চাৰিগৰাকী নতুন বিধায়কে লাভ কৰিব মন্ত্ৰীত্বৰ দায়িত্ব
ৰঙিলী বাৰ্ত্তাসেৱা- দীর্ঘদিনীয়া জল্পনা-কল্পনা আৰু চৰ্চাৰ অন্ত পেলাই অৱশেষত ৭ ডিচেম্বৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটিব। বিগত প্রায় এবছৰ ধৰি মন্ত্রীসভাৰ সম্প্ৰসাৰণক লৈ চলি থকা চৰ্চা আৰু বিভিন্ন আলোচনাৰ অন্তত অহা শনিবাৰলৈ চাৰিজন বিধায়কে মন্ত্রীৰূপে শপত ল’ব। সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্রকাশ কৰা অনুসৰি ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিধায়ক প্রশান্ত ফুকন, লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই লাভ কৰিব মন্ত্রিত্ব। উল্লেখ্য যে উপ-নির্বাচনৰ পাছতেই মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটিব বুলি পূর্বেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। সেই অনুসৰিয়ে চাৰিজনকৈ বিধায়কক মন্ত্রীসভাত অন্তর্ভুক্তিৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ কৰিব তেওঁৰ মন্ত্রীসভা।উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ জৰিয়তে সাংসদ হোৱা পৰিমল শুক্লবৈদ্যৰ স্থানৰ লগতে মন্ত্রীসভাত আন তিনিটা স্থান খালী হৈ আছিল। ইফালে মন্ত্রীসভাত স্থান লাভৰ পাছতে উৎফুল্লিত হৈ পৰিছে চাৰিবাৰৰ বিধায়ক প্রশান্ত ফুকন। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক বিশেষ ধন্যবাদ জ্ঞাপন কৰি প্রশান্ত ফুকনে কয়-মোক গুৰুত্বপূৰ্ণ স্থান দিয়াৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা সময়ছোৱাত মই ডিব্ৰুগড়তে মোৰ দায়িত্ব পালন কৰি আছিলোঁ। এতিয়া মোৰ দায়িত্বৰ পৰিসীমা বৃদ্ধি হ’ল। সমগ্ৰ অসমতে ৰাইজৰ হৈ মই দায়িত্ব পালন কৰিবলৈ সাজু। আনহাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সময়োপযোগী সিদ্ধান্ত গ্রহণ কৰাৰ বাবে তেওঁ সুযোগ লাভ কৰিলে বুলি উল্লেখ কৰি কয় যে বিগত দীর্ঘসময় ধৰি মন্ত্ৰিত্বৰ বাবে এটা আশা পুহি ৰাখিছিলোঁ যদিও সময়োপযোগী আৰু সংস্থাপনৰ ব্যৱস্থা সঠিক নোহোৱা বাবে মই সুযোগ লাভ কৰা নাছিলোঁ। এই সুযোগ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মোক প্রদান কৰিলে। এতিয়া মোৰ দায়িত্ব হ’ব অসমৰ ৰাইজৰ বাবে কাম কৰা। ইফালে উজনি অসমৰ চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে ৰূপেশ গোৱালাই মন্ত্রিত্ব লাভ কৰাটোৱে বিশেষ তাৎপর্য বহন কৰিছে। ২০১৬ চনত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ডুমডুমাত পৰাজিত হোৱা ৰূপেশ গোৱালাই ২০২১ চনত বিজেপিৰ প্রার্থী ৰূপে জয়লাভ কৰিবলৈ সক্ষম হয়। মন্ত্রী সঞ্জয় কিষাণৰ স্থানত ৰূপেশ গোৱালাক মন্ত্রীসভাত অন্তর্ভুক্ত কৰা বিষয়টোৱে যথেষ্ট চর্চা লাভ কৰিছে। আনহাতে বৰাক উপত্যকাৰ পৰা পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ মন্ত্রিত্ব লাভৰ সম্ভাৱনা পূৰ্বৰ পৰাই আছিল। পৰিমল শুক্লবৈদ্যৰ স্থানত কৃষ্ণেন্দু পালৰ মন্ত্রিত্ব লাভৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল হৈছিল শেহতীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৰাক ভ্ৰমণৰ সময়তে। দুবাৰকৈ পাথাৰকান্দি সমষ্টিৰ পৰা জয়ী হৈ অহা কৃষ্ণেন্দু পাল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাপেও পৰিচিত। অৱশ্যে মন্ত্রীসভাৰ এই সম্প্ৰসাৰণত লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়ৰ অন্তর্ভুক্তি যথেষ্ট তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। প্ৰথমবাৰৰ বাবে লক্ষীপুৰ সমষ্টিৰ পৰা বিজেপি প্রার্থী হিচাপে জয়ী হৈ অহা কৌশিক ৰায়ে দলীয় সাংগঠনিক কাম-কাজত শেহতীয়াকৈ যথেষ্ট সক্ৰিয় হৈ পৰিছিল। অহা ৭ ডিচেম্বৰৰ দুপৰীয়া ১২ বজাত মন্ত্রীসভাত স্থান পোৱা এই আটাইকেইজনে শপতগ্ৰহণ কৰিব বুলিও সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে স্পষ্ট কৰিছে।