চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১২ জনলৈ বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ।মঙলবাৰে দুৰ্যোগৰ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা ব্যৱস্থাই জাৰি কৰা তথ্য অনুসৰি অসমৰ ২১খন জিলাৰ ৬.৩৩ লাখৰো অধিক লোকৰ ক্ষতিসাধন হোৱাৰ লগতে পুনৰ ৬ গৰাকী লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে ৰাজ্যখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১২ গৰাকীলৈ বৃদ্ধি পাইছে । মঙলবাৰৰ নিশালৈকে বিগত ২৪ ঘন্টাত হাইলাকান্দি (১), মৰিগাঁও (১), কাছাৰ (১), শোণিতপুৰ (১)আৰু তিনিচুকীয়া (১), শ্ৰীভূমিত (১) এটা শিশুকে ধৰি মুঠ ৬ গৰাকী লোকৰ মৃত্যু হয় ৷ ইফালে কাছাৰ জিলাৰ পৰা আন এগৰাকী ব্যক্তি নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰোপৰি বৰ্তমান সময়তো নিমাতীঘাট আৰু তেজপুৰ ব্ৰহ্মপুত্ৰ নদী, খোৱাঙৰ চেনিমাৰীত বুঢ়িদিহিং, কামপুৰ আৰু ধৰমতুলত কপিলী, ফুলেৰতল, এ পি ঘাট আৰু বি পি ঘাটত বৰাক, ধোলাইত ৰুকনি, ঘৰমুৰাৰ ধলেশ্বৰী আৰু শ্ৰীভূমিৰ কুশিয়াৰা নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে । ইয়াৰোপৰি সৰ্বোচ্চ বিপদসীমাৰ ওপৰৰে বৈ আছে কাটাখাল নদী (মাতিজুৰি)।ইফালে বানৰ ফলত ৰাজ্যৰ ২১ খন জিলাৰ মুঠ ৬৯ টা ৰাজহ চক্ৰৰ ১,৫০৬ খন গাঁৱৰ ৬,৩৩,১১৪ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে । শ্ৰীভূমি জিলাত সৰ্বাধিক ২,৩১,৫৩৬ গৰাকী লোক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে নগাঁৱত ৯৯,৮১৯ গৰাকী আৰু কাছাৰত ৮৯,৩৪৪ গৰাকী লোক বানত আক্ৰান্ত হৈছে । প্লাৱিত হৈছে ১৪,৭৩৯ হেক্টৰ কৃষি ভূমি ।ৰাজ্যখনৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে মুকলি কৰা মুঠ ২২৩টা সাহায্য শিবিৰত ৩৯,৭৪৬ গৰাকী স্থানচ্যুত লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷ আনহাতে ২৮৮টা সাহায্য বিতৰণ কেন্দ্ৰও কাৰ্যক্ষম হৈ আছে । বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৪,৯৪,১৩২ টা পশুধন। ইয়াৰোপৰি প্ৰায় ১৫১ টা পশুধন বানত উটি গৈছে। বানৰ ফলত প্ৰায় ৮০ টা ৰাস্তা ক্ষতিগ্ৰস্ত হৈছে আৰু ২ টা মথাউৰি ভাঙিছে আৰু তিনিটা ক্ষতিগ্ৰস্ত হৈছে ৷