চাবুৱা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

Pc The Indian Express

চাবুৱা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  চাবুৱা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কৰ্মৰত অৱস্থাতে মেচিনত সোমাই কৰুণ মৃত্যু প্ৰণৱ দত্ত নামৰ এজন শ্ৰমিকৰ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ সম্বল পুত্ৰৰ মৃত্যুত দিশহাৰা এতিয়া পিতৃ-মাতৃ।  লোমা ইনফ্ৰা প্ৰাঃ লিঃ কোম্পানীটোত সংঘটিত হৈছে এই অঘটন। জানিব পৰা মতে, চাবুৱাৰ বালিজান পানীএৰা গাঁৱৰ নিৱাসী প্ৰণৱ দত্ত নামৰ শ্ৰমিকজনে বিশেষ মেচিনত কাম কৰি থকাৰ সময়তে মেচিনটো চলি যোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত মৃত্যু হয় শ্ৰমিকজনৰ। অভিযোগ উত্থাপিত হৈছে যে সুমিত নামৰ এজন পৰিচালকে মেচিনটো চলাই দিয়াৰ ফলতেই সংঘটিত হয় এই ঘটনাটো। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই ক্ষুদ্ধ হৈ পৰে গাঁওবাসী। ক্ষুদ্ধ লোকসকলে প্ৰণৱ দত্তৰ মৃতদেহ লৈ ঘেৰাও কৰে চাবুৱা আৰক্ষী থানা। দুৰ্ঘটনাৰ উচিত বিচাৰ নোহোৱালৈকে আৰু উচিত ক্ষতিপূৰণৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে।