চাপৰৰ উচ্ছেদ অভিযানত উত্তপ্ত পৰিস্থিতি
ৰঙিলী বাৰ্ত্তাসেৱা- বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চাপৰ ৰাজহ চক্ৰৰ চৰুৱাবাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাৰ চৰকাৰী ভূমিত চলোৱা উচ্ছেদৰ সময়ত তীব্র উত্তেজনাৰ সৃষ্টি হয়। পূর্বনির্ধাৰিত অনুসৰি মঙলবাৰে পুৱা এক্সকেভেটৰ লৈ আৰক্ষী-প্ৰশাসনৰ বৃহৎসংখ্যক লোক চাপৰত উপস্থিত হৈ উচ্ছেদ অভিযান আৰম্ভ কৰে। চৰকাৰী ভূমিত স্থাপন কৰা ঘৰ-দুৱাৰ তথা অন্যান্য প্রতিষ্ঠানসমূহ উচ্ছেদৰ সময়তে একাংশ বেদখলকাৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে আৰক্ষী তথা প্রশাসনৰ লোকসকল। শিল-ইটা দলিয়াই আৰক্ষী আৰু প্ৰশাসনৰ লোকসকলক উচ্ছেদিতই আক্ৰমণৰ চেষ্টা চলোৱাতেই ক্ষান্ত নাথাকি উচ্ছেদ কার্যত ব্যৱহৃত দুখন এক্সকেভেটৰ ভাঙি পেলায়। উত্তেজিত পুৰুষ-মহিলাই হাতে হাতে বাঁহ-কাঠ আদি লৈ এক্সকেভেটৰ সম্পূৰ্ণৰূপে চূর্ণ-বিচূর্ণ কৰি পেলোৱাৰ লগতে প্ৰশাসনৰ লোকসকলক আক্ৰমণৰ চেষ্টা চলায়। অৱশ্যে আক্রমণকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়েও লাঠীচার্জ কৰিবলৈ বাধ্য হয়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে চলোৱা লাঠীচাৰ্জত উচ্ছেদকাৰীসকলে সেই স্থান ত্যাগ কৰে। এই ঘটনাত কেইবাজনো লোক আহত হোৱা বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চাপৰৰ এই গাঁওকেইখনত ৪০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে তাপবিদ্যুৎ প্রকল্প স্থাপন কৰা হ’ব। প্রায় ৩,৫০০ বিঘা ভূমিত স্থাপন কৰিবলগীয়া তাপবিদ্যুৎ প্রকল্পৰ বাবে এই উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে উদ্যোগপতি গৌতম আদানিৰ পুত্ৰ জিৎ আদানিসহ আদানি গ্ৰুপৰ ১৩জনীয়া এটা দলে এই স্থান পৰিদৰ্শন কৰিছে। তদুপৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো চাপৰৰ উক্ত ভূমি পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছিল যে পট্টাধাৰী লোকসকল শংকিত হোৱাৰ কোনো কাৰণ নাই। প্ৰস্তাৱিত এলেকাত বসবাস কৰা লোকসকলক ভূমি আইন অনুসাৰে ব্যৱস্থা গ্রহণ কৰা হ’ব। ইয়াৰ ভিত্তিতে চৰকাৰে চাপৰৰ এই চৰকাৰী ভূমিত উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি বেদখলকাৰীসকলক চৰকাৰী মাটি এৰি দিবলৈ প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰাৰ লগতে মাইকযোগে ঘোষণাও কৰা হৈছিল। ধুবুৰী জিলা প্ৰশাসনৰ জাননী জাৰি কৰাৰ পাছতে প্রায় ৯৫ শতাংশ পৰিয়ালে চৰকাৰী মাটি এৰি আন ঠাইলৈ স্থানান্তৰিত হৈছে। কিন্তু ৫ শতাংশ পৰিয়ালে এই স্থান ত্যাগ কৰিবলৈ অমান্তি প্রকাশ কৰে। সেয়েহে মঙলবাৰে পুৱা আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু প্ৰশাসনৰ লোকসকলে উচ্ছেদ অভিযান আৰম্ভ কৰে। ধুবুৰী প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান প্ৰথম অৱস্থাত শান্তিপূর্ণ আছিল। কিন্তু হঠাৎ এটা পুৰণি জামে মছজিদক লৈ একাংশ ৰাইজ আৱেগিক হৈ পৰে আৰু আৰক্ষীক লক্ষ্য কৰি শিল-ইটা দলিয়াবলৈ আৰম্ভ কৰে। ইয়াৰ সমান্তৰালভাৱে তেওঁলোকে এক্সকেভেটৰো আক্ৰমণৰ লক্ষ্য কৰি লয়।ইপিনে, সন্দেহজনক নাগৰিকৰ ত্ৰাণকৰ্তাৰ ৰূপত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। উচ্ছেদ অভিযান চলি থকাৰ সময়তে বিধায়কগৰাকীয়ে চাপৰত উপস্থিত হৈ একাংশ উচ্ছেদকাৰীৰ সৈতে মত বিনিময় কৰে। আনকি একাংশ লোকক বিধায়ক গগৈয়ে আলিংগন কৰি উচ্ছেদৰ দুখৰ সমভাগীও হয়। স্থানীয় একাংশ লোকে অভিযোগ কৰা অনুসৰি বিধায়কগৰাকী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বলৈকে তাৰ পৰিস্থিতি যথেষ্ট শান্তিপূর্ণ আছিল। কিন্তু অখিল গগৈ উপস্থিত হোৱাৰ পাছতে একাংশ লোক অধিক উত্তেজিত হৈ পৰে আৰু চৰকাৰী বাহিনীৰ ওপৰত আক্ৰমণ চলাবলৈ আৰম্ভ কৰে। স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি অখিল গগৈৰ উচটনিতে একাংশ লোকে আৰক্ষী-প্ৰশাসনৰ ওপৰত আক্ৰমণ চলাইছিল। স্থানীয় বাসিন্দাসকলে কয় যে অধিকাংশ লোকে ঘৰ-বাৰী নিজে নিজে ভাঙি লৈ গৈছে। যেতিয়াই বাকী থকা লোকসকলে অখিল গগৈ অহা গম পায় তেতিয়াই তেওঁলোকে এক্সকেভেটৰ আৰু চৰকাৰী গাড়ীত আক্ৰমণ চলায়। অৱশ্যে পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ আশংকা কৰি ধুবুৰী জিলা আৰক্ষী অধীক্ষক লীনা দলেই বিধায়কগৰাকীক উচ্ছেদস্থলীৰ পৰা ওভতাই পঠিয়ায়। পৰৱৰ্তী সময়ত তেওঁক আটক কৰি লৈ আহি গোৱালপাৰা জিলাত মুকলি কৰি দিয়ে। চৰকাৰী ভূমিত উচ্ছেদৰ সময়ত সন্দেহজনক নাগৰিকৰ পক্ষত বিধায়কগৰাকীয়ে থিয় দিয়া কাৰ্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।অৱশ্যে পৰৱৰ্তী সময়ত তেওঁক লৈ অহাৰ পাছত উচ্ছেদস্থলীত পৰিৱেশ স্বাভাৱিক হ’বলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত আৰক্ষী-প্রশাসনে অঞ্চলটোত সুকলমে উচ্ছেদ অভিযান অব্যাহত ৰাখে।
