চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 

চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে চাইপ্ৰাছত থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰা হৈছে। ২৩ বছৰৰ ভিতৰত চাইপ্ৰাছ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে অৰ্ডাৰ অৱ মাকাৰিয়াছ তৃতীয়ৰ গ্ৰেণ্ড ক্ৰছ বঁটা প্ৰদান কৰে। চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰি আনন্দ প্রকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই অসামৰিক সন্মান লাভ কৰি প্রধানমন্ত্রী মোদীয়ে কয়, ‘এই বঁটা ১৪০ কোটি ভাৰতীয়ৰ বাবে এক সন্মান। আমাৰ দেশৰ ভাতৃত্ববোধ আৰু বসুধৈৱ কুটুম্বকমৰ মতাদৰ্শৰ বাবে এয়া এক সন্মান।’ চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান লাভ কৰি সুখ প্রকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্রধানমন্ত্রী মোদীয়ে লিখিছে, চাইপ্ৰাছৰ ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ III’ৰ সন্মান লাভ কৰি মই অতি সুখী। আমাৰ দেশৰ বন্ধুত্বৰ বাবে এইখিনি উৎসৰ্গা কৰিছো। প্ৰধানমন্ত্ৰীয়ে কয়, ‘গ্রেণ্ড ক্রছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ III’ প্ৰদান কৰাৰ বাবে আপোনালোক, চাইপ্রাছ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰিছো। এই সন্মান কেৱল মোৰ নহয়, ১৪০ কোটি ভাৰতীয়ৰ সন্মান। আমাৰ দেশৰ ভাতৃত্ববোধ আৰু বসুধৈৱ কুটুম্বকমৰ মতাদৰ্শৰ বাবে এয়া এক সন্মান।’ প্রধানমন্ত্রীয়ে আৰু কয়, ‘মই এই বঁটা ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পর্ক, আমাৰ ভাগ-বতৰা কৰা মূল্যবোধ আৰু আমাৰ পৰম্পৰাগত বুজাবুজিৰ বাবে উৎসৰ্গা কৰিছো। এই সন্মান সকলো ভাৰতীয়ৰ হৈ কৃতজ্ঞতাৰে গ্ৰহণ কৰো। এই বঁটা শান্তি, সার্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা আৰু অটল প্রতিশ্রুতিৰ প্ৰতীক।’ ইয়াৰ পূৰ্বে প্রধানমন্ত্রী মোদীয়ে ভাৰত-চাইপ্ৰাছৰ ব্যৱসায়িক বৈঠকত ভাষণ দি চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণত কয়, ‘প্রথমে মই ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জনাইছো যে আজি তেওঁ নিজেই মোক বিমানবন্দৰত আদৰণি জনাবলৈ আহিছিল। তেওঁ ব্যৱসায়িক নেতাসকলৰ সৈতে ইমান ডাঙৰ ঘূৰণীয়া মেজমেলৰ আয়োজন কৰিছে, ইয়াৰ বাবে মই অতিশয় কৃতজ্ঞ। মোৰ আৰু আমাৰ অংশীদাৰিত্বৰ প্ৰতি তেওঁৰ ইতিবাচক চিন্তাৰ বাবেও মই আপোনালোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছো।’
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২৩ বছৰৰ পাছত ভাৰতৰ কোনো প্রধানমন্ত্রীয়ে চাইপ্রাছ ভ্ৰমণ কৰিছে আৰু প্রথমটো অনুষ্ঠান হৈছে ব্যৱসায়িক ঘূৰণীয়া মেজমেল। ইয়াৰ দ্বাৰা ভাৰত-চাইপ্ৰাছৰ সম্পৰ্কত অৰ্থনৈতিক জগতৰ লোকৰ গুৰুত্বৰ ইংগিত পোৱা যায়। আপোনালোকৰ মতামত খুব মন দি শুনিছো। ভাৰত-চাইপ্ৰাছৰ অৰ্থনৈতিক সম্পৰ্কৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা মই অনুভৱ কৰিছো। আপোনালোকৰ চিন্তাত কেৱল সম্ভাৱনাই নহয় দৃঢ়তাও অনুভৱ কৰিব পাৰো। এইটো স্পষ্ট যে আমাৰ সম্পৰ্কবোৰ আগুৱাই যোৱাৰ অপৰিসীম সম্ভাৱনা আছে।