চাৰিগৰাকী খেলুৱৈক নিলম্বন অসম ক্ৰিকেট সন্থাৰ

Pc NDTV Sports

 চাৰিগৰাকী খেলুৱৈক নিলম্বন অসম ক্ৰিকেট সন্থাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম ক্ৰিকেট সন্থাই শেহতীয়াকৈ চাৰিগৰাকী খেলুৱৈক নিলম্বন কৰিছে। ক্রিকেট খেলৰ সৈতে সম্পর্কিত দুর্নীতিৰ ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত অসম ক্রিকেট সন্থাই অমিত সিন্হা, ঈশান আহমেদ, অমন ত্রিপাঠী আৰু অভিষেক ঠাকুৰীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে। উক্ত চাৰিজন খেলুৱৈয়ে ২৬ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত ছৈয়দ মুস্তাক আলী ট্রফীত অংশগ্ৰহণ কৰা বৰ্তমানৰ অসম দলৰ একাংশ খেলুৱৈক প্ৰভাৱিত কৰা আৰু উচটনি দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উত্থাপন হোৱাৰ পিছতে বিচিচিআইৰ দুর্নীতিবিৰোধী আৰু নিৰাপত্তা ইউনিটে তদন্ত চলায়। অসম ক্রিকেট সন্থায়ো অপৰাধমূলক গোচৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু সেই অনুসৰি উল্লিখিত চাৰিজন খেলুৱৈৰ বিৰুদ্ধে গুৰুতৰ অনিয়ম আৰু ক্রীড়াৰ সুনাম তথা অখণ্ডতাত প্রভাৱ পেলাব পৰা অসৎ কার্যত জড়িত হোৱাৰ কথা প্রমাণিত হয়। পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ যিকোনো পৰিসৰ হ্ৰাস কৰিবলৈ খেলুৱৈসকলক নিলম্বন কৰা হৈছে। অসম ক্রিকেট সন্থাই উক্ত চাৰিজন খেলুৱৈৰ বিৰুদ্ধে গুৱাহাটীৰ অপৰাধ শাখাতো গোচৰ দাখিল কৰিছে।