চাবতিত লাভলীনা বৰগোহাঁই ক্রীড়া প্রকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

চাবতিত লাভলীনা বৰগোহাঁই ক্রীড়া প্রকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ যুৱক-যুৱতীসকলক স্বাৱলম্বিতাৰ দিশত উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী পদক্ষেপ ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান-২.০’ৰ অধীনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লখিমপুৰৰ চাবতিস্থিত নৱনির্মিত লাভলীনা বৰগোহাঁই ক্রীড়া ক্ষেত্ৰত আয়োজিত এক বিশাল কার্যসূচীত লখিমপুৰ আৰু ধেমাজি জিলাৰ উদ্যমী যুৱক-যুৱতীসকলৰ মাজত অভিযানৰ প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰে। এই অনুষ্ঠানৰ জৰিয়তে দুয়োখন জিলাৰ সৰ্বমুঠ ৪,৮৭৫ গৰাকী উদ্যমী যুৱক-যুৱতীৰ বাবে ৪৮ কোটি টকাৰো অধিক ধনৰাশি মুকলি কৰা হয়। ইয়াৰে ৩,০৭৬গৰাকী লখিমপুৰ জিলাৰ আৰু ১,৭৯৯গৰাকী ধেমাজি জিলাৰ হিতাধিকাৰী।

 

এই উদ্যমীসকলৰ ভিতৰত ৮গৰাকী বৃত্তিগত শাখাৰ আৰু ৪,৮৬৭গৰাকী সাধাৰণ শাখাৰ। উল্লেখ্য যে এই অভিযানৰ জৰিয়তে বৰ্তমানলৈ ৩৩খন জিলাৰ ৬৮,৪৮২ গৰাকী উদ্যমীক সামৰি লোৱা হৈছে আৰু ৬৪০ কোটি টকা মোকলাই দিয়া হৈছে। সমগ্র ৰাজ্যজুৰি মুঠ ৭৪,৪৪৪ গৰাকী উদ্যোগীক সামৰি এই আঁচনিৰ অধীনত ১,৪৯৫ কোটিৰো অধিক টকাৰ পুঁজি বিতৰণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড° শর্মাই ১১৮.৩১ কোটি টকা ব্যয়েৰে লখিমপুৰৰ চাবতিত নৱনির্মিত লাভলীনা বৰগোহাঁই ক্রীড়া প্ৰকল্পৰ শুভ উদ্বোধন কৰে। দুটা পৰ্যায়ত নিৰ্মাণ কৰা এই অত্যাধুনিক ক্রীড়া প্রকল্পটোত ট্রেনজিট ভৱন, ইনড’ৰ ষ্টেডিয়াম, কৰ্মচাৰীৰ আৱাসিক কোৱাৰ্টাৰ, লন টেনিছ আৰু ভলীবল ক’ৰ্ট, ৮ লেনযুক্ত এথলেটিক ট্রেক, ৫,০০০ আসনযুক্ত ক্রিকেট ষ্টেডিয়াম আৰু ২,৩৮০ আসনযুক্ত ফুটবল ষ্টেডিয়ামৰ লগতে উন্নত পৰ্যায়ৰ পোহৰৰ ব্যৱস্থা গঢ়ি তোলা হৈছে।  এই ক্রীড়া প্রকল্পটোৱে জিলাখনৰ যুৱপ্ৰজন্মৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লগতে পেছাদাৰী ক্রীড়াৰ বিকাশত এক নতুন মাত্রা প্রদান কৰিব।

উল্লেখ্য যে বুধবাৰে মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত ১২০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্র উদ্বোধন কৰা অনুষ্ঠানত উপস্থিত থাকি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ তথা অৰ্জুন বঁটাবিজয়ী লাভলীনা বৰগোহাঁই সাংবাদিকৰ আগত নিজৰ মনোভাব ব্যক্ত কৰি কয়, “জীৱন কালত বহু কম মানুহে এনে সন্মান পাবলৈ সক্ষম হয় । মই এইটো পাবলৈ সক্ষম হৈছোঁ । মই নাভাবোঁ মই এইটোৰ বাবে যোগ্য বুলি । মই ইমানেই অভিভূত যে কি কম বুজি পোৱা নাই ।” তেওঁৰ পৰৱৰ্তী ক্ৰীড়াসূচী সন্দৰ্ভত কয়, “মোৰ কালি এছিয়ান চেম্পিয়নশ্বিপৰ ছিলেকচন ট্ৰেয়েল হৈ গৈছে । ইয়ালৈ অহাৰ আনন্দতে বহুত ভাল খেলি থৈ আহিছোঁ ।” তেওঁ লগতে কয়, “অসমত এতিয়া ক্ৰীড়া ক্ষেত্রৰ আন্তঃগাঁথনি সলনি হৈছে । বহুত আগবাঢ়িছে ক্ৰীড়া ক্ষেত্র । খেলৰ এটা ট্ৰেণ্ড আৰম্ভ হৈছে । যাৰ বাবে ভবিষ্যতে ক্ৰীড়া ক্ষেত্রখনত উত্তৰপুৰুষে শক্তিশালী ৰূপত আগুৱাই যাব ।” ষ্টেডিয়ামখনৰ শুভ উদ্বোধনৰ সময়ত মুখ্যমন্ত্রী ড° শৰ্মাৰ সৈতে মন্ত্রী ডাঃ ৰণোজ পেণ্ড, বিধায়ক মানৱ ডেকা আৰু অর্জুন বঁটা বিজয়ী লাভলীনা বৰগোহাঁই প্রমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।