চাকৰনী
সবিতা বেগম, বৰপেটা
পথ দুৰ্ঘটনাত মাক-দেউতাক দুয়োজনৰেই মৃত্যু হয়।মহা বিপদ, পৃথিৱী মূৰত ভাঙি পৰিল সৰু ভনী (৫বছৰ) ৰীতাক লৈ জোনমনিৰ । কি কৰিব উপায়হীন, একেবাৰেই অসহায় হৈ পৰিল ১৩ বছৰীয়া জোনমনি।ঘৰৰ মালিকেও ওলাই দিলে যোৱা মাহৰ ভাড়া পৰিশোধ কৰিব নোৱাৰাত।পুহ মহীয়া ঠাণ্ডা প্ৰচণ্ড বৰষুণ আন্ধাৰ ৰাতি তাতে আকৌ ৰীতাৰ কেইদিন ধৰি জ্বৰ। কতো নাই ক্ষীণ আশাৰ চাকি।ৰীতাক বুকুত সাৱটি কোনোমতে এঘৰৰ চুকত থিয় দিলে, অলপ পিছত ঘৰৰ মালিকে চোৰ,চোৰ বুলি কৈ খেদি দিলে।দুয়োৰে অৱস্থা বেয়া। হঠাৎ চাৰিচকীয়া সম্ভ্ৰান্ত গাড়ী এখন আহি খুন্দা মাৰি মাটিত দুয়োকে পেলাই দিলে।তাৰ পিছত নামি দুয়োকে মৰমেৰে তুলি, হাস্পতাললৈ লৈ গ’ল…।মানুহজন পেচাত ডাক্তৰ কেইমাহ আগত সৰু ল’ৰা এজন থৈ ঘৈণীয়েক ঢুকাল সেয়ে বহুত চিন্তাগ্ৰস্ত ডাক্তৰজনে অৱশেষত সকলো জানিব পাৰি গৃহহীন পিতৃ-মাতৃ হীন অনাথ বুলি ঘৰলৈ লৈ আহিল আৰু যেতিয়ালৈ নিজৰ ব্যৱস্থা কৰিব নোৱাৰিব তেতিয়ালৈকে তাতেই থাকিবলৈ অনুমতি দিলে। উপায়হীন জোনমনি মান্তি হ’ল যদিও ঘৰত সকলো কাম চম্ভালিব বুলি কথা দিলে।আজি ১৫ বছৰ পূৰ্ণ হ’ল।জোনমনি মানুহৰ ঘৰত কাম কৰি, সপোনৰ চাকি বুকুত জ্বলাই ৰীতাক হোষ্টেলত ৰাখি লিখা-পঢ়া কৰালে।ৰীতাৰ টকাৰ দৰকাৰ জোনমনিক ফোন কৰি জনালে।কিন্তু জোনমনিৰ হাতত টকা এটাও নাই।কাম কৰা ঘৰৰ মালিকৰ পৰা কিছু টকা আগ ধন লৈ জোনমনি ওলাল ৰীতাক দিবলৈ, ৰাস্তাত গৈ থাকোঁতে বাইকত চোৰ এটা আহি কান্ধৰ পৰা থাপ মাৰি বেগটো লৈ গুচি গ’ল…।নিৰুপায় জোনমনি, ক’ত পাব ইমান টকা, মেডিকেলত গৈ ৰক্ত বিক্ৰী কৰি টকা লৈ আহিল ৰীতাৰ বাবে।জোনমনিক দেখা পাই ৰীতা দৌৰি গৈ সুধিলে- “টকা আনিছা, টকা “, জোনমনি ক’লে ‘-‘হুমম্ আনিছোঁ’….।খোৱা বস্তু খিনি ৰীতাৰ হাতত দি জোনমনি বহি পৰিল, গাটো একেবাৰেই ভাল লগা নাই।কিন্তু ৰীতা কৈ আছে তুমি এতিয়া যোৱা মই এতিয়া ৰুমত নাথাকিম কলেজত যাম, বেলেগ দিনা আহিবা।সেয়ে জোনমনি কোনোমতে উঠি ৰীতাক মৰম কৰি থৈ আহিব ধৰিলে, হঠাৎ কিবা এটা কথা মনত কৰি আকৌ ৰুমত যাব ধৰিলে, কিন্তু ৰীতাৰ ৰুমত এজন ল’ৰা মানুহৰ কন্ঠ স্বৰ, তাই কৈ আছে- “কোন এই মহিলাজনী মাজে মাজে তোমাক চাবলৈ আহে…”? ৰীতা কৈ উঠিল- “হুমম্ ভাল, আমাৰ ঘৰৰ কাম কৰা মহিলা, চাকৰনী, সৰুৰে পৰা আমাক দেখা শুনা কৰে…।” কথাষাৰ শুনি জোনমনি বহুত আঘাত পালে আৰু লাহে লাহে তাৰ পৰা গুচি আহিল…।