চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ৰ শিক্ষকৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত ৰাজ্যৰ চাহ বাগিচা মডেল স্কুল আৰু আদর্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্ৰহণ কৰে।মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্রী ড° শর্মাই কয় যে চাহ বাগিচা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰলৈ গুণগত পৰিৱৰ্তন অনাৰ উদ্দেশ্যে অসম চৰকাৰে ৰাজ্যৰ ৮০খন চাহ বাগিচাত ২০০খন মডেল স্কুল নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। সেই সিদ্ধান্ত কাৰ্যকৰী কৰি ২০২২ চনৰ নৱেম্বৰ মাহত ১১৮খন হাইস্কুলৰ শিলান্যাস কৰা হৈছিল আৰু বৰ্তমানে চাহ বাগিচা এলেকাত এই বিদ্যালয়সমূহ কার্যক্ষম হৈ উঠিছে। এই চাহ বাগিচাৰ হাইস্কুলত বর্তমানলৈকে ৩৫ হাজাৰলৈ শিক্ষার্থী বৃদ্ধি পাইছে। মডেল স্কুলসমূহৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে চাহ বাগিচাত নতুনকৈ ৮০খন মডেল স্কুল মুকলি কৰিব। মডেল স্কুলসমূহৰ সংখ্যা বৃদ্ধিৰ লগে লগে ৰাজ্য চৰকাৰে এই বিদ্যালয়সমূহত আন্তঃগাঁথনিৰ বিকাশৰ ওপৰতো সমানে গুৰুত্ব আৰোপ কৰিছে। মুখ্যমন্ত্ৰী ড° শর্মাই পুনৰ কয় যে এনে বিদ্যালয়সমূহত নিযুক্তি লাভ কৰা শিক্ষকসকলৰ সেৱাবিধি উন্নয়নৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰ দায়বদ্ধ। মাজে-সময়ে বিদ্যালয়সমূহত শিক্ষার্থীৰ ড্রপ আউটৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি এই সমস্যাৰ সমাধানৰ এক অন্যতম পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে মধ্যাহ্ন ভোজন যোগান ধৰাৰ কথা বিবেচনা কৰিছে। এই পদক্ষেপৰ ফলস্বৰূপে প্রাক্ প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলেও দুপৰীয়াৰ আহাৰৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। মত বিনিময়ৰ সময়ছোৱাত মুখ্যমন্ত্রী ড° শৰ্মাই মডেল স্কুলসমূহৰ শিক্ষকৰ সংখ্যা, শিক্ষাৰ্থীৰ উপস্থিতি আৰু উত্তীৰ্ণৰ হাৰ আদিৰো বুজ লয়। তেওঁ কয় যে এই বিদ্যালয়সমূহত স্মার্ট ব’ৰ্ড আৰু স্মার্ট ক্লাছৰুম স্থাপনৰ বাবে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব। এই মত বিনিময় কার্যসূচীতে মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যত চলি থকা ৫৭খন আদর্শ বিদ্যালয়ৰ সম্পৰ্কেও শিক্ষা বিভাগৰ পৰা সবিশেষ বুজ লয়। এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে আদর্শ বিদ্যালয়সমূহ শিক্ষার্থীসকলক উচ্চ মানসম্পন্ন শিক্ষা প্ৰদানৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভা, সৃষ্টিশীলতা আৰু মূল্যবোধৰ বিকাশ ঘটাবলৈ আৰু পিছপৰা দুৰ্গম অঞ্চলত শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে স্থাপন কৰা হৈছে। এই লক্ষ্যপ্ৰাপ্তিৰ দিশত তথা এই বিদ্যালয়সমূহক শিক্ষাৰ উৎকৃষ্টতাৰ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰিবলৈ মুখ্যমন্ত্রীয়ে প্রধান শিক্ষকসকলক আহ্বান জনায়। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্য চৰকাৰে বি এড পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে চাহ বাগিচা মডেল স্কুল আৰু আদর্শ বিদ্যালয়সমূহত এবছৰীয়া ‘এপ্রেন্টিছ প্রশিক্ষণ’ কার্যসূচীক আনুষ্ঠানিকতা প্ৰদানৰ বাবে ব্যৱস্থা গ্রহণ কৰিব। প্রধান শিক্ষকসকলৰ আহ্বানলৈ সঁহাৰি জনাই যিসমূহ বিদ্যালয়ত চাৰিসীমাৰ বেৰ নাই তেনে বিদ্যালয়সমূহত বেৰ নিৰ্মাণৰ পদক্ষেপ লোৱা হ’ব। তদুপৰি, পিছপৰা, দুর্গম অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বিদ্যালয়লৈ অহা-যোৱা কৰা সুচল কৰি উপস্থিতি বৃদ্ধিৰ লক্ষ্যৰে তেনে অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক ষষ্ঠ শ্রেণীৰে পৰা বাইচাইকেল প্রদান কৰা হ’ব। সাম্প্রতিক সময়ত দক্ষ কৰ্মশক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্য চৰকাৰে মডেল স্কুল আৰু আদর্শ বিদ্যালয়ত নৱম আৰু দশম শ্ৰেণীৰ শিক্ষার্থীৰ বাবে দক্ষতা বিকাশ কাৰ্যসূচী প্ৰৱৰ্তন কৰিব। তেওঁ লগতে কয় যে শিক্ষার্থীসকলক বিদ্যালয়লৈ আহিবলৈ উৎসাহিত কৰাৰ বাবে আৰু তেওঁলোকৰ স্বাস্থ্যৰ যতন লোৱাত সহায় হোৱাকৈ ৰাজ্য চৰকাৰে শিক্ষার্থীসকলৰ বাবে বাধ্যতামূলক স্বাস্থ্য পৰীক্ষাৰ লগতে স্কুল ব্রেকফাষ্ট কাৰ্যসূচী ৰূপায়ণৰ বাবে চিন্তা-চৰ্চা কৰি আছে। ইফালে আজি এই কাৰ্যসূচীৰ মাজতে এগৰাকী প্রধান শিক্ষকে ম’বাইল ফোনেৰে ফেচবুক লাইভকৰি থকা বিষয়টোক লৈও কিছু খর্গহস্ত হৈ পৰে মুখ্যমন্ত্রী ড° শৰ্মা। মত বিনিময়ৰ মাজতে শিক্ষকগৰাকীয়ে ম’বাইল হাতত লৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ থিয় হোৱাত মুখ্যমন্ত্ৰীয়ে ক্ষোভিত হৈ পৰে। প্ৰধান শিক্ষকগৰাকীক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য আছিল- ম’বাইলটো আগত লৈ মাইকত কথা কোৱা এইটো কি ষ্টাইল? এজন প্রধান শিক্ষকৰ এইবিলাক কিধৰণৰ টেনডেঞ্চী? প্রধান শিক্ষক এগৰাকীৰ আচৰণ আৰু কথা কোৱা ভংগী কি হ’ব লাগে, সেয়া জনাৰ প্ৰয়োজন বুলিও শিক্ষকগৰাকীক ভর্ৎসনা কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে প্রধান শিক্ষকসকলৰ দৰমহা নিয়মীয়া নোহোৱা বিষয়টোক লৈও মুখ্যমন্ত্রীয়ে সমগ্র শিক্ষা মিছন সঞ্চালক ওম প্ৰকাশৰ ওপৰত ক্ষোভ ব্যক্ত কৰে। শিক্ষকসকলৰ দৰমহা সময়মতে দিবলৈও মুখ্যমন্ত্রীয়ে আজি সঞ্চালকগৰাকীক স্পষ্ট নির্দেশ দিয়ে। এই মত বিনিময় কার্যসূচীত শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেণ্ড, শ্রমিক কল্যাণ তথা চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, চাহ জনজাতি কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° জে বি এক্কাৰ লগতে আন শীর্ষ বিষয়াসকল উপস্থিত থাকে।