চলিত বর্ষতে জোঙালবলহু গড়ত নির্মিত পর্যটন ক্ষেত্র হ’ব মুকলিঃমুখ্যমন্ত্ৰী 

চলিত বর্ষতে জোঙালবলহু গড়ত নির্মিত পর্যটন ক্ষেত্র হ’ব মুকলিঃমুখ্যমন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ উজাৰিৰ জেমন চন্দ্র বৰদলৈ ক্ষেত্ৰত ২১ মার্চৰ পৰা অনুষ্ঠিত তিৱা মাখনলাই তথা (সাহিত্য সভা)ৰ ত্রয়োদশ কেন্দ্রীয় অধিবেশনৰ অন্তিম দিনাৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে জন্মলগ্নৰে পৰা তিৱা সাহিত্য সভাই জনগোষ্ঠীটোৰ ভাষা-সাহিত্যৰ বিকাশৰ বাবে লোবা ভূমিকাই নতুন প্রজন্মক বিশেষভাবে উৎসাহিত কৰিছে। তেওঁ তিৱা সাহিত্য সভাৰ নৱনির্বাচিত সভাপতি সাহিত্য অকাডেমিৰ ভাষা সন্মান বঁটাপ্রাপক হৰসিং খলাক অভিনন্দন জ্ঞাপন কৰে। বিংশ শতিকাৰ প্রায় ‘৭০ৰ দশকৰ পৰা তিৱা ভাষাৰ লিখিত সাহিত্যৰ বিকাশ হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এইক্ষেত্রত মুখ্য ভূমিকা লৈছিল ১৯৭৩ চনত প্রকাশিত সদৌ অসম তিৱা যুব-ছাত্র সন্মিলনৰ বিংছাংনামৰ মুখপত্রখনে। বিংছাঙত জনগোষ্ঠীটোৰ গৌৰৱমণ্ডিত ইতিহাস, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য আদি প্রকাশ পাইছিল। বিংছাঙে তিৱা সাহিত্যৰ লেখক-লেখিকাসকলক উৎসাহিত কৰিছিল। মুখ্যমন্ত্রী ড° শর্মাই নিজৰ ভাষণত তিৱা সাহিত্য সভাৰ ইতিবৃত্ত বিতংভাৱে বর্ণনা কৰি কয় যে ১৯৮০ চনৰ ১৫ নৱেম্বৰত তিৱা ভাষা উন্নয়ন পৰিষদ আৰু পিছত সদৌ তিৱা সাহিত্য সভা আৰু পৰৱৰ্তী সময়ত তিৱা মাথনলাই তন্ত্রা হিচাপে ইয়াৰ নামকৰণ কৰা হয়। তিৱা ভাষা-সাহিত্যৰ বিকাশৰ দিশত তিৱা মাথনলাই তাৰ অধিবেশনসমূহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। নতুন প্রজন্মৰ মাজত তিৱা ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে তিৱা সাহিত্য সভাই সদায় প্রয়াস চলাই আহিছে। তিৱা জনগোষ্ঠী নিজৰ ঐতিহ্য আৰু সংস্কৃতিৰে চহকী। তিৱা ৰজা জোঙালবলহুৰ বীৰত্বৰ গাথা আৰু ৰহাৰ ওচৰত থকা জোঙালবলহু গড়ৰ অবশিষ্টই আজিও তিৱা ৰজাসকলৰ গৰিমাময় শাসনৰ দিনবোৰৰ কথা সোঁৱৰাই দিয়ে। মুখ্যমন্ত্রী ড° শর্মাই পুনৰ কয় যে কেন্দ্রীয় চৰকাৰ আৰু অসম চৰকাৰে প্রতিটো জনগোষ্ঠীৰ ভাষা, কলা-কৃষ্টি আৰু ধর্মীয় ৰীতি-নীতি সংৰক্ষণৰ বাবে নিৰন্তৰ প্রয়াস চলাই আহিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে তিৱা ভাষাত পঞ্চম শ্রেণীলৈকে যাতে পঢ়াব পাৰি তাৰ বাবে অসমৰ ৰাজ্যপালে ইতিমধ্যে অধিসূচনা জাৰি কৰিছে। তিৱা মাথনলাই তন্ত্রাৰ উদ্যোগত ইতিমধ্যে এছ চিইআবটিয়ে পাঠ্যপুথিও প্রণয়ন কৰিছে। তিৱা ভাষাক সম্পূর্ণৰূপে আগবঢ়াই লৈ যাবলৈ ৰাজ্য চৰকাৰে চেষ্টাৰ ত্রুটি নকৰে বুলি উল্লেখ কবি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে তিৱা সংস্কৃতিৰ বিকাশৰ বাবে চৰকাৰে সকলোধৰণে সহায় কবিব। তেওঁ লগতে আজি প্রদর্শন কৰা এহেজাৰ শিল্পীৰ তিৱা নৃত্য গুৱাহাটীৰ সৰুসজাই  ষ্টেডিয়ামত প্রদর্শন কৰা হ’ব বুলিও আশ্বাস দিয়ে। তেওঁ লগতে তিৱা জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণয়নৰ বাবে তিৱা সাহিত্য সভাক আহ্বান জনায় আৰু ইয়াৰ সমস্ত ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব বুলি প্রতিশ্রুতি দিয়ে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে পূর্বপুৰুষসকলৰ ভাষা-সংস্কৃতিৰ সমান্তৰালভাৱে পূর্বপুৰুষসকলৰ ধর্ম ৰক্ষা কৰাও অতি দৰকাৰ। নিজৰ পূৰ্বপুৰুষসকলৰ ধৰ্মক অক্ষুণ্ণ বখাটো সকলোৰে দায়িত্ব। মুখ্যমন্ত্রী ড° শর্মাই কয় যে ভাষা, সাহিত্য, সাজ-পোছাক, কলা-সংস্কৃতিৰ দৰে আমাৰ সাতামপুৰুষীয়া ধর্মও আমাৰ পৰিচয়। নিজৰ ভৰিৰ তলৰ মাটি কাকো কাঢ়ি নিয়াৰ অনুমতি নিদিবলৈ তেওঁ জনগোষ্ঠীটোৰ প্রতি আহ্বান জনায়। তেওঁ মহাত্মা গান্ধীৰ উদ্ধৃতিবে কয় যে খিৰিকী, দুৱাৰ খোলা ৰাখিব লাগে, বতাহ আহিব। কিন্তু ঘৰৰ ভেটি কাকো কোনো কাৰণতে নিবলৈ দিব নালাগে। সি লাগিলে আমাৰ যিমানেই আপোন নহওক কিয়। চাৰণ বিলৰ সন্মুখত ৩ কঠা মাটিত তিৱা সাহিত্য সভাই এখন কলাক্ষেত্র নির্মাণৰ যি প্রস্তাব দিছিল সেই সন্দর্ভত আজিৰ সভাতেই সমস্ত পুঁজি চৰকাৰে যোগান ধৰাব আশ্বাস দিয়ে মুখ্যমন্ত্রী ড° শৰ্মাই। তিনি মাহৰ ভিতৰত প্রস্তাবত অনুমোদন দিয়া হ’ব বুলিও তেওঁ কয়। লগতে এই বছৰৰ ভিতৰত জোঙালবলহু গড়ত নির্মিত পর্যটন ক্ষেত্র মুকলি কৰি দিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে। তিৱা সাহিত্য সভাই দিয়া প্রস্তাব অনুসবি প্রয়োজন হ’লে নিশ্চয় তিৱা ভাষা শিক্ষক নিযুক্তি দিয়া কথাও তেওঁ উল্লেখ করে। তেওঁ লগতে জনজাতীয় বেল্ট আৰু ব্লকব সকলো মাটি বিদেশীৰ কবলৰ পৰা মুক্ত কৰা হ’ব বুলি দৃঢ়তাৰে ঘোষণা কৰে। নিজৰ ভাষণত মৰিগাঁও সমষ্টিৰ বিধায়ক বমাকান্ত দেউৰীয়ে তিৱা ভাষা-সাহিত্যৰ সংৰক্ষণৰ বাবে যিসকল মনীষীয়ে বৰঙণি আগবঢ়াই থৈ গৈছে তেওঁলোকক শ্রদ্ধাবে স্মৰণ কৰে। তিৱা ভাষা সাহিত্যৰ সংৰক্ষণৰ বাবে নতুন প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে তিৱা ভাষা-সাহিত্য সংৰক্ষণৰ বাবে এতিয়াই যদি প্রয়াস চলোৱা নহয় তেনেহ’লে ভবিষ্যৎ প্রজন্মই আমাক ক্ষমা নকৰিব। তেওঁ সমৃদ্ধতিরা ভাষা, সাহিত্য, সংস্কৃতিৰ ওপৰত আলোকপাত কবি তিৱা সংস্কৃতিক জগত সভালৈ নিয়াৰ বাবে তিৱা জনগোষ্ঠীৰ লোকসকলক প্রয়াস চলাই যাবলৈ আহ্বান জনায়। লক্ষ্যণীয়ভাবে বিধায়ক দেউৰীয়ে পৰিবেশন কৰা এটা গীতে মুখ্যমন্ত্রী ড০ শর্মা সমন্বিতে উপস্থিত সকলোকে আমোদ দিয়ে। অনুষ্ঠানত মন্ত্রী পীযূষ হাজৰিকা, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁৱৰ জিলা আযুক্ত দেবাশিস শর্মা, তিবা সাহিত্য সভাৰ বিষয়ববীয়াসকল আৰু জনগোষ্ঠীটোৰ ভালেসংখ্যক লোক উপস্থিত আছিল। বিদায়ী সভাপতি দীপেন্দ্র নাথ বৰদলৈয়ে সভাপতিত্ব কৰা সভাখনত অংশগ্রহণ কৰে তিৱা সাহিত্য সভাৰ নৱনির্বাচিত সভাপতি হৰসিং খলাবে। সভাখনৰ আঁত ধৰে সাধাৰণ সম্পাদক ড০ বিদ্যুৎ বিকাশ সেনাপতিয়ে।