চম্পাৱতী হাইস্কুলত সম্বৰ্ধনা অনুষ্ঠান

চম্পাৱতী হাইস্কুলত সম্বৰ্ধনা অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী পৌৰনিগমৰ ১১ নং ৱাৰ্ডৰ উদ্যোগত ৬ আগষ্টত চম্পাৱতী হাইস্কুল প্ৰাংগনত এখন কৃতি ছাত্ৰ-ছাত্ৰীসকলক জনোৱা সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত হয়৷ অনুষ্ঠানত সভাপতিত্ব কৰে মিউনিফিচেঞ্চ এন জি অ’ৰ সভাপতি হীৰেন শৰ্মাই৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° মুকুল চক্ৰৱৰ্তী, প্ৰাক্তন অধ্যাপক ড° জগন্নাথ পাটগিৰি,পংকজ নেওঁগ, হেমাংগ দাস, বি জে পি ৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা বিজয় গুপ্তা,জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা, চিকিৎসক অপূৰ্ব কৃষ্ণ শৰ্মাৰ লগতে বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক,অঞ্চলটোৰ গণ্য মাণ্য ব্যক্তি, ৱাৰ্ডৰ নাগৰিক সকল।অনুষ্ঠানত উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ৪০ জন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় আৰু তেওঁ লোকৰ উজ্বল ভৱিষ্যতৰ কামনা কৰা হয়।