চাবুৱাৰ বায়ুসেনা ঘাটিত পাকিস্তানী চোৰাংচোৱা 

Pc Raj Express

চাবুৱাৰ বায়ুসেনা ঘাটিত পাকিস্তানী চোৰাংচোৱা 

ৰঙিলী বাৰ্ত্তাসেৱা- চাবুৱা বায়ু সেনা ছাউনীত পাকিস্তানৰ চোৰাংচোৱা। পাকিস্তানক ভাৰতীয় বায়ু সেনাৰ বহু গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰিছিল এই চোৰাংচোৱাটোৱে। ভাৰতীয় বায়ুসেনাৰ দৰে এটা মর্যাদাপূর্ণ অনুষ্ঠানত কাম কৰি বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা এজন দেশদ্রোহীক ৰাজস্থান আৰক্ষীৰ চোৰাংচোৱা শাখাই গ্ৰেপ্তাৰ কৰাৰ পাছতেই তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। ধৃত কৰ্মচাৰীজন হৈছে উত্তৰ প্ৰদেশৰ সুমিত কুমাৰ (৩৬)। ৰাজ্যৰ অন্যতম সামৰিক ঘাটি ডিব্ৰুগড়ৰ চাবুৱা বায়ুসেনা ঘাটিত বহুমুখী কর্মীৰূপে কাম কৰি অহা হিন্দীভাষী সুমিত কুমাৰে বিগত ২০২৩ চনৰ পৰাই পাকিস্তানী চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰি আহিছিল। মোটা অংকৰ ধনৰ বিনিময়ত বায়ুসেনাৰ সামৰিক ঘাটিটোৰ বহু স্পৰ্শকাতৰ সামৰিক তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰি আহিছিল সুমিত কুমাৰে। বায়ুসেনা বাহিনী কর্তৃপক্ষৰ মতে ধৃত কুমাৰে বায়ুসেনাৰ যুদ্ধ বিমান আৰু মিছাইল ব্যৱস্থাৰ অৱস্থানৰ লগতে বায়ুসেনা ঘাটিটোৰ কৰ্মচাৰীৰ সৈতে জড়িত বহু গোপনীয় তথ্য সামাজিক মাধ্যমৰ জৰিয়তে ফাদিল কৰিছিল। উল্লেখ্য যে চীন আৰু ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত অৱস্থিত চাবুৱাৰ বায়ুসেনা ঘাটিয়ে দেশৰ নিৰাপত্তাৰ দিশৰ পৰা যথেষ্ট গুৰুত্ব বহন কৰি আহিছে। ৰাজস্থানৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (চোৰাংচোৱা) প্রফুল্ল কুমাৰৰ মতে ৰাজস্থান চোৰাংচোৱা শাখা আৰু বায়ুসেনা চোৰাংচোৱা শাখাৰ এক যুটীয়া অভিযানত এই তদন্ত চলোৱা হৈছিল।