চিকিৎসা বিজ্ঞানৰ বিশেষ অধিবেশন

চিকিৎসা বিজ্ঞানৰ বিশেষ অধিবেশন

ৰঙিলী বাৰ্ত্তাসেৱা- ২০/৬/২০২৩ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগ আৰু District Health Society, Kamrup (metro) under National Tuberculosis Elimination Programme অৰ্থাৎ নেচনেল টিউবাৰ ক্যলচিচ ইলিমিনেচন প্ৰগামৰ অধীনস্থ জিলা স্বাস্থ্য সমিতিৰ (কামৰূপ মহানগৰ জিলা) উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত “ৰিচেন্ত আপদেত্চ অন টিবি মেনেজমেন্ট” শীৰ্ষক এক বিশেষ অধিবেশন (চি এম ই) অনুষ্ঠিত কৰা হয়। আৰম্ভণিতে কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ যুতিকা ওজাই বিষয়বস্তুৰ উদ্দেশ্য আৰু আদৰণি ব্যাখ্যা আগবঢ়ায়। এগছি বন্তি প্ৰজ্বলনৰে চি এম ইৰ শুভাৰম্ভ কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই উদ্ধোধনী ভাষণত যক্ষ্মাৰোগৰ প্ৰতিকাৰ আৰু প্ৰতিৰোধৰ ওপৰত ব্যক্তব্য আগবঢ়াই । কমিউনিটি মেডিচিন বিভাগ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অন্যান্য বিশেষজ্ঞ চিকিৎসক সকলে আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীয়ে উক্ত অধিৱেশনত অংশগ্ৰহণ কৰে । কেইবাগৰাকী বিশেষ সমল ব্যক্তিয়ে “ৰিচেন্ত আপদেত্চ অন টিবি মেনেজমেন্টৰ” অন্যান্য দিশৰ বিষয়ে বক্তৃতা প্ৰদান কৰে । উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ National Tuberculosis Elimination Programmeৰ মূল উদ্দেশ্য হৈছে অহা দুবছৰ অৰ্থাৎ ২০২৫ চনৰ ভিতৰত যক্ষ্মাৰোগ ভাৰত বৰ্ষৰ পৰা সম্পূৰ্ণৰূপে দূৰীকৰণ কৰা। এই যক্ষ্মাৰোগৰ দূৰীকৰণৰ দিশত চৰকাৰে গ্ৰহণ কৰা কিছু আঁচনি যেনে যক্ষ্মাৰোগৰ বিষয়ে সজাগতা গঢ়ি তোলা, চৰকাৰৰ বিনামূলীয়া চিকিৎসাসেৱা,ঔষধ বিতৰণ, বিনামূলীয়া পুষ্টিকাৰক আহাৰ যোগান, কিছুমান বিশেষ ৰোগৰ লগত যক্ষ্মাৰোগৰ চিকিৎসা পদ্ধতি প্ৰণালী আদিৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ ডাঃ অভিজিত বসু, বিশ্ব স্বাস্থ্য সংস্থাৰ ডাঃ ধ্ৰুৱজ্যোতি ডেকা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ বসন্ত হাজৰিকা, অধ্যাপিকা ডাঃ মৰমী দাস, সহকাৰী অধ্যাপক ডাঃ অংশুমান দত্ত তথা বিশ্ব স্বাস্থ্য সংস্থাৰ ডাঃ পলাশ তালুকদাৰৰ বক্তৃতাৰে চি এম ই সূচাৰুৰূপে সম্পাদন কৰা হয়। সৰ্বশেষত কামৰূপ মহানগৰ জিলাৰ যক্ষ্মাৰোগ বিষয়া ডাঃ মৃদুল ভাৰতী নাথে শলাগৰ শৰাই আগবঢ়ায়।