চাইবাৰ অপৰাধ আৰু সতৰ্কতা – ভাস্কৰ প্ৰিয়ম হাজৰিকা

Pc LinkedIn

চাইবাৰ অপৰাধ আৰু সতৰ্কতা

ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ, নগাঁও

একবিংশ শতিকাক তথ্য-প্ৰযুক্তিৰ যুগ বুলি কোৱা হয়। ইণ্টাৰনেট, অনলাইন বেংকিং, ডিজিটেল লেনদেন, সামাজিক মাধ্যম আদিৰ ব্যৱহাৰে মানুহৰ জীৱনশৈলী সম্পূৰ্ণৰূপে সলনি কৰিছে। কিন্তু প্রযুক্তিৰ এই দ্ৰুত বিকাশৰ লগে লগে চাইবাৰ অপৰাধো বৃদ্ধি পাইছে। চাইবাৰ অপৰাধ মানে হৈছে কম্পিউটাৰ, মোবাইল, ইণ্টাৰনেট আদি ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি কৰা অবৈধ বা অপৰাধমূলক কাৰ্যকলাপ। ছাইবাৰ অপৰাধীয়ে আপোনাৰ মোবাইল ফোন, কম্পিউটাৰ বা তেনেধৰণৰ অন‍্য নেটৱৰ্কিং ডিভাইচসমূহ পোনপটীয়াকৈ লক্ষ‍্য কৰি গুৰুত্বপূৰ্ণ তথ‍্য আহৰণ কৰে বা আপোনাৰ একাউন্ট হেক কৰে।

আজিকালি অনলাইন বেংকিং ঠগ, ফেচবুক বা ইনষ্টাগ্ৰাম একাউণ্ট হেকিং, ভুৱা লটাৰী বা চাকৰিৰ প্ৰলোভন, অশ্লীল ছবি/ভিডিঅ’ প্ৰচাৰ, চাইবাৰ বুলিং আদি বিভিন্ন ধৰণৰ চাইবাৰ অপৰাধ বৃদ্ধি পাইছে। বহু সময়ত অসচেতনতা আৰু অজ্ঞতাৰ বাবে সাধাৰণ মানুহ এইবোৰৰ চিকাৰ হয়। বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু নৱপ্ৰজন্ম সামাজিক মাধ্যমত অধিক সময় কটোৱাৰ বাবে সহজে প্ৰভাৱিত হয়।
ছাইবাৰ অপৰাধৰ বিভিন্ন প্ৰকাৰ আছে তাৰে ভিতৰত সাধাৰণ প্ৰকাৰসমূহ হ’ল – ছাইবাৰ ফিছিং, ছাইবাৰ হেকিং, ছাইবাৰ ষ্টকিং, পৰিচয় চুৰি, আদি।

এইবোৰ অপৰাধে ব্যক্তিগত, সামাজিক আৰু ৰাষ্ট্ৰীয় স্তৰত গভীৰ প্ৰভাৱ পেলায়। চাইবাৰ অপৰাধ বৃদ্ধিৰ কিছুমান মুখ্য কাৰণ হ’ল—
•       ডিজিটেল জ্ঞানৰ অভাৱ।
•       অসচেতনতা আৰু অসতৰ্কতা।
•       সহজে অধিক লাভ কৰাৰ লোভ।
•       আইন প্ৰয়োগৰ সীমাবদ্ধতা।
•       কিশোৰ-কিশোৰীৰ অনিয়ন্ত্ৰিত ইণ্টাৰনেট ব্যৱহাৰ।

চাইবাৰ অপৰাধে কেৱল আৰ্থিক ক্ষতি নকৰে, মানসিক আঘাতো প্ৰদান কৰে। ব্যক্তিগত তথ্য ফাদিল হ’লে সমাজত মান-সন্মান নষ্ট হোৱাৰ আশংকা থাকে। ইয়াৰ উপৰি ভুৱা খবৰ (Fake News) প্ৰচাৰে সমাজত অস্থিৰতা সৃষ্টি কৰিব পাৰে। সেয়েহে চাইবাৰ সুৰক্ষা আজিৰ সময়ৰ এক গুৰুত্বপূৰ্ণ বিষয়।

এই সমস্যাৰ পৰা হাত সাৰিবলৈ কিছুমান সতৰ্কতা অৱলম্বন কৰাটো অতি প্ৰয়োজন। প্ৰথমতে, নিজৰ Password শক্তিশালী আৰু গোপনীয় কৰি ৰাখিব লাগে। OTP, ATM PIN আদি কেতিয়াও আনক জনোৱা উচিত নহয়। অচিনাক্ত লিংক বা ই-মেইল ক্লিক কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰিব লাগে। সামাজিক মাধ্যমত ব্যক্তিগত তথ্য সীমিতভাৱে শ্বেয়াৰ কৰা উচিত। সন্দেহজনক ঘটনা দেখা দিলে লগে লগে চাইবাৰ আৰক্ষীৰ কাষ চাপিব লাগে। অচিনাকী উৎসৰ পৰা লিংক বা সংলগ্নসমূহ খুলিব নালাগে। কোনো মাধ‍্যমৰ পৰা যিকোনো মবাইল এপ ডাউনলোড আৰু ইনষ্টল কৰোতে প্ৰদান কৰিবলগীয়া অনুমতিসমূহ দিওতে অত‍্যন্ত সাৱধান হ’ব লাগে।

চৰকাৰেও চাইবাৰ অপৰাধ ৰোধৰ বাবে বিভিন্ন আইন আৰু ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু কেৱল আইনেই যথেষ্ট নহয় জনসচেতনতাই হৈছে মুখ্য উপায়। বিদ্যালয় আৰু মহাবিদ্যালয়ত চাইবাৰ সুৰক্ষা বিষয়ে শিক্ষা প্ৰদান কৰাটো বতৰ্মান সময়ত অতি দৰকাৰী হৈ পৰিছে।

সামগ্ৰিকভাৱে ক’বলৈ গ’লে, ডিজিটেল জগতখন যিমান সহজ যদিও সতৰ্ক হোৱাটো অতিকৈ প্ৰয়োজনীয়। সচেতনতা, সঠিক জ্ঞান আৰু দায়িত্বশীল ব্যৱহাৰৰ মাধ্যমেই আমি চাইবাৰ অপৰাধ ৰোধ কৰিব পাৰোঁ। প্রযুক্তি এখন দুমুখীয়া অস্ত্ৰ। সঠিক ব্যৱহাৰে উন্নতি আনে, অপব্যৱহাৰে বিপদ সৃষ্টি কৰে। সেয়েহে সচেতনতা আৰু দায়িত্ববোধেই চাইবাৰ সুৰক্ষাৰ মূল চাবিকাঠি।