চাপৰৰ উচ্ছেদস্থলীতৰ পৰা বিধায়ক অখিল গগৈক আটক আৰক্ষীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- চাপৰত বৃহৎ উচ্ছেদ অভিযানক লৈ উত্তপ্ত পৰিস্থিতি। পুৱাৰে পৰাই চাপৰত সাজু হৈ আছিল সহস্ৰাধিক নিৰাপত্তাৰক্ষী । সকলোৰে তীক্ষ্ণ দৃষ্টি কোনোৱে যাতে সৃষ্টি কৰিব নোৱাৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ; কিন্তু প্ৰশাসনৰ কঠোৰ নিৰাপত্তা বেহুৰ মাজতেই স্থানীয় ৰাইজে ভাঙিলে এক্সকেভেটৰ আৰু বুলড’জাৰ । উত্তেজিত ৰাইজে নিৰাপত্তাৰক্ষীলৈ দলিয়ালে ইটা । ইয়াৰ সমান্তৰালভাৱে উচ্ছেদিত ৰাইজৰ পৰিস্থিতি বুজ লবলৈ যোৱা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক আৰক্ষীয়ে আটক কৰিলে।উল্লেখ্য যে, আজি বিলাসীপাৰা সমজিলাৰ চাপৰত চলোৱা হৈছে বৃহৎ উচ্ছেদ অভিযান । ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চৰুৱাবাখৰা, চিৰাকুটা আৰু সন্তোষপুৰত হাজাৰ হাজাৰ আৰক্ষী প্ৰশাসনৰ উপস্থিতত এক্সাভেটৰ আৰু বুলড’জাৰৰে চলোৱা হ’ল উচ্ছেদ অভিযান । ৩৫০০ বিঘা ভূমিত এই অভিযান চলোৱাৰ সময়তেই একাংশ উত্তেজিত লোকে নিৰাপত্তৰক্ষীৰ বেহু ভেদি কেইবাখনে এক্সকেভেটৰ আৰু বুলড’জাৰৰ ক্ষতিসাধন কৰে । আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠিচালনা কৰিবলগীয়া হয় । এই ঘটনাত কেইবাজনো লোক আহত হোৱাত তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । সেই সময়তেই ঘটনাস্থলীত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ । আৰক্ষীয়ে বিধায়ক অখিল গগৈক আটক কৰি চাপৰ থানালৈ নিয়ে । বাধ্য় হৈ প্ৰশাসনে কিছুসময়ৰ বাবে উচ্ছেদ অভিযান বন্ধ ৰাখিবলগীয়া হৈছে ।