চাহাৰা কোম্পানীৰ স্বত্বাধিকাৰী সুব্ৰত ৰায় – নাজবিন চুলতানা

Pc ET BSFI

চাহাৰা কোম্পানীৰ স্বত্বাধিকাৰী সুব্ৰত ৰায়

নাজবিন চুলতানা
পাটসাঁকো,শিৱসাগৰ

এসময়ৰ বিশ্বজুৰি বহুলভাৱে বিয়পি পৰা চাহাৰা কোম্পানীৰ স্বত্বাধিকাৰী তথা প্ৰতিষ্ঠাপক সুব্ৰত ৰায়ৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১০ জুন মাহত, বিহাৰত । মাতৃৰ স্কুটাৰৰ পৰা কৰ্মজীৱন সূচনা কৰা সুব্ৰত ৰায়ৰ শিক্ষা আৰম্ভ কৰিছিল কলিকতাৰ হোলি শ্বাইল্ড স্কুলৰ পৰা। তাৰপাছতেই তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং কৰিছিল UP ৰ গৌৰিপুৰত।

সুব্ৰত ৰায়ৰ শ্ৰেষ্ঠ সৃষ্টি চাহাৰা ফাইনেঞ্চৰ কাম আৰম্ভ কৰাৰ আগতে গৌৰখপুৰত তেওঁ কৰ্মৰত আছিল। ১৯৭১ চনত সুব্ৰত ৰায়ে চাহাৰা ইণ্ডিয়া পৰিয়াললৈ পৰিৱৰ্তন আনি চাহাৰা প্ৰতিষ্ঠা কৰে। সৰু দোকানদাৰ,ৰিক্সাৱালা,ধোবি আদিৰ ৰোজিৰ ২০ টকা মূল্যৰ সামান্য ৰাশি একত্ৰিত কৰি চাহাৰা পৰিয়ালত অন্তৰ্গত হৈ দেশৰ অলিয়ে-গলিয়ে চাহাৰা ফাইনেঞ্চ জনপ্ৰিয় হ’ব ধৰিলে। এই চেকুৰতে সুব্ৰত ৰায়ৰ চাহাৰাই হাউচিং,ডেভলপমেণ্ট চেক্টৰ ত ভৰি থৈছিল। ইয়াৰ পাছতে তেওঁৰ এটাৰ পাছত এটাকৈ চেক্টৰ প্ৰতিষ্ঠা কৰাৰ মন মেলিলে আৰু এই জখলাৰে তেওঁ আকাশ চোৱাৰ ঢাপলি মেলিলে। ৰিয়েলষ্ট্ৰিক্‌,ফাইনেঞ্চ,মেডিয়া,এণ্টাৰটেইনমেণ্ট, হস্পিটেলিটি,ৰিটেইল,ইনফৰমেচন টেকন’লজি লৈকে চাহাৰা বিয়পি পৰিছিল। দেশৰ লগতে সমগ্ৰ পৃথিৱীতে চাহাৰাই স্থান পাইছিল। এসময়ত ভাৰতৰ পৰিয়ালৰ টাইম পত্ৰিকাই ভাৰতীয় ৰে’লৱেৰ পাছতেই চাহাৰাক ভাৰতৰ দ্বিতীয় সকলোতকৈ বৃহৎ নিয়োগবাৰ্তা হিচাপে প্ৰতিষ্ঠা কৰিছিল। য’ত ১২ লাখ কৰ্মচাৰীৰে নিয়োজিত আৰু ৯ কোটিতকৈ অত্যাধিক নিবেশকৰ এটা জনপ্ৰিয় কোম্পানী আছিল। এইদৰেই লাহে লাহে সুব্ৰত ৰায়ৰ জীৱনশৈলী জনপ্ৰিয় বিলাসিতা হিচাপে দেশত প্ৰচাৰ হ’ব ধৰিলে। সুব্ৰত ৰায়ৰ আমেৰিকাৰ নিউ ইয়ৰ্ক চহৰত ৪৪০০ কোটিৰ ২ খন প্ৰচুৰ জনপ্ৰিয় হোটেল আছিল। দেশৰ বিভিন্ন ঠাইৰ বিভিন্ন কোণত তেওঁৰ ৭৭৬ একৰ মাটি আছে। ইমানৰ পাছতো চাহাৰা শ্ৰেয় সুব্ৰত ৰায়ক সময়ে এনেদৰে বাগৰাই দিলে য’ত তেওঁ জেলৰ বতাহৰ কোব গ্ৰহণ কৰিব লগা হ’ল। ২০০৯ চনত চাহাৰাই নিজৰ দুটা কোম্পানীৰ IPO অনাৰ প্ৰস্তাৱ চে.বি. ৰ সন্মুখত ৰাখিলে। চে.বি.ৰ চাহাৰা দস্তাবেজত গৰ্বৰতা দেখা গ’ল । চাহাৰত আৰোপ লাগিল যে কোম্পানীৰ ইউ এচ কেৰ পইচা ভুল প্ৰতিক্ৰিয়াৰে ব্যৱহাৰ কৰিছিল। চে.বি. য়ে আৰোপ লগালে যে চাহাৰাই দুটা কোম্পানীয়ে ৩ কোটিৰ নিবেশিকৰ পৰা ২৪ হাজাৰ কোটি টকাৰ উপাৰ্জন কৰে। যি কোম্পানী চেয়াৰ বজাৰৰ লিষ্টত নাছিল। ইয়াৰ পাছতেই গ’ম পোৱা গৈছিল যে এইটো এটা বৃহৎ ভুষণ আছিল। ইয়াৰ জৰিয়তে চাহাৰাত ১২ হাজাৰ কোটিৰ জৰিমনা লগোৱা হ’ল। চুপ্ৰিম ক’ৰ্টৰ আদেশ পালন নকৰাত সুব্ৰত ৰায়ক ২০১৪ চনৰ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিলে।সুব্ৰত ৰায়ৰ পত্নী চপ্না ৰায় আৰু পুত্ৰ সুশান্ত ৰায় ভাৰতীয় নাগৰিকত্ব এৰি বল্কন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল। চাহাৰা নিবেশকৰ টকা উভতাই দিব নোৱাৰাৰ বাবে বহুতো গোচৰ চলি আছিল। এনে পৰিস্থিতিত তেওঁৰ পৰিয়ালৰ সদস্যই ভাৰতীয় আইনী ব্যৱস্থাৰ পৰা হাত সাৰিবলৈ অন্য দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল বুলি একাংশই কয়। ২ বছৰ ধৰি জেলত আৱদ্ধ হোৱা সুব্ৰত ৰায়ক হৃদৰোগৰ আক্ৰান্তত ১২ নৱেম্বৰত মুম্বাই কোকিলাবেন আম্বানি হস্পিটেলত ভৰ্তি কৰাইছিল। এসময়ৰ বিখ্যাত চাহাৰা শ্ৰেয় সুব্ৰত ৰায় দীঘলীয়া চিকিৎসাৰ অন্তত ১৪ নৱেম্বৰ মঙ্গলবাৰে ৰাতি ১০:৩০ বজাত মৃত্যুবৰণ কৰে।

কোটিপতিৰ ৰূপত সকলো ক্ষমতাৰ অধিকাৰী হৈয়ো সুব্ৰত ৰায় মৃত্যুৰ তৎক্ষণত নিজৰ পৰিয়ালৰ সদস্যৰ বাহিৰে অন্য কোনো লোক তেওঁৰ কাষত নৰ’ল।কিন্তু মৃত্যুৰ পাছত তেওঁৰ অনুৰাগী, অভিনেতা উপস্থিতি পোৱা গৈছে। সুব্ৰত ৰায় নিজাকৈ চেনেল,পেপাৰ,বিমান কোম্পানী,ফৰ্মূলা ওয়ান টিম,নিজাকৈ ক্ৰিকেট টিম,নেহৰু ষ্টেডিয়ামকৈ ডাঙৰ নিজৰ ষ্টেডিয়াম ,ভাৰতীয় ক্ৰিকেট দ’লৰ জাৰ্চিত তেওঁৰ কোম্পানীৰ নাম জিলিকি আছিল। পুত্ৰৰ বিয়া অনুষ্ঠানত বিখ্যাত অভিনেতা অমিতাভ বচ্চন ,সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আদিকে ধৰি জনপ্ৰিয় নেতা-অভিনেতাৰে ব্যয়বহুল বিবাহত বলিউডৰ নামি-দামী অভিনেতাকে ধৰি ক্ৰিকেট ষ্টাৰলৈকে সমাগম আছিল। বিলাসবহুল সাম্ৰাজ্য গঢ়ি তোলা চাহাৰা ইণ্ডিয়া গ্ৰুপৰ প্ৰমুখ্য সুব্ৰত ৰায়ৰ পাৰ্থিৱ শৰীৰ লখনৌত অন্তিম সংস্কাৰৰ বাবে অনা হৈছে। জনসাধাৰণৰ সাধাৰণ শ্ৰেণীৰ হিতৰ পক্ষে এটা অন্যতম উন্নত ব্যৱস্থা প্ৰতিষ্ঠা কৰা চাহাৰা কোম্পানীৰ, সৃষ্টিকৰ্তাৰ আজিৰ বিয়োগত  ব্যৱসায়িক তথা ৰাজনৈতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিল। এসময়ত বিশ্বব্যাপী ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা চাহাৰাৰ দ্বাৰা যথেষ্ট কৃতিত্ব অৰ্জন কৰা সুব্ৰত ৰায়ৰ মৃত্যুৰ বাতৰি মেডিয়া,টুইটাৰ আদিত দেখা নোপোৱা অৱস্থা হৈছে। এইজনা মহান উদ্যোগপতি সুব্ৰত ৰায়ৰ আত্মাই শান্তি পোৱাৰ কামনাত একাজলি গভীৰ শ্ৰদ্ধাঞ্জলি ।