অণুগল্প
চামুণ্ডা
ধীৰেন্দ্ৰ কুমাৰ নাথ
আন্ধাৰক ভয় কৰিবলৈ জীয়েকক সাৱধান বাণী শুনাইছিল।
বাটৰ কেকুঁৰি এটা পাৰ হওঁতেই আন্ধাৰৰ মুখামুখি হ’ব লগাত পৰিল তাই।
তাইৰ ক্ষত -বিক্ষত দেহ দেখি মাকে মাছ বচা বথি খন হাতত লৈ আগবাঢ়ি গ’ল আন্ধাৰৰ স’তে ভেঁটা -ভেটি হওঁ বুলি।
