চাহখেতি কৰি বছৰি প্ৰায় দুই লাখ টকা উপাৰ্জন কৰা এখন মহা বিদ্যালয়
নাচিমা য়াচমিন, বিশ্বনাথ চাৰিআলি
তেজপুৰ চহৰৰ পৰা প্ৰায় ষাঠী কিলোমিটাৰ দূৰত্বত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। শোণিতপুৰ জিলাৰ অন্তৰ্গত নদুৱাৰৰ জামুগুৰিহাট অঞ্চলত ১৯৬৩ চনত এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰা হৈছিল, অসমৰ এগৰাকী স্বাধীনতা আন্দোলনৰ সক্ৰিয় অংশগ্ৰহনকাৰী, সমাজ কৰ্মী তথা লেখকৰ নামত।
শিক্ষাৰ লগতে কৰ্মদক্ষতাৰে আগবঢ়া এখন মহাবিদ্যালয়। কলা আৰু বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ উপৰিও মহাবিদ্যালয় খনে আৰ্থিক অনাটনৰ কাৰণে শিক্ষাৰ্থীৰ বাবে উপাৰ্জনৰ পথ মুকলি কৰি দিছে।
বিগত ২০১৫ বৰ্ষত চাহ খেতি আৰম্ভ কৰা অসমৰ ভিতৰতে একমাত্ৰ চৰকাৰী মহাবিদ্যালয় হিচাপে চিনাকী দিবলৈ সক্ষম হৈছে। প্ৰথমাৱস্থাত ১৪ বিঘা মাটিৰে এই সুন্দৰ পদক্ষেপটি হাতত লৈছিল যদিও পিছলৈ ইয়াৰ পৰিসৰ ক্ৰমান্বয়ে বৃদ্ধি পায়।
বিদ্যা আহৰণ কৰি আজৰি সময়খিনি এইখন মহাবিদ্যালয়ৰ ইচ্ছুক শিক্ষাৰ্থীয়ে অবাবত সময় অপচয় নকৰি চাহ বাগিছাৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰে। সেউজীয়া খিনিৰ মাজত নীল পখিলী ৰূপী মহা বিদ্যালয় খনৰ শিক্ষাৰ্থীসকলে পাত তুলি দেহ মন সন্তুষ্ট কৰে। লগতে উপৰেঞ্চি ইনকাম এটাৰ পথ মুকলি হয়। একেলগে সমনীয়াৰ লগত মিলি জুলি হাতত টুকুৰি লৈ বাগিছাৰ পৰা পাত তুলি হাঁহি ধেমালিৰে চৌপাশ শুৱনি কৰি তোলে।
আৰ্থিক অনাটনৰ কাৰণে কিছু মেধা সম্পন্ন দুখীয়া ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা বঞ্চিত নোহোৱাকৈ, এটি সুন্দৰ ভৱিষ্যত উপহাৰ দিবলৈ এই চাহ বাগিছাৰ আৰ্থিক উপাৰ্জনে বহুতো সহায় কৰি আহিছে। তথ্য মতে চাহ খেতিৰ পৰা বছৰি প্ৰায় ২ লাখ টকা উপাৰ্জন হয়। লগতে গ্ৰীণ – টি উৎপাদন কৰি আৰ্থিকভাৱে টনকিয়াল হৈছে এই মহাবিদ্যালৰখন।
ইয়াৰ জৰিয়তে আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী সকলৰ এক ক্ষুদ্ৰ উপাৰ্জন হয় আৰু তেওঁলোকৰ জীৱন নিৰ্বাহ অলপ হ’লেও সুচলৰ মুখ দেখে। পঢ়া শুনাৰ বাবে আৱশ্যকীয় খৰছখিনি উলিয়াব পৰা হয়।
বৰ্তমান প্ৰায় ২৩ বিঘা মাটিত চাহ খেতি কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ “ড° অজিত হাজৰিকা” চাৰ এগৰাকী বৰ দক্ষ, সহজ সৰল ব্যক্তি। তেখেতৰ প্ৰচেষ্টাই মহাবিদ্যালয় খনৰ পৰিৱেশ বৰ আটক ধুনীয়াকৈ সজাই ৰাখিছে। চাৰিও ফালে ফুল – ফল গছৰ সুন্দৰতাই মহা বিদ্যালয় খনৰ সৌন্দৰ্য্য শীৰ্ষত নিছে। ড° অজিত হাজৰিকা চাৰে ফুলনি খন নিজে যত্ন সহকাৰে সুন্দৰ কৰি তুলিবলৈ অহৰহ চেষ্টা কৰে। তেখেতে নিজৰ জোতা মোজা খুলি ছাত্ৰ সকলৰ লগত মিলি বিদ্যালয়ৰ চৌহদত কোৰ মাৰিবলৈও কুণ্ঠাবোধ নকৰে। লগতে নাহৰৰ গছ বোৰ, নাহৰৰ দেশলৈ ৰূপান্তৰ কৰিছে।
“ত্যাগবীৰ হেম বৰুৱা মহবিদ্যালয় ” সঁচাকৈয়ে এখন অন্যতম মহা বিদ্যালয়। গোটেই অঞ্চলৰ এক মাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান।
( তথ্য সংগ্ৰহ)