চাহ জনগোষ্ঠীৰ পাছত ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় মহানগৰ কঁপাই তুলিবলৈ ১ নৱেম্বৰত সাজু  আহোম জাতীয় সংগঠনৰ

চাহ জনগোষ্ঠীৰ পাছত ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় মহানগৰ কঁপাই তুলিবলৈ ১ নৱেম্বৰত সাজু  আহোম জাতীয় সংগঠনৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অহা ১ নবেম্বৰত ৫০ হাজাৰ আহোম জনগোষ্ঠী লোকৰ উপস্থিতিৰে জোঁৰ সমদল বাহিৰ কৰাৰ হুংকাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে। ২০২৬ চনত বিধান সভাৰ নিৰ্বাচনৰ আগতে আহোম জনগোষ্ঠীলোকক জনজাতি প্ৰদান নকৰিলে- গাহৰি মাংসৰে ভাত খাই বিজেপিক বৰলুইতত উটুৱাই দিব। ১৪-১০-২৫ আবেলি ৩ বজাত ডিব্ৰুগড়স্থিত হোটেল ইনসুৰিয়াত অনুষ্ঠিত এক সংবাদ মেলযোগে জনজাতিকৰণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য আগবঢ়োৱা আদিত্য খাকলাৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠে সংগঠন কেইটাৰ বিষয় ববীয়া সকলে । টাইপাৰ কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক চাও কেশৱ ফুকন, কেন্দ্ৰীয় কাৰ্যনিবাহক প্ৰাঞ্জল সন্দিকৈ,  ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিকাশ বৰুৱা, কাৰ্যকৰী সভাপতি-দিপাংকৰ দুৱৰা, পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ মানচাও দুৰ্গা বৰগোঁহাই-আৰু কনকচন্দ্ৰ নেওঁগ,  আটাছুৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদকদ্বয় অমিতৰণী গগৈ,অমৰজ্যোতি সন্দিকে,ধনজিৎ সন্দিকৈ,জিণ্টু দিহিঙ্গীয়া,জিতু চেতিয়া, টাই আহোম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহ:সম্পাদিকা পাপৰী বৰগোঁহাই আৰু ইৰুমণী গগৈ সন্দিকৈয়ে -টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত সকলো দল সংগঠন একত্ৰিত হৈ আজি এই সংবাদমেলৰ যোগেদি জানিবলৈ দিছে। -সংবাদমেলত টাইপা- ডিব্ৰুগড় জিলা সভাপতি বিকাশ বৰুৱা আৰু কাৰ্যকৰী সভাপতি দিপাংকৰ দুৱৰাই-অস্তিত্ব ৰক্ষাৰ দাবীত ঘোষণা কৰা এই গণ আন্দোলনত সকলো শ্ৰেণীৰ ৰাইজক সহায় সহযোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে জনগোষ্ঠীলোকসকল নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে ভৱিষ্যত দিনবোৰত অধিক ভয়াবহ পৰিৱেশ সূচনা হব বুলি স্পষ্ট কৰি দিয়ে।