চিকিৎসা ব্যৱস্থাৰ চেলেঞ্জ আৰু দায়িত্ব – প্ৰাণজিৎ মজুমদাৰ

চিকিৎসা ব্যৱস্থাৰ চেলেঞ্জ আৰু দায়িত্ব

প্ৰাণজিৎ মজুমদাৰ
 বনিয়াপাৰা,ছয়গাঁও

চিকিৎসা পেচা কেৱল এটা ব্যৱসায় নহয়—ই হৈছে এক সঁচা জনসেৱাৰ পথ। এজন চিকিৎসকৰ মূল লক্ষ্য হৈছে ৰোগীলৈ সুস্থতাৰ পথ দেখুওৱা আৰু তেওঁৰ জীৱনত আশা সঞ্চাৰ কৰা। কিন্তু আজিৰ যুগত চিকিৎসা ক্ষেত্ৰও বহুত চেলেঞ্জৰ সন্মুখীন হৈছে।

অসমত গাঁও-চহৰ সকলো ঠাইত উন্নত চিকিৎসা সুবিধা পোৱাৰ ক্ষেত্ৰত এক বৈষম্য দেখা যায়। মহানগৰসমূহত উন্নত হস্পিটেল আৰু আধুনিক যন্ত্ৰপাতি উপলব্ধ হলেও গ্ৰামাঞ্চলত এতিয়াও প্রাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰয়োজনীয় ডাক্তাৰ, নার্স আৰু চিকিৎসা সামগ্ৰীৰ অভাৱ অনুভূত হয়। ফলত বহু ৰোগী চিকিৎসা নোপোৱা অৱস্থাত জীৱন হেৰুৱাবলগীয়া পৰিস্থিতিত পৰে।

অন্যদিশে, চিকিৎসক-ৰোগীৰ মাজত আস্থা গঢ়ি তোলাটোৱে বৰ্তমান সময়ত এক গুৰুত্বপূর্ণ বিষয় হৈ পৰিছে। সামাজিক মাধ্যম আৰু আধুনিক যুগত চিকিৎসা পেচাৰ ওপৰত অনাবশ্যক সন্দেহ উদ্ভৱ হোৱাৰ লগতে চিকিৎসকৰ ওপৰত আক্রমণৰ ঘটনাও বৃদ্ধি পাইছে। এইক্ষেত্ৰত জনসচেতনতাৰ লগতে চিকিৎসকসকলে সহানুভূতি, সময়োপযোগী পৰামৰ্শ আৰু সঠিক চিকিৎসাৰ যোগান ধৰাটো আৱশ্যক।

চিকিৎসা পেচাত সৰ্বশ্ৰেষ্ঠ উপাদান হৈছে মানবতা। ঔষধ আৰু যন্ত্ৰপাতি মানুহক সুস্থ কৰিব পাৰে, কিন্তু এজন চিকিৎসকৰ মমতা আৰু সহানুভূতি ৰোগীৰ মনোবল পুনৰুদ্ধাৰ কৰিবলৈ অমূল্য। এজন চিকিৎসকক উচিত—প্ৰযুক্তি আৰু আধুনিক বিজ্ঞানৰ সৈতে মানৱীয় মূল্যবোধক একেলগে আগবঢ়োৱা।

চিকিৎসা হৈছে জীৱন ৰক্ষাৰ শপত, আৰু এই শপতক ৰক্ষা কৰিবলৈ চিকিৎসক, চৰকাৰ আৰু সমাজ—সকলোকে একেলগে আগবাঢ়িব লাগিব। তেতিয়াহে সুস্থ সমাজৰ স্বপ্ন পূৰণ হ’ব।