চামগুৰি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ

চামগুৰি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপিৰ পক্ষে ভোট দি উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হোৱাৰ আহ্বানেৰে মন্ত্ৰী পীযুষ হাজৰিকাই চামগুৰি বিধানসভা সমষ্টিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ।পদুমণি পামগাঁৱত পদুমণি আঞ্চলিক সাৰ্বজনীন পূজা মণ্ডপত অনুষ্ঠিত এই সভাত মন্ত্ৰীগৰাকীয়ে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়।এই সভাত বিধায়ক ক্ৰমে জিতু গোস্বামী আৰু দিগন্ত কলিতা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে সুৰেশ বৰা আৰু জয়ন্ত ডেকা , কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা, অসম গণ পৰিষদ দলৰ নেতা ক্ৰমে খগেন গায়ন আৰু মাণিক গায়নসহ দলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।