চাৰিদিনীয়াকৈ আয়োজন কৰা বয়ন প্রশিক্ষণ কর্মশালা’ৰ  শুভ উদ্বোধনী

চাৰিদিনীয়াকৈ আয়োজন কৰা বয়ন প্রশিক্ষণ কর্মশালা’ৰ  শুভ উদ্বোধনী

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত, গুৱাহাটি জিলা মহিলা মৰ্চাৰ সহযোগত আৰু অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্র শিল্প সঞ্চালকালয়ৰ তত্বাৱধানত ৩০ মাৰ্চৰ পৰা ২ এপ্ৰিললৈকে চাৰিদিনীয়াকৈ আয়োজন কৰা বয়ন প্রশিক্ষণ কর্মশালা’ৰ  শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰীযুত ভৱেশ কলিতা, ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, বিশিষ্ট শিপিনী পদ্মশ্ৰী সন্মানেৰে সন্মানিত হেমপ্রভা চুতীয়া, গুৱাহাটি মহানগৰ জিলাৰ সভাপতি তপন দাস, গুৱাহাটি মহানগৰ জিলাৰ মেয়ৰ মৃগেন শৰণীয়া, ডেপুটি মেয়ৰ স্মিতা ৰয়, গুৱাহাটি মহানগৰ জিলাৰ মহিলা মৰ্চাৰ সভানেত্রী জবা ইংতি, ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত, বিশিষ্ট সাংবাদিক নীতুমণি শ‍ইকীয়া, পাৰিষদ ৰত্না সিং, পাৰিষদ নীলম জ্যোতি ভূঞা, বিশিষ্ট অভিনেতা জয়ন্ত দাস, বিশিষ্ট নাগৰিক ৰবীন ডেকা, প্রবীণ খেলুৱৈ মুকুট দাস। উক্ত মঞ্চতে অসমৰ স্বাভিমান পামোচাত অসমৰ জাতীয় সংগীত, জাতীয় জীৱনৰ পুৰোধ্য ব্যক্তিসকলৰ প্ৰতিচ্ছবি আৰু অসমৰ সাতামপুৰুষীয়া সাংস্কৃতিক প্রতিচ্ছবি বোৱা তামুলপুৰ জিলাৰ নিৱাসী বিজয় দাস আৰু গামোচাত দশাৱতাৰৰ প্ৰতিচ্ছবি অংকন কৰি তেখেতৰ অসাধাৰণ প্ৰতিভাৰ পৰিচয় দাঙি ধৰা গোলাঘাট জিলাৰ নিৱাসী কাজল দাসক সম্বৰ্দ্ধনা জনোৱা হয়। সভাত বিশিষ্ট শিপিনী হেমপ্রভা চুতীয়াই কেনেকৈ তাঁতশালত গুণমালা, নামঘোষা ইত্যাদি কিমান কষ্টেৰে বয় খুব সুন্দৰ ভাবে বিশ্লেষণ কৰে। ৰাজ্যিক মহিলা মৰ্চা সভানেত্ৰী আঙুৰলতা ডেকাই কয় যে হেমপ্রভা চুতীয়াই আগন্তুক দিনত তাঁতশালত যি সৃষ্টি কৰিব তাৰ বাবে সা-সঁজুলি মহিলা মৰ্চাৰ তৰফৰপৰা তেখেতক যোগান ধৰাৰ ব্যৱস্থা কৰা হব। ইয়াৰ পিছতে বিশিষ্ট শিপিনী হেমপ্রভা চুতীয়াৰ সৃষ্টিৰাজি প্ৰদৰ্শনৰ লগতে প্ৰশিক্ষণ কর্মশালা শুভাৰম্ভণি কৰে।