চানমাৰিৰ বিহু মঞ্চত অপমানিত শিল্পী দিগন্ত ভাৰতী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰঙালী বিহুৰ আনন্দ-উৎসৱৰ মাজতে চানমাৰিৰ পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত শিল্পী দিগন্ত ভাৰতীক আয়োজকে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগক লৈ উত্তাল হৈ পৰিছে ৰাজ্যৰ সাংস্কৃতিক মহল। উল্লেখ্য যে বুধবাৰে নিশা পূব গুৱাহাটী বিহু সন্মিলনে চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত আয়োজন কৰা সাংস্কৃতিক কাৰ্যসূচীত অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্রণ জনাইছিল শিল্পীগৰাকীৰ পত্নী তথা কণ্ঠশিল্পী ভাস্বতী ভাৰতীক। সেইমৰ্মে ভাস্বতী ভাৰতীয়ে বিহু মঞ্চত সংগীত পৰিৱেশনলৈ অহাৰ সময়তে তেওঁৰ অনুষ্ঠান উপভোগৰ বাবে অতিথি দর্শক হিচাপে লগত উপস্থিত আছিল স্বামী দিগন্ত ভাৰতীও। শিল্পী দিগন্ত ভাৰতীয়ে উল্লেখ কৰা অনুসৰি অনুষ্ঠান চলি থকাৰ মাজতেই দুগৰাকী সমিতিৰ বেজ পৰিধান কৰা লোকে আহি তেওঁক মঞ্চত দুটা গীত পৰিৱেশনৰ বাবে অনুৰোধ জনায়। সেই মতেই তেওঁ মঞ্চত উঠি গীত পৰিৱেশন কৰে যদিও এটা বিহুগীত পৰিৱেশনৰ পাছতেই তেওঁক আয়োজকৰ একাংশই হাতৰ মাইক্ৰ’ফোন কাঢ়ি মঞ্চৰ পৰা নামি যাবলৈ কয়। তেওঁ কয় যে মই গীত গাবলৈ তালৈ যোৱা নাই। এজন সাধাৰণ দর্শক হিচাপেহে গৈছিলোঁ। সমিতিৰ দুজন লোকে আহি মোক অনুৰোধ কৰাৰ পাছতহে মঞ্চত উঠিছিলোঁ। তেওঁলোকৰ মঞ্চত সংগীত পৰিৱেশনৰ ক্ষেত্রত কিবা ড্রেছক’ড থাকিব পাৰে। সেয়া মই অস্বীকাৰ কৰা নাই। মোক অনুৰোধ কৰাৰ আগতেই এই বিষয়টো চালিজাৰি চাব লাগিছিল। কেইজনমানে উঠাই দি আকৌ আন কেইজনমানে ডকা-হকা দি নমোৱাৰ এই অধিকাৰ তেওঁলোকক কোনে দিলে? যদি নিয়ম আছিলেই তেন্তে মোক অন্ততঃ কাণে কাণে কথাষাৰ কোৱা হ’লেও মঞ্চত নুঠি তলৰ পৰাই মই গীত পৰিৱেশন কৰিলোঁহেঁতেন। ইপিনে শিল্পীগৰাকীৰ পত্নী ভাস্বতী ভাৰতীয়ে এই ঘটনাটোৰ বাবে সন্মিলনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াক দোষাৰোপ কৰি কয় যে অত্যন্ত অকর্তৃত্বশীলভাবেৱ সুৰাসক্ত অৱস্থাত সীমান্ত ঠাকুৰীয়া নামৰ বিষয়াজনে দিগন্ত ভাৰতীক মঞ্চত অপদস্থ কৰিছে। এই অপমানৰ বাবে পূব গুৱাহাটী বিহু সন্মিলনৰ বিষয়ববীয়াক সংবাদ মাধ্যমৰ জৰিয়তে ক্ষমা খোজাৰ আহ্বান জনোৱাৰ লগতে পাবলগীয়া মাননিখিনিও সসন্মানে ঘৰতেই দি যাবলৈ শিল্পী দিগন্ত ভাৰতীয়ে দাবী জনাইছে। বিহুৰ বতৰত বিহুমঞ্চত সৃষ্টি হোৱা এই অপ্রীতিকৰ পৰিস্থিতিৰ পিছতেই শিল্পীদ্বয় ক্রমে দিগন্ত ভাৰতী আৰু ভাস্বতীৰ সকলো অভিযোগ নস্যাৎ কৰিছে সন্মিলনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই। চানমাৰিৰ বিহু সন্মিলনৰ কার্যালয়ত আয়োজিত এখন সংবাদ মেলত সাধাৰণ সম্পাদক ঠাকুৰীয়াই কয় যে আমি কোনোধৰণৰ অভদ্রামি দিগন্ত ভাৰতীৰ সৈতে কৰা নাই বা অশ্লীল ভাষা, শাৰীৰিকভাৱে অপদস্থও কৰা নাই। আমি তেওঁক অনুৰোধহে কৰিছিলোঁ। শিল্পীগৰাকীয়ে তেওঁক নিমন্ত্ৰণ কৰি মঞ্চলৈ অনাৰ দোহাই দি গান গামেই বুলি কৈছিল। তেতিয়া মই মাইক্র’ফোনটো নি তেওঁক সকলোখিনি কৈছিলোঁ। জাতীয় সাজপাৰ পৰিধান কৰি মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলগা বিষয়টো আমাৰ চুক্তিপত্ৰত উল্লেখ আছে। ভাস্বতী ভাৰতীয়েও চুক্তিপত্ৰখনত স্বাক্ষৰ কৰিছে। মঞ্চত জীন্ছ পৰিধান কৰি অনুষ্ঠান পৰিৱেশন কৰি থকা কথাটো আমাক কেইবাগৰাকীও শিল্পীয়ে ফোনযোগে অভিযোগ কৰাৰ পিছতহে তেওঁক জনোৱা হৈছিল। শিল্পী দিগন্ত ভাৰতীয়ে সমিতিৰ দুজন বিষয়াই জনোৱা আমন্ত্ৰণৰ পিছতহে মঞ্চত গীত পৰিৱেশন কৰিছিল বুলি দিয়া মন্তব্য সন্দর্ভতো সাধাৰণ সম্পাদক ঠাকুৰীয়াই কয় যে মঞ্চৰ দায়িত্বত থকা কোনো বিষয়ববীয়াই তেওঁক গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ কৰা নাছিল। আমাৰ সমিতিত চাৰি শতাধিক সদস্য আছে। ব্যক্তিগত ভাল সম্পৰ্কৰ বাবে যদি তেনে কোনো লোকে নিমন্ত্ৰণ কৰিছিল, সেয়া ভাল হোৱা নাই। এই বিষয়টো আমি চাম। উক্ত লোকজনক চিনাক্ত কৰি ব্যৱস্থাও গ্ৰহণ কৰা হ’ব। ইপিনে সমগ্র বিষয়টোক লৈ পূব গুৱাহাটী বিহু সন্মিলনক ক্ষমা খোজাৰ বাবে শিল্পী দিগন্ত ভাৰতীয়ে জনোৱা আহ্বানৰ পাছত ক্ষমা খোজাৰ কোনো প্রশ্নই নুঠে বুলি সন্মিলনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়া সংবাদ মেলত সদৰী কৰিছে। শিল্পী ভাস্বতী ভাৰতীৰ মাননি সন্দর্ভতো তেওঁ কয় যে মাননি আমি নিশ্চয়কৈ দিম। নিদিওঁ বুলি কেতিয়াও কোৱা নাই। ঘৰত মাননি কোনোৱে দিব নাযায়। শিল্পীগৰাকীয়ে যদিহে নিজে নাহে, তেন্তে বেলেগ উপায়েৰে হ’লেও মাননি প্ৰেৰণৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ লগতে কয়।