চানমাৰিত দিলস্ লক্ষ্মীন্দ্ৰ সিংহ সম্পাদিত “বিষ্ণুপ্ৰিয়া মণিপুৰী আহৌ মাৰিৰ কবিতা” শুভ উন্মোচন 

চানমাৰিত দিলস্ লক্ষ্মীন্দ্ৰ সিংহ সম্পাদিত “বিষ্ণুপ্ৰিয়া মণিপুৰী আহৌ মাৰিৰ কবিতা” শুভ উন্মোচন 

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী মহানগৰীৰ চানমাৰিস্থিত “সাদিন- অসমীয়া প্ৰতিদিন” কাৰ্যালয়ত নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ দ্বাৰা প্ৰকাশিত সাহিত্যিক পেন্সনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ সম্পাদিত “বিষ্ণুপ্ৰিয়া মণিপুৰী আহৌ মাৰিৰ কবিতা” ( বিষ্ণুপ্ৰিয়া মণিপুৰীৰ ১০০ বছৰৰ কবিতা) গ্ৰন্থখনি শুভ উন্মোচন কৰা হয় । গ্ৰন্থখনি উন্মোচন কৰি সাদিন আৰু সাতসৰীৰ সম্পাদক তথা বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে কয়- “জনগোষ্ঠীয় ভাষাসমূহ বৰ চহকী । অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণত জনগোষ্ঠীয় ভাষাসমূহে বেছ সহযোগিতা আগবঢ়াই আহিছে । বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বৰ সহায়-সহযোগিতা আগবঢ়াইছে ।” গল্পকাৰ, সাতসৰীৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্যই আঁত ধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য, কবি, সাংবাদিক দীপক শৰ্মাই মুখ্য অতিথিৰ ভাষণত কয়- “সততা, একাগ্ৰতা, বিশ্বাস থাকিলে যিকোনো কামতে প্ৰতিষ্ঠা লাভ কৰিব পাৰি । দিলস্ লক্ষ্মীন্দ্ৰ সিংহৰ প্ৰচেষ্টা আৰু ত্যাগে বিষ্ণুপ্ৰিয়া মণিপুৰীৰ সাহিত্য জগতত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব ।” বিশিষ্ট কবি কিশোৰ কুমাৰ জৈনে বিশিষ্ট অতিথিৰ ভাষণত কবি দিলস্ লক্ষ্মীন্দ্ৰ সিংহই লোৱা ঈৰ্ষণীয় প্ৰচেষ্টাক শলাগ লয় । সভাত বিষ্ণুপ্ৰিয়া মণিপুৰী উন্নয়ণ পৰিষদৰ উপাধ্যক্ষ সমৰজিৎ সিংহ, কবি শ্ৰীকান্ত সিংহ, লেখিকা ড০ গীতা দত্ত চহৰীয়া, কলাৰত্ন মিনতি বৰুৱাইও সভাত বক্তব্য দাঙি ধৰে । উল্লেখ থাকে যে অসম চৰকাৰে গঠন কৰি দিয়া কৰ্পাছ ফাণ্ডৰ সাহায্যত গ্ৰন্থখনি প্ৰকাশ কৰা হৈছে ।