চাৰ্জশ্বীট দাখিলৰ পাছতে আৰম্ভ হ’ব চৰকাৰী একচনঃ মুখ্যমন্ত্ৰী

চাৰ্জশ্বীট দাখিলৰ পাছতে আৰম্ভ হ’ব চৰকাৰী একচনঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চাৰ্জশ্বীট সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ চাৰ্জশ্বীট অহা ৮-১০ ডিচেম্বৰৰ ভিতৰত দাখিল কৰাৰ কথা পুনৰ দোহাৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপৰ সময়ছোৱাত জুবিনক্ষেত্ৰত সৃষ্টি হোৱা অনাহুত পৰিস্থিতিৰ বিষয়টোত মুখ্যমন্ত্রী ড° শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে চার্জশ্বীট দাখিল কৰাৰ পাছতে জুবিনক্ষেত্ৰত চৰকাৰী একচন আৰম্ভ হ’ব। ৮ ডিচেম্বৰতেই চার্জশ্বীট দাখিলৰ প্ৰচেষ্টা আছে। কিবা কাৰণত ১০ ডিচেম্বৰ হ’লেও হ’ল। এতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। ১০ ডিচেম্বৰৰ পাছত বাউণ্ডেৰী বাল আদি সকলো কৰিম। জুবিন গাৰ্গক লৈ কংগ্রেছে সুবিধা ল’ব বিচাৰিছে নেকি বুলি সোধা প্রশ্নৰ বিপৰীতে মুখ্যমন্ত্রী ড° শৰ্মাই কয়, কংগ্ৰেছে এটা নিৰৰ্থক প্রচেষ্টা কৰি আছে। কাৰণ জুবিন গাৰ্গ কংগ্ৰেছ-বিজেপি-চিপিআই-চিপিএম সকলোৰে। কোনো এটা দলৰ নহয়। কিন্তু তেওঁলোকে জুবিন গাৰ্গক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টা কোনো মানুহে ভাল নাপায়। তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে দুটা ভোট বেছিকৈ কমিব, নাবাড়ে। কেতিয়াবা গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ এটা গানৰ কেইটামান দফা গাই দিব পাৰিব নেকি? তেওঁলোকে জীৱনকালত জুবিন গাৰ্গক কেতিয়াও সন্মান দিয়া নাছিল। ইফালে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ চার্জশ্বীট দাখিলৰ পাছত ডিচেম্বৰ মাহতে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তানৰে গোপন সম্পৰ্কৰ তথ্য প্রকাশ কৰা হ’ব বুলি তেওঁ সদৰী কৰে। তেওঁ কয় যে এতিয়াই গৌৰৱ গগৈৰ বিষয়টোলে আহিব খোজা নাই। কাৰণ মনোযোগ আনফালে গুচি যাব পাৰে। সেয়েহে চার্জশ্বীট দাখিলৰ পাছতে গৌৰৱ গগৈৰ প্ৰসংগ আহিব।