চিকিৎসা বিজ্ঞানৰ মতে ৰোজাৰ উপকাৰিতা – নাছিৰ আহমেদ

চিকিৎসা বিজ্ঞানৰ মতে ৰোজাৰ উপকাৰিতা

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

ইছলাম ধৰ্মৰ পবিত্র কোৰানৰ মতে আৰবী ভাষাত ৰোজাক ছাউম, ছাওম বা ছিয়াম বুলি কোৱা হয়। ফাৰ্চী ভাষা মতে ৰোজা ; যাৰ মূল উৎস হৈছে ৰুজে। আৰবী কেলেণ্ডাৰ মতে নৱম মাহ পবিত্ৰ ৰমজান মাহত ( যি আৰবী ধাতু ৰামিয়া  বা আৰ ৰামম ৰ পৰা উদ্ভৱ‌ যাৰ অৰ্থ তাপমান বা শুষ্কতা ) ছুবহ ছাদেক অৰ্থাৎ ৰাতিপুৱাৰ পৰা  ফজৰৰ আজান আৰম্ভ হোৱাৰ পৰা সূৰ্যাস্ত লৈকে মগৰীবৰ আজান ধ্বনি উচ্চাৰণ হোৱাৰ আগলৈকে সকলো প্ৰকাৰৰ পানাহাৰ,পাপাচাৰ, যৌন কৰ্ম আৰু যাবতীয় ভোগ- বিলাসৰ পৰা নিজকে সম্পূৰ্ণ ৰূপে বিৰত ৰখাই হ’ল ৰোজা।

চিকিৎসা বিজ্ঞানী সকলে গৱেষণা কৰি সম্পূৰ্ণ ৰমজান মাহটোত ৰোজা পালন কৰাৰ উপকাৰিতা সম্বন্ধে বিতংকৈ আলোচনা আগবঢ়াইছে।

হৃদৰোগৰ চিকিৎসক ম্যাটছনে উল্লেখ কৰিছে যে, ৰোজা ৰখাৰ ফলত শৰীৰৰ অতিৰিক্ত ওজন হ্ৰাস কৰাত সহায় কৰে আৰু ৰক্তচাপ,কোলেষ্টেৰল আৰু হৃদৰোগৰ অন্যান্য সূচকসমূহক উন্নত কৰে। গৱেষণাত দেখা গৈছে যে, ৰোজাই গ্লুকোচৰ মাত্ৰা কমাই দিয়ে ,  GH ৰ নিঃসৰণক উদ্দীপিত কৰে আৰু প্ৰোল্যাকটিনৰ নিঃসৰণক বাধা প্ৰদান কৰে।

স্বাস্থ্য বিজ্ঞানী ডাঃ আব্ৰাহম জে হেনৰীয়ে ৰোজা সম্পৰ্কে কৈছে যে, ৰোজা হ’ল পৰম হিতৈষী ঔষধ বিশেষ। কাৰণ ৰোজা ৰখাৰ ফলত বাতৰোগ , বহুমূত্ৰ , অজীৰ্ণ, হৃদৰোগ তথা ৰক্তচাপ জনিত ৰোগত মানুহে কম আক্ৰান্ত হোৱা দেখা যায়। আৰু গৱেষণাত দেখা গৈছে যে,পেপটিক আলচাৰত ভোগা ৰোগীয়ো স্বাচ্ছন্দ্য অনুভৱ কৰে।

ইফতাৰ (ৰোজা খোলা)আৰু ছেহেৰীত ( ৰোজা ৰখা) নিয়মীয়াকৈ ফলমূল খালে ৰক্তচাপ নিয়ন্ত্ৰণ হয় আৰু স্বাভাৱিক হয় ।( প্ৰবন্ধঃ Effect of Religious fasting in Ramadan on Blood pressure : Results From LORANS ( London Ramadan Study and  a Analysis)

 তুৰস্কৰ গৱেষক সকলে ইৰাণ, মিছৰ, কুয়েট সহ আৰু কেইবাটাও দেশত কৰা ষোল্লটা গৱেষণা পত্ৰ একত্ৰিত কৰি দেখুৱাইছে যে, ৰোজা ৰখাৰ ফলত নাৰী-পুৰুষ উভয়ৰে ৰক্ত চুগাৰৰ মাত্ৰা আগতকৈ বেছি উন্নত হৈছে। আলাদা ভাৱে ইন্দোনেছিয়াৰ গৱেষক সকলে ২৮ টি গৱেষণা একত্ৰ কৰি দেখুৱাইছে যে ৰোজা ৰখাৰ ফলত ডায়বেটিক ৰোগীসকলৰ ডায়েবেটিচ নিয়ন্ত্ৰণত থাকে।

মানৱ-দেহৰ অভ্যন্তৰত বৃহদান্ত্ৰ আৰু ক্ষুদ্ৰান্ত্ৰত অসংখ্য উপকাৰী জীৱাণু বসবাস কৰে ; যিবোৰে শৰীৰৰ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও স্বাস্থ্য ভালে ৰাখে।ৰোজা ৰখাৰ ফলত এই উপকাৰী জীৱাণুসমূহৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই শৰীৰৰ উপকাৰ কৰে।

১৯৯৭ চনত ” দেহৰ সজীৱ পুষ্টিৰ ইতিবৃত্ত” শিৰোনামেৰে পৰিচালিত এক গৱেষণাত প্ৰমাণিত হৈছে যে, ৰোজা মানৱ-দেহৰ দূষিত কলেষ্টেৰল ও ট্ৰাইগ্লিছাৰাইড হ্ৰাস কৰে আৰু পবিত্ৰ কলেষ্টেৰল বৃদ্ধি কৰে। ইয়াৰ জৰিয়তে মানুহৰ হৃদযন্ত্ৰক কাৰ্ডিও ভাছকুলাৰ ৰোগৰ পৰা পৰিত্ৰাণ কৰে।( দৈনিক আল-আৰাবিয়া ৮ জুলাই-২০১৪)

কিডনী সমস্যাত ভুগি থকা ৰোগী সকলে ৰোজা ৰাখিলে কিডনীত সঞ্চিত পাথৰ আৰু চূণ দূৰীভূত হয়।

স্বাস্থ্য বিজ্ঞানী সকলৰ মতে ৰোজা ৰখাৰ উপকাৰিতা হ’ল, গোটেই বছৰ ধৰি ন্যূনতম আহাৰ গ্ৰহণ, অতিভোজ,কুখাদ্য,অখাদ্য আৰু ভেজাল খাদ্য খোৱাৰ ফলত আমাৰ শৰীৰত যি জৈৱ বিষ জমা হয়,সি শৰীৰৰ বাবে মাৰাত্মক ক্ষতিকাৰক। একমাহ ধৰি ৰোজা ৰখাৰ ফলত সি অতি সহজেই মষিমূৰ হয়।

চিকিৎসক সকলৰ মতে ৰোজাই আমাৰ মস্তিষ্কৰ ছেৰিবেলাম আৰু লিমৰিক চিষ্টেমৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধি হোৱাৰ বাবে মনৰ অশান্তি, দুশ্চিন্তা আৰু মানসিক উত্তেজনা হ্ৰাস হৈ মানুহৰ মন মঙ্গলময় আৰু প্ৰফুল্লমণ্ডিত হৈ পৰে।

ডাঃ আইজাক জেনিংছে মন্তব্য আগবঢ়াইছে যে, যিবিলাক মানুহে আলস্য, গোড়ামী বা অতি ভোজনৰ বাবে জীৱনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই হতাশাগ্ৰস্ত হৈ আত্মহত্যাৰ পথ বাচি লবলৈ অগ্ৰসৰ হয়, একমাত্ৰ ৰোজাই তেওঁক এই মহা বিপজ্জনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বিশ্ববিখ্যাত চিকিৎসা বিজ্ঞানী নাষ্টাবাৰনাৰে উল্লেখ কৰে যে, যিবিলাক মানুহে ফুচফুচৰ কাহ, কঠিন কাহ ,চৰ্দি আৰু ইনফ্লুৱেঞ্জাত আক্ৰান্ত, তেওঁলোকে কেইবাদিন ৰোজা বা উপবাস থাকিলেই এই কঠিন ৰোগৰ পৰা হাত সাৰিবলৈ সক্ষম হয়।

ন’বেল পুৰস্কাৰ বিজয়ী ঔষধ আৰু শল্য চিকিৎসাৰ প্ৰখ্যাত ডাঃ অ্যালেকছিছে তেওঁৰ গৱেষণা পত্ৰত উল্লেখ কৰিছে যে, ৰোজা ৰখাৰ ফলত লিভাৰৰ ৰক্ত সঞ্চালন দ্ৰুত হয় ; ফলত ত্বকৰ তলত সঞ্চিত চৰ্বি, পেশীৰ প্ৰ’টিন, গ্ৰন্থিসমূহ আৰু লিভাৰৰ কোষবোৰ আন্দোলিত হয়।

স্বাস্থ্য বিজ্ঞানী ডাঃ শ্বেলটনে তেওঁ লিখা ” Superior Nutrition” গ্ৰন্থত উল্লেখ কৰিছে যে, ৰোজা থকাৰ সময়ত শৰীৰৰ মধ্যকাৰ প্ৰ’টিন,চৰ্বি, শৰ্কৰা জাতীয় পদাৰ্থসমূহ স্বয়ং ভাৱে পাচিত হয়। ফলত গুৰুত্বপূৰ্ণ কোষবোৰৰ পুষ্টি সাধন হয়।

প্ৰাকৃতিক বিজ্ঞানী সকলৰ মতেও দিনৰ ভাগত খাদ্যাদি গ্ৰহণৰ অভ্যাস সলনি কৰি ৰাতিৰ ভাগত খাদ্যাদি গ্ৰহণ কৰিলে শাৰীৰিক উৎকৰ্ষ সাধন হয়।

ৰোজাৰ ওপৰত গৱেষণা কৰি বিস্ময়কৰ তথ্য দি ২০১৬ চনত ন’বেল বঁটা লাভ কৰিছিল জাপানী গৱেষক আৰু বিজ্ঞানী অছিনৰি অছুমি। তেওঁ কৈছিল যে, মুছলমান সকলে যাক ৰোজা বুলি কয়,তাক মই কওঁ ‘ অটোফেজি’। আমি নিয়মীয়াকৈ দৈনিক খাদ্য সামগ্ৰী ভোগ কৰি থকাৰ ফলত বেছিভাগ ক্ষেত্ৰতে খাদ্যাদি ঠিক মতে হজম নহৈ কিছুমান অলাগতীয়াল ক্ষতিকাৰক পদাৰ্থ পেটৰ ভিতৰত জমা হৈ নানা জটিল ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হয়। গতিকে, এমাহলৈ ৰোজা ৰখাৰ ফলত অনাকাংক্ষিত পদাৰ্থসমূহ হজম হৈ শৰীৰ ৰোগ-মুক্ত হৈ স্বাস্থ্য সুন্দৰ হৈ পৰে। এই পদ্ধতিৰ নামেই হ’ল ‘অটোফেজি’।

নিঃসন্দেহে, ইছলাম ধৰ্মৰ পাঁচ বিধ স্তম্ভৰ ভিতৰত চতুৰ্থ স্তম্ভ ৰোজা ৰখাৰ ফলত ধৰ্মীয় ভাৱে ইহকাল আৰু পৰকালৰ বাবে যথেষ্ট উপকাৰ সাধন হোৱাৰ  উপৰিও চিকিৎসা বিজ্ঞানৰ মতেও শাৰীৰিক আৰু মানসিক বিকাশত বৰঙণি আগবঢ়োৱা দেখা যায়।

অৱশ্যে,অতিৰিক্ত উচ্চ ৰক্তচাপ, নিয়ন্ত্ৰণহীন ডায়েবেটিচ বা বহুমূত্ৰ ৰোগ, হৃদপিণ্ড বা কিডনী বিকল হ’লে বা জীৱন সংহাৰী কঠিন দুৰাৰোগ্য ব্যাধিৰ ক্ষেত্ৰত ৰোজা ৰখা অৱশ্যম্ভাৱী নহয়।