চিকিৎসকৰ বাসগৃহৰ পৰা ২,৯০০ কেজি বিস্ফোৰক উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰ আৰক্ষী আৰু হাৰিয়ানা আৰক্ষীৰ যৌথ অভিযানত জম্মু আৰু ফৰিদাবাদৰ দুগৰাকী চিকিৎসকৰ কবলৰ পৰা প্ৰায় ২,৯০০ কেজি বিস্ফোৰক আৰু বহু মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হয়। উত্তৰ প্ৰদেশৰ ছাহাৰাণপুৰত সন্ত্রাসবাদী সংগঠন জইচ-ঈ-মহম্মদৰ প’ষ্টাৰ লগোৱাৰ অভিযোগত এজন কাশ্মীৰী চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত দিল্লীৰ সমীপৰ ফৰিদাবাদত চিকিৎসক মোজাম্মিল ছাকিলৰ ঘৰত তালাচী চলোৱাত ৩৫০ কেজি বিস্ফোৰক, এটা ৰাইফল আৰু বহু সক্রিয় গুলী উদ্ধাৰ হয়। সন্দেহজনক চিকিৎসকগৰাকীক অধিক সোধা-পোছাৰ বাবে অভিযান চলোৱাত জম্মুত থকা তেওঁৰ দ্বিতীয়টো ভাৰাঘৰত তালাচী চলোৱাত আৰু অতিৰিক্ত ২,৫০০ কেজিৰো অধিক বিস্ফোৰক উদ্ধাৰ হয়। ইফালে, আৰক্ষীয়ে ভাৰাঘৰত এখন বাহন আৰু মাৰাত্মক অস্ত্র-শস্ত্র উদ্ধাৰ কৰে। অনুসন্ধানৰ পিছত আৰক্ষীয়ে জানিব পাৰে যে এই বাহনখন তেওঁৰ সহকৰ্মী এগৰাকী মহিলা চিকিৎসকৰ। এইগৰাকী মহিলা চিকিৎসকেও কাশ্মীৰৰ আলফালাহ হাস্পতালৰ সমীপত ভাৰাঘৰত থাকি একেখন চিকিৎসালয়তে কাম কৰিছিল। আৰক্ষীৰ তদন্তত বাহনখনৰ পৰা তিনিটা মেগজিন, ৮৩ ৰাউণ্ড কার্টিজসহ এটা ৰাইফল, আঠটা গুলীভর্তি পিষ্টল, দুটা খালী কার্টিজ, দুটা অতিৰিক্ত মেগজিন, আঠতা ডাঙৰ ছুটকেছ, চাৰিটা সৰু ছুটকেছ আৰু সন্দেহজনক বিস্ফোৰক ৰাসায়নিক সামগ্রী জব্দ কৰে। বাহনখনত বেটাৰীসহ ২০টা টাইমাৰ, ২৪টা ৰিম’ট কন্ট্রোল, ৫ কেজি গধুৰ ধাতু, ৱাকি টকি ছেট, বৈদ্যুতিক তাঁৰ, বেটাৰী আৰু অন্যান্য নিষিদ্ধ সামগ্রীও উদ্ধাৰ কৰা হৈছে।

জানিব পৰা মতে, জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই গোচৰৰ তদন্তত জইচ-ঈ-মহম্মদ আৰু আনাচাৰ গাজৱাট উল-হিন্দ সংগঠন দুটাৰে জড়িত থকাৰ তথ্য লাভ কৰিছে। এইপর্যন্ত দুজন চিকিৎসককে ধৰি আঠজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তাৎপৰ্যপূৰ্ণ এই যে পাকিস্তানত থকা সন্ত্রাসবাদী ঘাটিত ভাৰতে আক্ৰমণ কৰাৰ পিছত প্রতিশোধৰ লক্ষ্যৰে এই দুই সংগঠনে ভাৰতত সন্ত্রাসবাদক নতুন ৰূপ দিবলৈ জেন্না জেহাদীক সক্ৰিয় কৰি তুলিছে। ইয়াৰ বাবে গঠন কৰিছে মহিলা ব্রিগেড। দিল্লীক ৰক্তাক্ত কৰিবলৈ মহিলা ব্রিগেডৰ সহায়ত দুই সন্ত্রাসবাদী সংগঠনে বিভিন্ন কৌশল ৰচনা কৰিছে।উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ বিস্ফোৰকে ইয়াৰে ইংগিত দিয়া বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। ভাৰতৰ বিৰুদ্ধে প্রতিশোধ ল’বলৈ জইচ-ঈ-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ ভগ্নী সদিয়াৰ নেতৃত্বত নতুন মহিলা ব্রিগেড গঠনৰ কথা সদৰী কৰে। বহাৱলপুৰৰ মাৰ্কাছ-ওছমানও আলীৰ পৰা এই সংগঠনটো গঠন কৰিছিল জঈচে। নতুন মহিলা ব্রিগেডৰ নাম জামাত-উল-মমিনা। এই জামাত-উল-মমিনাতে জম্মু-কাশ্মীৰ, উত্তৰ প্ৰদেশ আৰু দক্ষিণ ভাৰতৰ কিছু অংশত ইয়াৰ প্ৰভাৱ বিস্তাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ছ’চিয়েল মিডিয়া, বিশেষকৈ হোৱাটছএপ আৰু ফেচবুকৰ জৰিয়তে নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছে মহিলা সংগঠনটোৱে।
