চাহ জনগোষ্ঠীৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সুৰজিৎ একাডেমীৰ পুতলা নাচ পৰিৱেশন
ৰঙিলী বাৰ্ত্তাসেৱা- পুতলা নাচ অসমৰ লোক সম্পদ। এই কলাক প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপক বিনীতা দেৱী আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় চিনিয়ৰ ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মা শৰ্মাই অহৰহ প্ৰচেষ্টা চলায় আহিছে। অসমৰ বিভিন্ন ঠাইত কৰ্মশালা, আলোচনা চক্ৰ, পুতলা নাচ পৰিবেশন কৰি আহিছে। অসমৰ প্ৰতিটো অঞ্চলত পুতলা নাচৰ বিষয়ে যাতে জনসাধাৰণ তথা শিশু, যুৱ প্ৰজন্মই জানিব পাৰে তাৰ ব্যবস্থা কৰি আহিছে। তাৰ এক বৃহৎ কাৰ্য্যক্ৰম দেখা গৈছে সুৰজিৎ একাডেমীয়ে ডিব্ৰুগড়ৰ সেৱা প্ৰতিষ্ঠানৰ সহযোগত চাহ জনগোষ্ঠীৰ মাজত সজাগতা আনিবলৈ যোৱা ১২ জুলাইৰ পৰা উজনি অসমৰ লগতে নামনি অসমৰ চাহ বাগানসমূহত পুতলা নাট পৰিৱেশন কৰি আছে । এই অভিযান প্ৰায় দুমাহলৈকে চলিব। এই কাৰ্যক্ৰমে পুতলা নাচ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে । পুতলা নাটৰ কাহিনী সমূহত চাহ বাগানৰ কৰ্মৰত মহিলা-পুৰুষৰ শিক্ষা, স্বাস্থ্য, অন্ধবিশ্বাস, পৰিস্কাৰ-পৰিচ্ছন্নতা, মাদকদ্ৰব্যৰ অপব্যৱহাৰ নিবাৰণ আদি সজাগতামূলক দিশসমূহ দাঙি ধৰিছে। পুতলা নাট পৰিচালনা কৰিছে সংগীত নাটক অকাডেমীৰ ওস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ প্ৰাপক বিনীতা দেৱীয়ে আৰু পৰিকল্পনা কৰিছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ফেল’শ্বিপ প্ৰাপক সীমান্ত শৰ্মাই। পুতলা পৰিৱেশন কৰিছে হেমেন সেনাপতি, ধ্ৰুৱজ্যোতি কলিতা, প্ৰণৱ জ্যোতি ৰাভা আৰু মনোজ নাথ। পুতলা সমূহ তৈয়াৰ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সহযোগ কৰিছে তৃষ্ণা কলিতা, হাৰ্দিক শৰ্মা, কৃষ্টি ৰাজবংশী, দীপা মহন্ত, গণেশ বড়ো, পলক কৈৰী, কৃতাৰ্থ শৰ্মা, আৰু হিমাংশু দাসে। অসমৰ প্ৰতিখন চাহ বাগান সমূহত পুতলা নাট কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পাছত কলকাতাৰ চাহ বাগান সমূহতো পুতলা নাট পৰিৱেশন কৰা হ’ব বুলি সীমান্ত শৰ্মাৰ পৰা জানিব পৰা গৈছে।