চাহ জনগোষ্ঠী – আদিবাসীলৈ মাটিৰ পট্টা কেতিয়া ? — আপ
কংগ্ৰেছ – বিজেপি চাহ জনগোষ্ঠীৰ প্ৰতাৰক
ৰঙিলী বাৰ্ত্তাসেৱা- বহিৰাগত পুঁজিপতিক হাজাৰ হাজাৰ বিঘা মাটি গতাই দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ভুমিপুত্ৰ চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক মাটিৰ পট্টা কেতিয়া দিব ? নে ঝুমুৰ বিনন্দিনী অনুস্থিত কৰিয়েই শ্ৰমজীৱি জনগোষ্ঠীটোক যুগ যুগ ধৰি মাটিৰ পট্টাৰ পৰা বঞ্চিত কৰি ৰাখিব ? মুখ্যমন্ত্ৰীলৈ এই প্ৰশ্ন আম আদমি পাৰ্টী, অসম (আপ) ৰ ৰাজ্যিক সাধাৰণ সম্পাদক(সংগঠন)ৰাজীব শইকীয়াৰ ৷ এক প্ৰেছ বিবৃতিত আপৰ নেতাজনে ক্ষোভেৰে কয়, কংগ্ৰেছ প্ৰায় ৬০টা বছৰ কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনত থাকিল, কিন্তু দলটোয়ে ভুৱা প্ৰতিশ্ৰুতিৰে চাহ জনগোষ্ঠী – আদিবাসী সকলক এই ক্ষেত্ৰত চূড়ান্ত প্ৰৱঞ্চনা আৰু প্ৰতাৰণা কৰিলে ৷ ঠিক একেদৰে ২০১৬ ত এই জনগোষ্ঠীক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতিৰে বিজেপি ৰাজ্যৰ ক্ষমতালৈ আহিল ৷ কিন্তু দলটোয়ে আজি ন টা বছৰ অতিক্ৰম কৰিলে, কিন্তুু প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৷ আনহাতে অগপ দলেও ইয়াৰ মাজতে দুটা কাৰ্যকাল ৰাজ্য শাসন কৰিলে ৷ কিন্তু অগপ চৰকাৰেও জনগোষ্ঠীটোৰ মাটিৰ পট্টা সমস্যা দূৰ কৰিব নোৱাৰিলে ৷ কংগ্ৰেছ – বিজেপি – অগপ ই চাহ জনগোষ্ঠী – আদিবাসী সকলক প্ৰতাৰণা কৰি আহিছে বুলি অভিযোগ কৰি আপৰ নেতা ৰাজীব শইকীয়াই বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাই কয়, যদি সাহস আছে তেন্তে বিজেপিয়ে তৎকালে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি চাহ জনগোষ্ঠী – আদিবাসী সকলক মাটিৰ পট্টা প্ৰদান কৰক ৷ আম আদমি পাৰ্টী ক্ষমতালৈ আহিলে জনগোষ্ঠীটোৰ সকলো মৌলিক সমস্যা সমাধান কৰা হ’ব বুলি মত প্ৰকাশ কৰি আপৰ নেতাজনে আগন্তুক নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছক প্ৰতাৰণাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ চাহ জনগোষ্ঠী – আদিবাসী ৰাইজলৈ আহ্বান জনায় ৷