চামগুৰি উপ-নিৰ্বাচনৰ ১১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ গ্ৰহণ,  ৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল

চামগুৰি উপ-নিৰ্বাচনৰ ১১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ গ্ৰহণ৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-: আজি ৰাজ্যৰ ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীসকলে দাখিল কৰা মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা সম্পূৰ্ণ কৰা হয় আৰু সেই অনুসৰি মনোনয়ন পত্ৰ দাখিল কৰা ১৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ গৃহীত হোৱাৰ বিপৰীতে ৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল কৰা হৈছে।

উল্লেখ্য যে দেশৰ নিৰ্বাচন আয়োগে অসমৰ ৫ টা  সমষ্টিত অনুষ্ঠিত হবলগীয়া উপ- নির্বাচনৰ ভোট গ্ৰহণ অহা ১৩ নৱেম্বৰত হব বুলি ঘোষণা কৰাৰ পৰৱৰ্তী সময়ত উপ-নির্বাচন অনুষ্ঠিত হবলগীয়া ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে সর্বমুঠ ৩৮ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছিল। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত  কালি ৪ টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হৈছিল যদিও ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ মনোনয়ন পত্র পৰীক্ষণ প্রক্রিয়া আজি পুৱা ১১ বজালৈ স্থগিত ৰখা হৈছিল।