চানমাৰিত মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- এইবাৰ চানমাৰিত উদ্ধাৰ আন এটা মৃতদেহ। বস্তাত ভৰাই এটা নৰ্দমাত পেলাই থোৱা হৈছে মৃতদেহটো। অসম অভিযান্ত্ৰিক খেলপথাৰৰ ওচৰৰ নলাত উদ্ধাৰ হৈছে বস্তাত ভৰাই থোৱা মৃতদেহটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। এই ঘটনাক লৈ কেইবাঘণ্টা ধৰি চানমাৰি অঞ্চলত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা মৃতদেহটো তৃতীয় লিংগৰ বুলি চিনাক্ত কৰা হৈছে। মৃতদেহৰ পিন্ধনত ওপৰৰ ফালে মহিলাৰ বস্ত্ৰ আৰু জিন্স পেণ্ট আছিল। মৃতদেহটোৰ ডিঙিৰ কেইবাঠাইতো আঘাতৰ চিন স্পষ্ট হৈ আছে। এবাৰ দুবাৰ নহয়, কেইবাবাৰো আঘাত কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে।