্বাৰ্থত নিজক শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠাৰ নিৰ্লজ্জ ভূমিকাৰে জনসাধাৰণক কিদৰে বুৰ্বক সজাইছে সেয়া আৰু এবাৰ প্ৰকটিত ৰাজ্য খনৰ জনসাধাৰণৰ আগত। ইতিমধ্যে সুপ্ৰতিষ্ঠিত মেডিকেল কলেজ সমূহৰ প্ৰয়োজনীয় মানদণ্ড সুনিশ্চিত কৰাৰ কামটোকে‌ অৱহেলা কৰাৰ মাজেৰে ৰাজ্যখনৰ চিকিৎসা ব্যবস্থাৰ ক্ষেত্রত চৰকাৰৰ চৰম উদাসীনতা আৰু ব্যর্থতাকেই তুলি ধৰিছে।ৰাজ্যৰ ঐতিহ্যবাহী পুৰনি মেডিকেল কলেজ তিনিখনত ৰাষ্ট্ৰীয় মানৰ আধুনিক পৰিগাঁথনি গঢ়ি নোতোলা আৰু চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে প্রয়োজনীয় সংখ্যক অধ্যাপক, সহ অধ্যাপক আৰু চিকিৎসা পৰিসেৱা প্রদানৰ বাবে প্রয়োজনীয় সংখ্যক চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মীৰ বেছি ভাগ পদ দীর্ঘ বছৰ ধৰি শূন্য ৰখাৰ ফলতেই এই ঘটনা ঘটিছে। এনে পৰণতি নতুনকৈ গঠন কৰা ৰাজ্য ৰ অন্যান্য মেডিকেল কলেজ সমূহৰ বাবেও লৈ আছে যদিহে আমি সচেতন আৰু সংঘবদ্ধ নহ’ও। আমাৰ দৃঢ় অভিমত এয়ে যে, ৰাজ্য চৰকাৰবোৰৰ চৰম উদাসীনতা আৰু অৱহেলাৰ চিকাৰ হৈ চৰকাৰী শিক্ষা ব্যবস্থাৰ দৰেই‌ মেডিকেল শিক্ষাৰ ক্ষেত্ৰতো ঠিক একেই পৰিণতি হবলৈ গৈছে৷আজি কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যৰ মেডিকেল কলেজ তিনিখনত অধ্যয়নৰত ছাত্র ছাত্রী সকলৰ ভবিষ্যতকো চৰম অনিশ্চয়তাৰ পিনে ঠেলি দিছে। সেয়েহে, আমি অতি যুদ্ধকালীন তৎপৰতাৰে স্বীকৃতি বাতিল হোৱা মেডিকেল কলেজসমূহত যথা প্ৰয়োজনীয় পৰিগাথনি গঢ়ি তুলি মেডিকেল কলেজ তিনিখনৰ স্বীকৃতি ঘুৰাই পোৱাৰ বাবে প্ৰতিষ্ঠান তিনিখনত চিকিৎসা বিজ্ঞান অধ্যয়নৰ উপযুক্ত মান পুনৰুদ্ধাৰত তৎপৰ হ’বলৈ চৰকাৰৰ ওচৰত দৃঢ় দাবী জনাওঁ। লগতে আমি ৰাজ্যত নতুনকৈ গঢ়ি তোলা প্রত্যেকখন চৰকাৰী মেডিকেল কলেজত প্রয়োজনীয় সংখ্যক উপযুক্ত শিক্ষক নিয়োগ আৰু পৰিগাথনি গঢ়ি তোলাৰ বাবে দাবী জনাও আৰু এই দাবী পূৰণৰ বাবে মেডিকেল কলেজৰ ছাত্র ছাত্রীসকলকো আগুৱাই আহিবলৈ আমি আহ্বান জানাও।