চাহ শ্রমিকক ১৩ মাৰ্চৰ পৰা ভূমিপট্টা দিয়াৰ অভিযান আৰম্ভ কৰিব ৰাজ্য চৰকাৰে

চাহ শ্রমিকক ১৩ মাৰ্চৰ পৰা ভূমিপট্টা দিয়াৰ অভিযান আৰম্ভ কৰিব ৰাজ্য চৰকাৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰে অহা ১৩ মাৰ্চৰ পৰা ৰাজ্যৰ চাহ শ্রমিকসকলক ভূমিপট্টা দিয়াৰ অভিযান আৰম্ভ কৰিব । ভূমিপট্টা দিয়াৰ পিছতেই চাহ শ্রমিকসকলৰ সেই স্থানত পিএমএৱাইৰ বাসগৃহ নিৰ্মাণ কৰি দিয়া হ’ব। এইক্ষেত্রত ভাৰত চৰকাৰে ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে ।  মুখ্যমন্ত্রী ড° শর্মাই সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰি কয় যে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানক তেওঁ এই বিষয়ে অৱগত কৰে আৰু কেন্দ্ৰীয় মন্ত্রী চৌহানে ভাৰত চৰকাৰৰ হৈ এইক্ষেত্ৰত সন্মতি প্রকাশ কৰে। অৱশ্যে ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে কিমান চাহ শ্রমিকক পিএমএৱাইৰ বাসগৃহ দিব লাগিব, তাৰ বাবে এক জৰীপ কৰিব। মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে ভাৰত চৰকাৰক চাহ শ্রমিকক পিএমএৱাইৰ বাসগৃহ দিবলৈ সন্মতি কৰাটো আমাৰ বাবে এটা ঐতিহাসিক কাম।