চাবুৱাত অসম গণ পৰিষদৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন 

চাবুৱাত অসম গণ পৰিষদৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন 
 এম হাছিম  আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জন্মস্থান চাবুৱাৰ জেৰাইগাঁৱৰ পৰাই অসম গণ পৰিষদে আগন্তুক ৰাজনৈতিক পৰিকল্পনা তথা ৰূপৰেখা প্রস্তুত কৰিব। ২০২৬ ত দিছপুৰ দখলৰ বাবে ৰণকৌশলৰ পৰিকাঠামোৰ  প্ৰস্তুত জাতীয়তাবাদৰ শক্তিশালী ভেঁটি জেৰাইগাঁৱৰ পৰা ।আঞ্চলিকতাবাদী ভাৱধাৰাৰে অসমক কেনেদৰে আগুৱাই নিব পাৰি সেই সম্পর্কে প্রতিষ্ঠা দিৱসত পুনৰ পণ লৈছে অসম গণ পৰিষদে।তদুপৰি আগন্তুক বিধানসভা নির্বাচনকে ধৰি  পঞ্চায়ত, পৰিষদীয় আদি নির্বাচনসমূহত শক্তিশালী ৰূপত অৱতীর্ণ  হ’ব পৰাকৈ অসম গণ পৰিষদৰ সাংগঠনিক ভেঁটি কিদৰে সৱল কৰি তুলিব পৰা যাব সেই শক্তিকে  একপ্ৰকাৰ প্ৰদৰ্শন কৰিলে অসম গণ পৰিষদে। চাবুৱাৰ জেৰাইগাওঁ খেলপথাৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে সভাপতি অতুল বৰাই। শ্বহীদ তৰ্পণ কৰে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। মূল পতাকা সহ ৪০ খন পতাকা উত্তোলন কৰে বিভিন্ন কেন্দ্ৰীয় বিষয়ববীয়াই। তিনিচুকীয়া জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক ক্ৰমে ভবেন্দ্ৰ নাথ ভড়ালী,পৃথিৰাজ ৰাভা, সাংসদ ফনীভূষণ চৌধুৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য সহ অন্যান্য নেতাসকল। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অগপৰ সভাপতি অতুল বৰাই অসম আৰু অসমীয়াৰ স্বাৰ্থত অসম গণ পৰিষদ দলক শক্তিশালী কৰাৰ বাবে আহ্বান জনায়। আনহাতে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সমীপত অস্থায়ীকৈ নিৰ্মাণ কৰা নামঘৰত সেৱা জনায় সভাপতি সহ অন্যান্য সকলে।অসম গণ পৰিষদৰ ৪০ সংখ্যক কেন্দ্রীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত উপস্থিত থাকে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া। তেওঁ অগপক শক্তিশালী জাতীয়তাবাদী আঞ্চলিকতাবাদী দল আখ্যা দিয়ে।  আলফা নেতা অনুপ চেতিয়া অগপত যোগদানৰ সৰব চৰ্চা চলি থকাৰ সময়তে এই কথা পোনছাটেই চেতিয়াই নস্যাৎ কৰে। বৰ্তমান পৰিস্থিতিত তেওঁৰ পক্ষে কোনো ৰাজনৈতিক দলত যোগদান কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰে। তেওঁ অসমৰ নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক অগপৰ সৈতে একত্ৰিত হৈ কাম কৰি যোৱাৰ আহ্বান জনায়। কাৰণ বৰ্তমান সময়ত আন আঞ্চলিক দলসমূহে সাংগঠনিক ভেটি শক্তিশালী কৰাটো সহজ নহয়। তেওঁ অগপৰ আমোলৰ গুপ্ত হত্যাৰ বাবেই ৰাইজৰ আস্থা হেৰুৱাইছিল যদিও বৰ্তমানৰ অগপৰ নেতৃত্বই সেই পৰিস্থিতি হবলৈ নিদিয়ে বুলি মন্তব্য কৰে অনুপ চেতিয়াই।