চাহ শ্ৰমিক আমি – ছেলিমা বেগম

PC - Krishi Jagran Assam
চাহ শ্ৰমিক আমি
ছেলিমা বেগম
চাহ গছৰ মাজে মাজে সোণ বিচাৰি পাওঁ এবেলি
আমি অসমৰ চাহ শ্ৰমিক বাগিচাৰ চম্পা, চামেলি।
এটি কলি দুটি পাত লাজুকী লাজুকী হাত
ৰ’দ বৰষুণ নেওচি শ্ৰম কৰি জীৱন নিৰ্বাহ কাম ।
দেহাটো আমাৰ ক’লা চামৰাৰে আৱৰা
ৰ’দে পুৰি ক’লা হৈয়ে থাকক গাৰ বৰণ।
ওৰেটো দিন বাগানত থাকি অৰ্থ উপাৰ্জনত ব্যস্ত
উচিত মূল্য সদায় বিচাৰি ঘূৰি ফুৰোতে কষ্ট।
বাগানত থাকি কাম কৰি দেশৰ উন্নতি আনিম
চাহ শ্ৰমিক নাম পাই সুখী হৈ থাকিম।
ক’ত চৰকাৰ আহে আৰু যায়
উচিত মূল্য শ্ৰমিকসকলে নাপায়।
চাহ গছৰ মাজে মাজে ঝুমুৰ নৃত্য কৰিম
লাল শ্বাৰী বগা পাৰি পেৰমে পায়েল লাগাব।
অসম দেশৰ বাগিছাৰে ছোৱালী
 ঝুমুৰ ঝুমুৰ নৃত্য কৰিম ধেমালি।