চাও লুং চ্যু-কা-ফা এক বিশাল ব্যক্তিত্ব
নিৰ্মালি বৰা হাজৰীকা
নগাঁও,অসম
এটি ৰাজবৰ্ষই ছশ বছৰ কাল ৰাজত্ব কৰাটো এক বিৰল তথা উল্লেখযোগ্য পৰিঘটনা ।আহোম সকল আছিল মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত দক্ষিণ পূৱ এচিয়াৰ বৃহৎ জাতিৰ এটা শাখা।চীনৰ য়ুনান প্ৰদেশৰ মাওলুং ৰাজ্যৰ টাই আহোম ফৈদৰ ৰাজকোৱঁৰ চাও লুং চ্যু কা-ফাই ১২১৫ চনত লগত আনিছিল ইষ্ট দেৱতা চুমদেউ, মংগল চোৱাত ব্যৱহাৰ হোৱা কুকুৰা চৰাই ,তিনিগৰাকী ৰাণী,দুজন পাত্ৰ মন্ত্ৰী,পাচঁজন কোৱঁৰ,চাৰিজন ৰাজপুৰোহিত, দুজন বাইলুং।এহেজাৰ আশীজন সৈনিক। তিনিশ ঘোঁৰা, খাম নামৰ এটা দঁতাল হাতী আৰু পেং নামৰ এজনী মাখুন্দী হাতী ।১২২৮চনৰ ২ডিচেম্বৰ তাৰিখে চ্যু কা-ফা ই সৌমাৰত উপস্থিত হৈ আহোম ৰাজ্য বা মু’ঙ দ’ন চ’ন খাম স্থাপন কৰিছিল বুলি অনুমান কৰা হয়।১৯৮৭ চনৰ পৰা সমগ্ৰ অসম বাসীয়ে ২ডিচেম্বৰ তাৰিখ টো “অসম দিৱস” হিচাপে পালন কৰি আহিছিল।১২২৮ চনত চাওলুং চ্যু-কা-ফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি দিয়াৰ ঐতিহাসিক দিনটোক ষ্মৰণীয় কৰাৰ বাবে ছৈ খোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন সমাজ কৰ্মীয়ে ১৯৭২ চনত আৰম্ভ কৰা প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে।তেখেতে২ডিচেম্বৰত চ্যুকাফা দিৱস হিচাপে পালন কৰাৰ উদ্দেশ্যে শদিয়াৰ মৌজাদাৰ আৰু শদিয়াৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগত আলোচনা কৰে।সেইবাবে আহোম ৰাজবংশৰ প্ৰথম স্বৰ্গদেউ চ্যু-কা-ফাৰ পৱিত্ৰ ষ্মৃতিত প্ৰতিবছৰে চ্যু-কা-ফা দিৱস বা অসম দিৱস পালন কৰা হয়।ইয়াৰ পিছত সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁওৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল।১৯৭৪ চআত এই দিৱস ধুমধামেৰে পালন কৰা হৈছিল।এই অনুষ্ঠানতে ড°লীলা গগৈয়ে ২ডিচেম্বৰত দিনটো চ্যুকাফা দিৱস হিচাপে পালন কৰি চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়।
১৯৮৭ চনৰ ২ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জৰ্জ খেলপথাৰত চ্যুকাফা দিৱস পালন কৰা হৈছিল।তাতেই তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ২ডিচেম্বৰ দিনটো চ্যুকাফা বা অসম দিৱস হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে।
চাও লুং চ্যু কা-ফা আছিল অতি দূৰদৰ্শী বিচক্ষণ লোক।তেওঁৰ বিচক্ষণতাৰ বাবেই টাই ভাষাৰ ঠাইত এক নতুন অসমীয়া ভাষা ৰাজকীয় হৈ পৰিছিল।তেওঁ যুদ্ধ বিগ্ৰহ এৰাই চলি অতি বিচক্ষণতাৰে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা সৰু সৰু জাতি -জনগোষ্ঠীক একত্ৰিত কৰি এক বৃহৎ অসমীয়া জাতি গঠন কৰিবলৈ চেষ্টা কৰিছিল।তেওঁ বৰ অসম গঢ়াৰ সপোন দেখিছিল।সকলোৰে লগত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ টাই ভাষা আৰু ধৰ্ম ত্যাগ কৰিছিল।তেওঁৰ মহৎ আৰ্দশ গ্ৰহণ কৰিয়েই অসমত আহোম সকলে ছশ বছৰ কাল ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল।বৰ অসম গঢ়াৰ ক্ষেত্ৰত তেওঁৰ অৱদান সৰ্বস্ব।সেইবাবে তেওঁৰ নামৰ আগত চাও লুং(চাও-ঈশ্বৰ,লুং-মহান)ব্যৱহাৰ কৰা হয়।
চ্যুকাফাৰ অন্য এক অৱদান বুৰঞ্জী ৰচনা।তেওঁৰ যাত্ৰা পথত হোৱা সকলো ঘটনা দেউধাই মহন বাইলুং পণ্ডিত সকলক লিখিবলৈ কোৱাৰ পৰাই অসম বুৰঞ্জীৰ আৰম্ভণী বুলিব পাৰি।তেওঁ অসমত বসবাস কৰা মৰাণ,বৰাহী,কছাৰী।,নগা,চুতীয়া আদি সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পৰস্পৰৰ মাজত বিবাহ আৰু খোৱা -বোৱাৰ ব্যৱস্থা কৰিছিল।প্ৰজাক নিজে ৰাজ্য শাসনৰ সুবিধা দিছিল।লগত বিভিন্ন উপাধি প্ৰদান কৰিছিল।যাৰ ফলত অসমত শইকীয়া,বৰা,হাজৰীকা,বৰুৱা,ফুকন আদি উপাধিৰ সৃষ্টি হৈছিল।বামুণ,কোচ,লালুং সকলোৱে এই উপাধি লাভ কৰিছিল। চ্যু-কা-ফাই বিভেদৰ বিপৰীতে সমন্বয়ৰ দৃষ্টান্ত দাঙি ধৰিছিল।এই জনা মহান ব্যক্তিৰ ১২৬৮ চনত মৃত্যু হৈছিল।।
(বিঃদ্ৰঃ =সংগৃহিত তথ্য।)