চাইকেল
মুন শৰ্মা, লখিমপুৰ
ভগ্নপ্ৰায় অৱস্থা নাই,
এখন চাইকেল এচুকত বিকল,
কাল পুৰণি আকৌ একাংশ মামৰে খায়।
পৰি আছে সি ঘৰৰ এচুকত,
অৰ্ধ মৃত্যুৰ তাৰ কাণ সাৰ বুলিব কৰোঁৰে নাই।
অজস্ৰ অসংখ্য কাহিনী অশেষ,
লিপিত খাই আছে বহুতত সি,
জীৱন বাটৰ এচোৱা সময়,
পৰিচয় তাৰ সংগী মোৰ।
চিনাকি তাহানি শৈশৱতে তাৰ,
পিতাই লগতে পঢ়াশালি যাওঁ,
সময় বাগৰে হাফ পেডেল মাৰ,
ৰঙ পায় বাঢ়িল সম্পৰ্ক তাৰ।
সময় গতিশীল বহুতো হেৰাই;
এদিন নীৰৱে মাগিলে বিদায়;
বিছেদৰ বেদনাত চুকত সোমাল;
দুহাতেৰ পৰশ নপৰি নেপায়;
দুৰ্ভাগ্য বিৰহত অভিমানি হ’ল;
ঘৰে এচুকত নিসংগে ৰ’ল।