চাইবাৰ অপৰাধীৰ কবলত ডিব্ৰুগড়ৰ সাংবাদিক : ভুৱা একাউন্ট খুলি ধন সৰকোৱাৰ চেষ্টা
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য খনত চাইবাৰ অপৰাধীয়ে সম্প্ৰতি মাৰাত্মকভাৱে গা কৰি উঠিছে। এটাৰ পাছত এটা চাইবাৰ অপৰাধৰ ঘটনা পোহৰলৈ অহাৰ লগতে এইবাৰ ডিব্ৰুগড়ৰ কেইবাজনো ব্যক্তিৰ লগতে জ্যোষ্ঠ সাংবাদিক ৰাতুল গোহাঁই এইবাৰ পৰিছে চাইবাৰ অপৰাধীৰ কবলত। ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক, ডি ৱাই ৩৬৫ আৰু ‘অসমীয়া খবৰ’ৰ সাংবাদিক ৰাতুল গোহাঁইৰ ফেচবুক একাউণ্টৰ নামত দুষ্ট চক্ৰই গোহাঁইৰ ফটো আৰু নাম ব্যৱহাৰ কৰি এটা ফেচবুক একাউণ্ট খোলাৰ লগতে সমান্তৰাল কৈ ইনষ্টাগামতো তেওঁৰ ফটো লগাই এটা একাউণ্ট খুলি বিভিন্ন জনলৈ মেচেজ প্ৰেৰণ কৰে। ভুৱা একাউন্টৰ পৰা ৰাতুল গোহাঁইৰ সৈতে সংযুক্ত হৈ থকা ফেচবুক বন্ধু আৰু ইনষ্টাগ্ৰামৰ ব্যক্তি সকলোলৈ মেচেজৰ জৰিয়তে বিভিন্ন ধৰণৰ বাৰ্তালাপ কৰাৰ লগতে ধন বিচাৰি ব্যতিব্যস্ত কৰে। দুষ্ট চক্ৰই ৰাতুল গোহাঁইৰ সৈতে সংযুক্ত হৈ থকা প্ৰায় দুই শতাধিক বচা বচা ব্যক্তিলৈ মেচেজত বাৰ্তালাপ আৰু পৰৱৰ্তী সময়ত “গুগল পে “ৰ জৰিয়তে ধন বিচৰাৰ লগতে ৮৭৯৫৮৩৯৭৭৯ এই নম্বৰটো প্ৰদান কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিক জনে অৱগত হোৱাৰ লগে লগে ডিব্ৰুগড় সদৰ আৰক্ষী থানা চৌহদত অৱস্থিত “চাইবাৰ অপৰাধ অনুসন্ধান শাখা” ত এক গোচৰ দিয়ে। কিন্তু জানিব পৰা মতে এই গোচৰৰ পাছতো বিভিন্ন জনলৈ বিভিন্ন মেচেজ প্ৰেৰণ কৰি থকা বুলি জানিব পৰা গৈছে।আনকি চক্ৰটোৱে তেওঁ লোকৰ জালত পেলাবৰ বাবে ইংৰাজী, বাংলা লগতে অসমীয়া ভাষাটো মেচেজ প্ৰেৰণ কৰিছে। অভিযোগ মতে কোনো কোনো লোকক ১৫,০০০ টকা, ১০,০০০টকা, ৮,০০০টকা ইত্যাদি বিভিন্ন পৰিমানৰ টকা ‘গুগল পে’ৰ জৰিয়তে ট্ৰেন্সফাৰ কৰিবলৈ কৈ পৰৱৰ্তী সময়ত উক্ত টকা ঘুৰাই দিম বুলিও মেচেজ প্ৰেৰণ কৰে। এইয়া দুষ্ট চক্ৰৰ ধন ঘটাৰ সহজ কৌশল বুলি জানি বিভিন্ন জনে এইয়া ভুৱা একাউণ্ট বুলি উত্তৰ দিয়াৰ লগে লগে বিভিন্ন অশ্লীল ভাষা লিখি মেচেজ দিয়া বুলি অভিযোগ উঠিছে। আনহাতে এই ঘটনাৰ পাছতে সাংবাদিক জনৰ নামত এনেদৰে ভুৱা একাউন্ট খুলি ধন বিচৰাৰ লগতে মানসিক অশান্তি কৰি তেওঁৰ ভাবমূর্ত্তি জনমানসত হেয় প্রতিপন্ন কৰাই নহয়, স্বাভাৱিক জীৱনতো ব্যাপক অশান্তি আৰু উদ্বেগ সৃষ্টি কৰা সন্দৰ্ভত চাইবাৰ অপৰাধ শাখাত অভিযোগৰ ৪৮ ঘণ্টা উকলি যোৱাৰ পাছতো বিশেষ সঁহাৰি লাভ নকৰাত মানসিক ভাৱে ভাগি পৰিছে বুলি গোহাঁইয়ে কয়।ৰাজ্যত এতিয়া সামাজিক মাধ্যমত কৰা প্ৰবঞ্চনা, বিত্তীয় প্ৰবঞ্চনা, ই-মেইল, ফেচবুক, বেংক একাউণ্ট হেকিং, ভুৱা একাউণ্ট খোলা কাৰ্য্য,ফেচবুকত অশ্লীল ফটো বা অশালীন বক্তব্য প্ৰকাশ কৰা আদি ঘটনা দ্ৰুতভাৱে বৃদ্ধি পাইছে যদিও জটিল চাইবাৰ অপৰাধ উৎখাতৰ বাবে সুনিপুণ কাৰিকৰী অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ অভাৱত আৰক্ষীয়ে সঠিকভাৱে অনুসন্ধান কৰাত ব্যৰ্থ হৈ আহিছে বুলিও অভিযোগ উত্থাপন হৈছে,।যাৰ বাবে ভয়াবহ হাৰত বৃদ্ধি পাইছে চাইবাৰ অপৰাধ।