চাহ বাগিছাৰ ৰাইজৰ উন্নয়নৰ একমাত্ৰ কৃতিত্ব বিজেপি চৰকাৰৰ : বিজেপি অসম প্ৰদেশ
ৰঙিলী বাৰ্ত্তাসেৱা– চাহ বাগিছাত এতিয়া উন্নয়নৰ ৰাজনীতি চলে ! ভূৱা অপপ্ৰচাৰৰ ৰাজনীতি এতিয়া অসমৰ চাহ বাগিছাত নচলে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু এজন ডিব্ৰুগড়ৰ জোঁৱাই অপূৰ্ব কুমাৰ ভ্ৰটাচাৰ্য্যক লগত লৈ বাগিচাই বাগিচাই কেতবোৰ মনেসজা ভিত্তিহীন ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত অপপ্ৰচাৰেৰে চাহ শ্ৰমিক ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লুটাৰ অপচেষ্টাত লিপ্ত হৈছে । চাহ বাগিচাৰ ৰাইজ এতিয়া সজাগ আৰু সচেতন । সেয়েহে অসমৰ প্ৰতিখন চাহ বাগিচাৰ ৰাইজ উন্নয়নৰ সৈতে আছে , বিজেপিৰ সৈতে আছে , নৰেন্দ্ৰ মোডী আৰু ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছে ।আজি ডিব্ৰুগড়ত এক সংবাদমেলত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্তই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰত্যাহ্বান জনাই কয় , কংগ্ৰেছে এতিয়া চাহ শ্ৰমিক ৰাইজৰ ওচৰলৈ গৈ ক্ষমা খোজা উচিত । কাৰণ কংগ্ৰেছে দীৰ্ঘদিন ধৰি চাহ বাগিচাৰ ৰাইজক শোষণ বঞ্চনা কৰি আহিছে ।কংগ্ৰেছৰ নেতাসকলে এতিয়া চাহ বাগিচাত গৈ লাজ পাইছেনে নাই বুলি প্ৰশ্ন কৰি মুখপাত্ৰজনে কয় , অৰ্ধশতিকা চাহ বাগিচাৰ ৰাইজৰ ভোটেৰে শাসনলৈ অহা কংগ্ৰেছৰ কাৰ্য্যকালত চাহ বাগিচাৰ লাইনৰ ৰাইজে উন্নয়নৰ মুখ দেখা নাছিল । এতিয়া চাহ বাগিচাৰ লাইনৰ ৰাস্তা পকীকৰন হৈছে । ঘৰে ঘৰে শৌচাগাৰ নিৰ্মাণ হৈছে । ঘৰে ঘৰে বেংকৰ একাউন্টত ধন জমা হৈছে । ঘৰে ঘৰে ৰন্ধন গেছৰ সংযোগ হৈছে । ঘৰে ঘৰে বিশুদ্ধ খোৱাপানীৰ সংযোগ হৈছে । চাহ শ্ৰমিক ৰাইজে পকীঘৰ লাভ কৰিছে । প্ৰত্যোকঘৰ চাহ শ্ৰমিকে ৰেচন কাৰ্ড লাভ কৰিছে । আয়ুস্মান ভাৰত আঁচনিত পাঁচলাখ টকাৰ চিকিৎসাৰ সহায়তাৰ নিশ্চিতি লাভ কৰিছে । এয়া বিজেপি চৰকাৰৰ নেতৃত্বতহে সম্ভৱ হৈছে । এয়া ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তত্বাবধানত সম্ভৱ হৈছে । চাহ বাগিচালৈ যোৱা পকী পথটো , মাংৰী উৰাং ৰংগ মঞ্চখন , চাহ বাগিছাৰ হাইস্কুলখন , চিকিৎসালয়খন দেখি কংগ্ৰেছৰ নেতা সকলে লাজ পোৱা উচিত । কাৰন চাহ শ্ৰমিক ৰাইজৰ কল্যানৰ কাৰনে এইসমূহ চিন্তা তেওলোকৰ মনলৈ অহা নাছিল । কিন্তু বিজেপি মিত্ৰজোঁটৰ চৰকাৰে চাহ বাগিছাত মহাপ্ৰভূ জগন্নাথ মন্ডপ , ষ্টেডিয়াম , স্পৰ্টচ একাডেমীৰ দৰে বৃহৎ অনুস্ঠান স্থাপন কৰিছে ।ভূপেন বৰা আৰু অপূৰ্ব ভ্ৰটাচাৰ্য্যক কতাক্ষ কৰি মুখপাত্ৰজনে কয় , দুইজন ডিব্ৰুগড়ৰ জোঁৱাই শহুৰৰ ঘৰত বেছিদিন থাকিলে কণ্ডল আৰম্ভ হ’বই । তেওঁলোকে চাহ বাগিচাত বিজেপি চাবলৈ আহিছিল । মিটিং বিলাকত ত্ৰিছ চল্লিছজন ৰাইজে তেওঁলোকক লগ দিছে । এয়া তেওঁলোকৰ অধিকাৰ আমাৰ কব লগা নাই । কিন্তু বাগিছাই বাগিছাই মিথ্যাচাৰ অপপ্ৰচাৰ চলোৱাটো তেওঁলোকে বন্ধ কৰক । কাৰণ এতিয়া চাহ বাগিচাৰ ৰাইজ সজাগ আৰু সচেতন । আৰু চাহ শ্ৰমিক ৰাইজ বিজেপি দলৰ লগত আছে ।আজিৰ সংবাদ মেল খনত ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ উপ সভাপতি তথা ডিব্ৰুগড়ৰ পৌৰপতি ডা০ সৈকত পাত্ৰ , অবিচি মৰ্চাৰ অসম প্ৰদেশৰ উপ সভাপতি উৎপল নেওঁগ আৰু সংবাদ কোষৰ সদস্য বিষ্ণু কোঁচ উপস্থিত আছিল ।