চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত
ৰঙিলী বাৰ্ত্তাসেৱা- চামগুৰিৰ তেলিয়াগাঁও অঞ্চলত ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে দুই যুৱকৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, গুৱাহাটীৰ পৰা চামগুৰি অভিমুখী এখন ডিজায়াৰ চাৰিচকীয়া বাহনে নিয়ন্ত্রণ হেৰুৱাই প্ৰথমে ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰে আৰু তাৰ পিছতে যোৰহাটৰ পৰা নগাঁও অভিমুখী এখন ট্রাকত প্রচণ্ড খুন্দা মাৰে। দুর্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে AS 01 FS 5676 নম্বৰৰ চাৰিচকীয়া বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ যায়। দুর্ঘটনাটোত নিহত যুৱক দুজনৰ নাম মানস কলিতা আৰু দ্বিপেন কলিতা বুলি জানিব পৰা গৈছে। আনহাতে সমীৰণ কলিতা নামৰ আন এজন যুৱক সংকটজনক অৱস্থাত আহত হয়। তিনিওজনৰ ঘৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰত বুলি আৰক্ষী সূত্রে প্রকাশ। ঘটনাৰ খবৰ পাই চামগুৰি আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ দুর্ঘটনাগ্রস্ত দুয়োখন বাহন উদ্ধাৰ কৰে। লগতে সংকটজনক অৱস্থাত থকা যুৱকজনক উন্নত চিকিৎসাৰ বাবে নগাঁও চিকিৎসালৈ প্ৰেৰণ কৰা হয়।
