চলিত বৰ্ষত ৮.০২ লাখ মেট্রিক টনতকৈ অধিক ধান ক্ৰয় কৰিছে অসমেঃমুখ্যমন্ত্ৰী

চলিত বৰ্ষত ৮.০২ লাখ মেট্রিক টনতকৈ অধিক ধান ক্ৰয় কৰিছে অসমেঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ধান ক্ৰয়ৰ ক্ষেত্ৰত অসমে এক নতুন মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হৈছে। সামাজিক মাধ্যমযোগে ধান ক্রয়ৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ্য কৰে যে ২০২৫ বৰ্ষত প্ৰথমবাৰৰ বাবে অসমে ন্যূনতম সমৰ্থিত মূল্যৰ জৰিয়তে ৮.০২ লাখ মেট্রিক টন ধান ক্ৰয় কৰিবলৈ সক্ষম হৈছে। সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে উল্লেখ্য কৰে যে- ধান ক্ৰয়ৰ এই অভিলাষে অসমৰ কৃষিখণ্ডৰ অগ্রগতি আৰু সমৃদ্ধিৰ প্ৰতিফলন ঘটাইছে। এয়া কৃষক আৰু ৰাজ্যৰ বাবে এক গৌৰৱ আৰু ঐতিহাসিক কৃতিত্ব। মুখ্যমন্ত্রী ড° শর্মাই ধান ক্ৰয়ৰ পৰিসংখ্যা দাঙি ধৰি উল্লেখ কৰা অনুসৰি প্ৰথম পৰ্যায়ত ৭ লাখ মেট্রিক টন, দ্বিতীয় পর্যায়ত ১ লাখ মেট্রিক টনৰো অধিক ধান ক্ৰয়ৰ জৰিয়তে চলিত বৰ্ষৰ ৫ ছেপ্টেম্বৰ পৰ্যন্ত ৮.০২ লাখ মেট্রিক টনতকৈ অধিক ধান ক্ৰয় কৰিছে ৰাজ্য চৰকাৰে। আনহাতে ৰাজ্য চৰকাৰে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা এক বিশ্বমানৰ সংগ্ৰহালয় নির্মাণক লৈ প্ৰাৰম্ভিক পদক্ষেপ আগবঢ়াইছে । এই সন্দৰ্ভতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জেএছডব্লিউৰ অধ্যক্ষা সংগীতা জিন্দালৰ সৈতে এক আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শর্মাই এই কথা প্ৰকাশ কৰি উল্লেখ কৰিছে- অসমৰ সাংস্কৃতিক ঐতিহ্যৰ দিশত এক ঐতিহাসিক খোজৰ বাবে আমি প্রস্তুতি চলাইছোঁ। আমাৰ বাবে অমূল্য বৃন্দাবনী বস্ত্ৰখন ৰখাৰ কাৰণে গুৱাহাটীত এক বিশ্বমানৰ সংগ্ৰহালয় নির্মাণ সন্দর্ভত জেএছডব্লিউৰ অধ্যক্ষা সংগীতা জিন্দালৰ সৈতে এক বিতং আলোচনাত মিলিত হৈছিলোঁ। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ সময়ত বৈ উলিওৱা এই অসাধাৰণ বস্ত্ৰখন শ্রেষ্ঠত্বৰ উত্তম নিদর্শন। ২০২৭ চনত অমূল্য সম্পদভাগী বিশেষ নিয়মসাপেক্ষে অসমলৈ অনা হ’ব। ইয়াৰ মহৎ ঐতিহ্যক সন্মান জনোৱাৰ বাবে জেএছডব্লিউ-এ ব্রিটিছ সংগ্ৰহালয়ৰ নিৰ্দিষ্ট বিৱৰণ অনুসৰি বিশ্বব্যাপী মানযুক্ত গুৱাহাটীত এক অত্যাধুনিক সংগ্রহালয় নিৰ্মাণ কৰিব।