চিকল চেল ৰোগ (Sickle cell Disease) ডাঃ যুতিকা ওজা

চিকল চেল ৰোগ (Sickle cell Disease)

ডাঃ যুতিকা ওজা
মুৰব্বী অধ্যাপিকা
কমিউনিটি মেডিচিন বিভাগ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

মানুহৰ তেজত সাধাৰণতে প্লাজমা, শ্বেত ৰক্তকনা, লোহিত ৰক্ত কনা আৰু প্লেটিলেট থাকে। ইয়াৰে লোহিত ৰক্ত কনাৰ কোষবোৰত হিম’গ্লৱিন নামৰ এবিধ প্র’টিন পোৱা যায় যিয়ে শৰীৰত অক্সিজেন যোগান ধৰাত সহায় কৰে আৰু তেজক ৰঙা ৰং প্রদান কৰে। সাধাৰণতে লোহিত ৰক্তকনা সমূহ অৱতল ৰূপৰ, কিন্তু ই সহজতে নিজৰ গঠন আৰু ৰূপ সলনি কৰিব পাৰে যাৰ ফলস্বৰূপে ই অনায়াসে সকলো ধৰণৰ ৰক্তনলীৰে পাৰ হৈ যাব পাৰে চিক’ল চেল ৰোগ (Sickle cell Disease) হৈছে এক বংশগত ৰোগ, য’ত শৰীৰৰ লোহিত ৰক্ত কণাসমূহ প্রভাৱিত হয়, জেনেটিক বিসংগতিৰ বাবে হিম’গ্লৱিন প্রভাৱিত হয় আৰু লোহিত ৰক্তকনাৰ গঠন কাঁচি খনৰ নিচিনা হৈ পৰে।ইয়াৰ ফলত লোহিত ৰক্ত কনাবোৰ সহজতে ৰক্তবাহী নলীৰে পাৰ হৈ যাব নোৱাৰা হয়, আৰু ৰক্ত আৰু অক্সিজে’ন প্রৱাহত বাধা জন্মে। সাধাৰন লোহিত ৰক্ত কনাৰ আয়ুস কাল ১২০ দিন, কিন্তু কাঁচিৰ নিচিনা ৰক্তকনা সমূহৰ আয়ুস কেৱল ১০ ৰ পৰা ২০ দিন। ফলত ক্রমান্বয়ে আক্রান্ত ৰোগীজন ৰক্তহীনতাত ভুগিবলৈ আৰম্ভ কৰে। লগতে বিভিন্ন ধৰনৰ সংক্ৰামক ৰোগ, বিষ, শৰীৰৰ বিভিন্ন অংশ ফুলি উঠা, আৰম্ভ হয় আৰু ক্রমান্বয়ে ৰোগীজনৰ- যকৃৎ, হাওফাও, মগজু আদি অংগ বিকল হ’বলৈ আৰম্ভ কৰে।

সমগ্র বিশ্বৰ ভিতৰত ভাৰতবর্ষতেই পাহাৰীয়া জাতি- জনজাতিৰ ঘনত্ব সকলোতকৈ বেছি । ২০১১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষত ৮.৬ শতাংশ পাহাৰীয়া জাতি- জনজাতি আছে যি ৬৭.৮ মিলিয়নতকৈও অধিক। এই পাহাৰীয়া জাতি- জনজাতি সকলৰ মাজত চিকল চেল ৰোগৰ (sickle ell discase) আক্রান্তৰ হাৰ খুব বেছি। ভাৰতবর্ষত প্রথমবাৰৰ বাবে ১৯৫২ চনত দক্ষিন ভাৰতৰ নীলগিৰি পর্বতৰ আশে পাশে আৰু উজনি অসমৰ চাহ বাগানৰ মজদুৰ সকলৰ মাজত এই ৰোগ ধৰা পৰিছিল। ভাৰতবর্ষৰ গুজৰাট, ৰাজস্থান, উত্তৰাখণ্ড, মহাৰাষ্ট্র, বিহাৰ, ঝাৰখণ্ড, মধ্য প্রদেশ, ছত্তীশগড়, উৰিষ্যা, পশ্চিমবঙ্গ, তামিলনাডু, তেলেংগানা, অন্ধ্রপ্রদেশ, কর্নাটক, কেৰেলা, উত্তৰ প্রদেশ, অসম আদি ৰাজ্যত এইৰোগৰ হাৰ খুব বেছি। অসমৰ ডিব্ৰুগড়, যোৰহাট আৰু তিনিচুকীয়া জিলাত এই ৰোগৰ হাৰ বেছি।

এই ৰোগৰ লক্ষণসমূহ হৈছে সঘনাই হৈ থকা শৰীৰৰ বিষ, ৰক্তহীনতা, অলস ভাৱ, হাত-ভৰি ফুলি থকা, জণ্ডিছ, চকুৰ সমস্যা, বৃদ্ধিত বাধা, হৃদযন্ত্ৰৰ ৰোগ, বৃক্ক, যকৃৎ আদিৰ দুর্বলতা, আদি।

সঠিক ৰক্তপৰীক্ষাৰ দ্বাৰা এই ৰোগ সহজতে চিনাক্ত কৰিব পাৰি আৰু সময়মতে সুচিকিৎসাৰ দ্বাৰা এই ৰোগ নিয়ন্ত্রণত ৰাখিব পাৰি। শৰীৰত হোৱা বিষ ক’মাবৰ বাবে বিভিন্ন ধৰণৰ দৰব আছে। লগতে বুকুৰ বিষ আৰু সংক্ৰমণৰ ৰোধৰ বাবে এন্টিবায়’টিক, অক্সিজেন যোগান, ৰক্ত সংচৰণ(Blood Transfusion) আদিৰ ব্যবস্থা আছে। ইয়াৰ লগতে আনুসংগিক বিকাৰসমূহৰ চিকিৎসাৰ ব্যবস্থা আছে। যিহেতু এইৰোগ বংশগত ৰোগ, ইয়াক নির্মূল কৰিব নোৱাৰি, সেয়েহে উপযুক্ত চিকিৎসাৰ দ্বাৰা এইৰোগ নিয়ন্ত্ৰণত ৰখাৰ ব্যবস্থা কৰা উচিত। ‘জিন থেৰাপী’ ৰ গৱেষণাই আগন্তুক দিনত এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী ভূমিকা গ্রহণ কৰিব বুলি আশা কৰিব পাৰি।

২০৪৭ চনৰ ভিতৰত চিকল চেল ৰোগ (sickle cell Disease) ভাৰতবৰ্ষত নির্মূল কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে। ২০২৩ চনত ভাৰত চৰকাৰে আৰম্ভ কৰা “ৰাষ্ট্রীয় চিকল চেল এনিমিয়া নির্মূল অভিযান”ৰ জৰিয়তে এই ৰোগত আক্রান্ত ৰোগীক সহজতে সঠিক চিকিৎসা আৰু ৰোগৰ হাৰ হ্রাস কৰাৰ বাবে পদক্ষেপ হাতত লোৱা হৈছে। প্ৰাৰম্ভিক পর্য্যায়ৰ প্ৰতিৰোধ (Primary Prevention) হিচাপে ৰাইজৰ মাজত এই ৰোগক সজাগতা বৃদ্ধিৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰা হৈছে।

যিহেতু এইৰোগ বংশানুক্রমিক, সেয়েহে বিবাহ পূর্বক এই ৰোগৰ বিষয়ে পৰামর্শ প্রদানৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে যাতে নতুনকৈ কোনো লোক এই ৰোগৰ দ্বাৰা আক্রান্ত নহয়। যিসকল লোক ইতিমধ্যে এই ৰোগত আক্রান্ত তেওঁলোকৰ ক্ষেত্রত বিশেষ চিকিৎসা সকলো পর্য্যায়তে উপলব্ধ কৰা, আৰু গুৰুতৰ ভাৱে আক্রান্ত ৰোগীসকলৰ ক্ষেত্ৰত ৰোগৰ জটিলতা হ্রাস কৰা আদি এই অভিযানৰ ভিতৰত সামৰি লোৱা হৈছে। জনজাতীয় অঞ্চলসমূহত স্বেচ্ছাসেৱী সংস্থা (NGO) সমূহেও এইৰোগ প্রতিহত কৰাৰ বাবে নিৰলস প্রচেষ্টা কৰি আছে। অনাতাঁৰ, দূৰদৰ্শন, বাতৰি কাকত, সামাজিক মাধ্যম সমূহেও এইৰোগৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন কার্য্যসূচী হাতত লৈছে এই ৰোগৰ গুৰুত্বৰ প্রতি লক্ষ্য ৰাখি প্রতিবছৰে জুন মাহৰ ১৯ তাৰিখে বিশ্ব চিকল চেল দিৱস (World Sickle cell Day) হিচাপে পালন কৰাৰ ব্যবস্থা কৰা হৈছে। জনসাধাৰণ সজাগ আৰু সচেতন হ’লেহে আমি আগন্তুক দিনত এই ৰোগৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিব পাৰিম ।