চাৰি দিনে জলবন্দী গুৱাহাটীৰ কেইবাটাও অঞ্চল

pc Times of India

চাৰি দিনে জলবন্দী গুৱাহাটীৰ কেইবাটাও অঞ্চল

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰকৃতিৰ ৰোষত গুৱাহাটী মহানগৰ।মুষলধাৰ বৰষুণত স্তব্ধ হৈ পৰিছে জনজীৱন।গুৱাহাটীৰ ভিন্ন প্ৰান্তত এতিয়াও কেৱল পানী আৰু পানী।কৃত্ৰিম বানক লৈ গুৱাহাটী মহানগৰত নাজল-নাথল অৱস্থা।নেৰানেপেৰা বৰষুণৰ বাবে মহানগৰীৰ বহু ঠাই জলমগ্ন হৈ পৰিছে।চতুৰ্থ দিনাও কৃত্ৰিম বানৰ কবলত মহানগৰৰ বিভিন্ন অঞ্চল।গুৱাহাটীৰ কেইবাটাও অঞ্চলৰ লোক চাৰি দিনে জলবন্দী হৈ আছে।কৃত্ৰিম বানত বিকল হৈ পৰিছে বহুতৰে বাহন।মহানগৰৰ ৰাজপথত গাড়ীৰ সলনি চলিছে ৰেপিড’ৰ কলৰ ভূঁৰ।ৰুক্মিণীগাঁৱত ৰাজপথত চলিছে ভূঁৰ।এতিয়াও অপৰিৱৰ্তিত ৰুক্মিণীগাঁৱৰ বান পৰিস্থিতি।কলৰ ভূঁৰেৰে ইপাৰৰ পৰা সিপাৰলৈ বহুলোকক পাৰ কৰিছে।উল্লেখযোগ্য যে,প্ৰাকৃতিক দুৰ্যোগৰ বাবে আজিও মহানগৰত শিক্ষানুষ্ঠান বন্ধ ৰখাৰ পৰামৰ্শ উপায়ুক্তৰ৷যাৰ বাবে কামৰূপ মহানগৰ জিলাত বৃহস্পতিবাৰে পুনৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই দ্বিতীয় দিনাৰ বাবে সকলো বিদ্যালয়/মহাবিদ্যালয় (চৰকাৰী আৰু ব্যক্তিগত) বন্ধ ৰখাৰ পৰামৰ্শ দিয়ে।ইপিনে ধাৰাষাৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মহানগৰবাসীক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবৰ বাবে কাকো অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবৰ বাবে আহ্বান জনাই জিলা প্ৰশাসনে ৰেড এলাৰ্ট জাৰি কৰে।ভূমিস্খলন প্ৰৱণ তথা জলমগ্ন এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰাৰ বাবে সকলোকে প্ৰশাসনৰ তৰফৰ পৰা আহ্বানো জনোৱা হৈছে।