চাংসাৰীত কেম্পা বটলিং প্লান্ট উদ্বোধন মুখ্যমন্ত্ৰীৰ

চাংসাৰীত কেম্পা বটলিং প্লান্ট উদ্বোধন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই  ৰিলায়েঞ্চ গ্ৰুপৰ প্রতিষ্ঠান ৰিলায়েঞ্চ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে ৰাজ্যখনৰ স্থানীয় প্রতিষ্ঠান জেৰিকো ফুডছ আৰু বিভাৰেজৰ সহযোগত গুৱাহাটীৰ নিকটৱৰ্তী চাংসাৰিত স্থাপন কৰা নতুন কেম্পা আৰু বিভাৰেজৰ বটলিং প্লাণ্টৰ শুভ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই  কয় যে আজিৰ দিনটো ৰাজ্যখনৰ বাবে এটি সুন্দৰ দিন। ৰিলায়েঞ্চ গ্ৰুপৰ প্রতিষ্ঠান ৰিলায়েঞ্চ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে ৰাজ্যখনৰ স্থানীয় প্রতিষ্ঠান জেৰিকো ফুডছ আৰু বিভাৰেজৰ সহযোগত অসমত স্থাপন কৰা নতুন কেম্পা আৰু বিভাৰেজৰ বটলিং প্লান্টটোৰ উৎপাদনৰ কাম আজিৰে পৰা আৰম্ভ হ’ল। এই উদ্যোগটোৱে অতি সুন্দৰভাৱে কেম্পা কোলা আৰু ইয়াৰ লগত জড়িত প্রডাক্টসমূহ উৎপাদন কৰি লাহে লাহে আগবাঢ়ি যাবলৈ সক্ষম হ’ব। ৰিলায়েঞ্চ গ্ৰুপৰ দৰে এটা বৃহৎ প্রতিষ্ঠানে অসমত উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি অহাটো ৰাজ্যখনৰ বাবে এক আনন্দৰ কথা। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে প্রায় ২৫০ কোটি টকা ব্যয়েৰে আৰম্ভ কৰা এই প্রকল্পটোৱে প্রায় ৩০০ যুৱক-যুৱতীক প্রত্যক্ষভাৱে আৰু পৰোক্ষভাৱে প্ৰায় ১ হাজাৰক কর্মসংস্থাপন দিবলৈ সক্ষম হ’ব। ৰাজ্যখনত বহু দিন ধৰি উদ্যোগ স্থাপনৰ বাবে প্রয়োজনীয় পৰিৱেশ গঢ় লৈ নুঠাৰ বাবে বহু যুৱক-যুৱতী অন্য ৰাজ্যত কর্মসংস্থাপন বিচাৰি যাবলৈ বাধ্য হৈ পৰিছিল। বর্তমান লাহে লাহে ৰাজ্যখনত উদ্যোগীকৰণৰ পৰিৱেশ গঢ় লৈ উঠাত সেইসমূহ যুৱক-যুৱতীয়ে অসমলৈ পুনৰ ঘূৰি আহি স্বগৃহৰ কাষতে কর্মসংস্থাপন পাবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লগতে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰ পাছত অসমত প্ৰায় ৪০ হাজাৰ কোটি টকা বিনিয়োগেৰে কেইবাটাও উদ্যোগ স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল আৰু লাহে লাহে সেই বুজাবুজি চুক্তি অনুসৰি অসমত উদ্যোগ স্থাপনৰ ব্যৱস্থা কাৰ্যকৰী হ’বলৈ ধৰিছে। জেৰিকোৰ সৈতে দুবছৰ আগতে এই উদ্যোগটো স্থাপনৰ বাবে বুজাবুজিৰ স্বাক্ষৰ কৰা হৈছিল। অতি কম সময়ৰ ভিতৰত এই প্রতিষ্ঠানটোৱে উৎপাদনৰ পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হৈছে। এডভান্টেছ আছাম ২.০ৰ আৰম্ভণিতে টাটা ইলেক্ট্র’নিকছৰ ছেমিকণ্ডাক্টৰ, জেৰিকোৰ ফুডছ আৰু বিভাৰেজ আদিকে ধৰি কেইবাটাও উদ্যোগ ৰাজ্যখনলৈ অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে কেইদিনমান আগতে ইনফ’ছিছে অসমত এটা কেন্দ্ৰ স্থাপনৰ লগতে ৰুৰেল প্রডাক্টছ নামৰ উদ্যোগটোৱে বিপিঅ’ স্থাপন কৰিছে। যোৱা কেইদিনমানত ৰাজ্যখনত ঔদ্যোগিক আৰু বৃহৎ বৃহৎ প্রতিষ্ঠানসমূহ আহিবলৈ আৰম্ভ কৰিছে। বিগত দিনবিলাকত বহু চেষ্টাৰ পিছতো অসমত বিপিঅ’ তথা আইটি ডেভেলপমেন্ট চেন্টাৰ আদি আৰম্ভ কৰিব পৰা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেই দিশতো আজি ৰাজ্য চৰকাৰে কাম আৰম্ভ কৰিছে। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসমত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ৰ জৰিয়তে ১ লাখ কোটি টকাতকৈও অধিক পুঁজিৰ বিনিয়োগ অসমলৈ অহাটো নিশ্চিত আৰু এই দিশত কাম কৰি থকা হৈছে। এই সন্মিলনত ৰিলায়েঞ্চ গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানি, টাটা ছন্সৰ অধ্যক্ষকে ধৰি ভাৰতৰ বৃহৎ বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠানৰ মুখ্য ব্যক্তিসকল অসমলৈ এটা মুকলি মন লৈ আহি প্ৰথমবাৰৰ বাবে তেওঁলোকে ব্যক্তিগত বিনিয়োগ ঘোষণা কৰিব পাৰে বুলিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়। অসমত উদ্যোগ স্থাপনৰ বাবে যদি এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পৰা যায় তেন্তে ব্যক্তিগত কোম্পানীসমূহৰ অসমলৈ অহাৰ যি যাত্রা আৰম্ভ হ’ব সেই যাত্ৰাই ৰাজ্যখনক অর্থনৈতিকভাৱে বহু ওপৰলৈ লৈ যাব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে আজি আৰম্ভ হোৱা এই প্ৰকল্পৰ সম্প্ৰসাৰণৰ ফলত ভৱিষ্যতে ইয়াত আৰু অধিক যুৱক-যুৱতী সংস্থাপিত হোৱাৰ আশা কৰা হৈছে। কেম্পা কোলাৰ এই যাত্রাত সকলোকে সহযোগ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনায়। শীতল পানীয়ৰ বজাৰখনত একমাত্র পেপচি আৰু কোকাকোলাৰ আধিপত্য আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ভাৰতৰ নিজা ব্ৰেণ্ড কেম্পা কোলাৰ সৈতে ৰিলায়েঞ্চে সহযোগ কৰাৰ ফলত ইয়াৰ আকৰ্ষণ বৃদ্ধি পাইছে। কেম্পা কোলাৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ই অন্য শীতল পানীয়তকৈ আধা মূল্যত উপলব্ধ হোৱাৰ বাবে সকলোৰে বাবে সহজলভ্য হ’ব আৰু ভাৰতীয় ব্রেণ্ডে গ্ল’বেল ব্ৰেণ্ডৰ লগত শীতল পানীয়ৰ প্রতিযোগিতামূলক বজাৰখনত সমানে সমানে আগবাঢ়ি যাব পাৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেম্পা কোলাৰ এই যাত্রাক অধিক গতিশীল আৰু সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান জনায়। উক্ত এই অনুষ্ঠানত বিধায়ক দিগন্ত কলিতা, ৰিলায়েঞ্চ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া কেটন মোদী, জেৰিকো প্ৰতিষ্ঠানৰ প্ৰম’টাৰ শ্বেতা আগৰৱালা, সুৰেশ আগৰৱালা প্ৰমুখ্যে দুয়োটা প্রতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।