চামতাত ভয়ংকৰ ঘটনা বিদ্যুৎস্পৃষ্ট হৈ তেল ডিপোৰ দুই কৰ্মচাৰীৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- শুক্ৰবাৰে দুপৰীয়া চামতাত বিদ্যুৎস্পৃষ্ট হৈ দুজন যুৱকৰ মৃত্যু।যুৱক দুজনৰ শোকাৱহ মৃত্যুৱে চামতা অঞ্চল শোকস্তব্ধ কৰিছে। জানিব পৰা মতে চামতাস্থিত শিৱম ছার্ভিচ ষ্টেচন নামৰ তেল ডিপোৰ দুজন কৰ্মচাৰীৰ বৈদ্যুতিক শর্ট চার্কিট হৈ মৃত্যু ঘটে। মৃত যুৱক দুজন কুলবিল নিৱাসী ২২ বছৰীয়া হেমাংগ তালুকদাৰ আৰু সাহপুৰৰ ২২ বছৰীয়া মৃন্ময় বর্মন। জানিব পৰা মতে শিৱম ছার্ভিচ চেন্টাৰৰ পেট্র’ল বিক্রেতা কর্মচাৰী মৃণ্ময় বর্মন আৰু হেমাংগ তালুকদাৰে দুপৰীয়াৰ ভাত পানী খাই কামত আহিছিল মাত্র। দুয়োজন কর্মচাৰীৰ আবেলি ২ বজাৰ পৰা ডিউটা আৰম্ভ হৈছিল। তাৰ পিছতে ডিপোটোৰ এটা লাইটৰ বিজুতি হোৱাত মেৰামতিৰ বাবে ডিপোটোৰ লাইটৰ কর্মচাৰীজনে দুয়োকে ষ্ট্ৰীট লাইটৰ খুঁটাটো ধৰিব কোৱাৰ পিছতে খুঁটাটো বাগৰি পৰি উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত তাঁৰত লাগি ধৰাত কৰ্মচাৰী দুজনৰ থিতাতে মৃত্যু হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী প্রশাসন, পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে অগ্নিনির্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। উত্তেজিত ৰাইজে পৰিয়ালক ক্ষতি পুৰণ দিয়াৰ প্রতিশ্রুতি নিদিয়াপর্যন্ত মৃতদেহ নিব দিয়া নাই।
