ছপা মাধ্যম, অসমীয়া ভাষা আৰু মহিলা সকলৰ দায়িত্ব
বিন্দু ৰাজবংশী কলিতা
মাহটো শেষ হোৱাৰ লগে লগে মনটো আবেগিক হৈ পৰে। ভাল আলোচনী কেইখন আহিব,পঢ়িম। কেইখনমান আলোচনীৰ গল্প কবিতা প্ৰবন্ধ বোৰে বুজাব নোৱৰা প্ৰশান্তি দিয়ে।তাৰ মাজতেই মনটো সেমেকি উঠে চপা মাধ্যমৰ দুৰৱস্থাৰ কথা ভাবি।নতুন প্ৰজন্মৰ যুৱক -যুৱতী বিশেষকৈ গৃহিনী সকলৰ গ্ৰন্থ পঢ়াৰ অভ্যাস নোহোৱা হ’ল। কিতাপ পঢ়ি জ্ঞান লোৱাৰ স্পৃহা নাইকীয়া হ’ল।বিশেষকৈ চচিয়েল মিডিয়া আৰু স্মাৰ্ট ফ’নৰ সহজলভ্য মনোৰঞ্জনে ছপা মাধ্যমক উপলুঙা কৰাৰ দৰে অনুভৱ হয়। বেচিভাগেই জ্ঞান লভাৰ পৰিবৰ্তে মনোৰনঞ্জনক অধিক গুৰুত্ব দিয়ে। বেচিভাগ গৃহিনী অফুৰন্ত সময় পোৱাৰ পিছতো ডিজিটেল মনোৰঞ্জন উপভোগ কৰি সময় অতিবাহিত কৰে। সন্তানবোৰকো ক্ৰমে ডিজিটেল কৰি পেলাইছে। জাতিটোৰ ভাষা সংস্কৃতিৰ বাবে এয়া অকনো শুভলক্ষন নহয়।কিতাপ আলোচনী পঢ়া ব্যক্তি এতিয়া আঙুলি মুৰত লিখিব পৰা।চচিয়েল মাধ্যমতো গুৰুত্বপূৰ্ণ পৰিপুষ্ট লিখনি সমূহ খুউব কম সংখ্যকেহে পঢ়ে। বিগত দিনবোৰত অসমৰ জেষ্ঠ বুদ্ধিজীৱী, সাংবাদিক, সাহিত্যিক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি চাৰে বহু আক্ষেপেৰে কৈ আছে যে জাতিটোৰ ভাষা সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত প্ৰতি মূহুৰ্ততে তেওঁ আজি শংকিত। সচাকৈয়ে চিন্তনীয় ! পঢ়ুৱৈৰ অভাৱত ছপা মাধ্যমৰ উদ্যোগ এতিয়া লক্ষনীয় ভাবে ক্ষতিগ্ৰস্ত। ছপা মাধ্যমৰ এনে দুৰ্যোগৰ সময়ত মহিলা সকল সচেতন হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে।কেইবছৰমান আগলৈ দেখিছিলো মোৰ মা, খুৰী, বৰমা, অথবা পেহীহতে ঘৰুৱা কামৰ পৰা আহৰি পালেই আলোচনীখন পঢ়িব লয়।নতুবা আজৰি পোৱাই পোৱাই উপন্যাস এখন পঢ়ি শেষ কৰে।এতিয়া সেই দৃশ্য দুৰ্লভ।আগতে বেছিভাগৰে যৌথ পৰিয়াল আছিল। ঘৰৰ মহিলাখিনিৰ কামৰ অন্ত নাছিল।তথাপিও গ্ৰন্থৰ প্ৰতি শ্ৰদ্ধা আৰু আদৰ থকা বাবে এয়া সম্ভৱ কৰি তুলিছিল।সময়ৰ পৰিবৰ্তনৰ লগে লগে পৰিয়াল সমূহৰো পৰিবৰ্তন হৈছে।একক পৰিয়ালৰ সংখ্যা বাঢ়িল।বেছি ভাগ শিক্ষিত মহিলাৰ ঘৰুৱা ভেজাল কমিল।সিমীত পৰিয়ালৰ সৰু সংসাৰ এখনত কামৰ বোজাও কমিল।বেছি ভাগ গৃহিনীয়ে স্বামী আৰু এটা বা দুটা সন্তানৰ দায়িত্ব বহন কৰিব লাগে।আধুনিক যুগত ঘৰুৱা কাম কাজৰ ক্ষেত্ৰতো ঠাইতে সকলো সুবিধা উপলব্ধ হ’ল।অৱশ্যে এই কথাটোৰ অৰ্থ এইটো নহয় যে কাম বন অথবা দায়িত্ব নোহোৱাই হ’ল।গৃহিনী, মহিলা বুলি কলেই কামৰ লিষ্টখন থাকিবই।দুখৰ কথাটো হৈছে মানসিকতা বা ৰুছিৰ পৰিবৰ্তন।
এতিয়া বেছি সংখ্যক মহিলাই গ্ৰন্থ বা বাতৰি কাকত নপঢ়ে।তাৰ পৰিবৰ্তে সময়বোৰ ডিজিটেল মাধ্যমৰ ব্যস্ত থাকি অপচয় কৰে।এটা কথা ঠিক যে বিশ্বায়নৰ যুগত প্ৰতিটো কামৰ বাবে ডিজিটেল মাধ্যমৰ প্ৰয়োজন হয় যদিও তাৰ মাজতে অপ্ৰয়োজনীয় মনোৰঞ্জন উপভোগ কৰি সময় অতিবাহিত কৰাতকৈ কিছুসময় ছপা মাধ্যমক দিয়াটো উচিত।দেখা গৈছে যে একাংশ মহিলাই সকলো সময়তে স্মাৰ্ট ফ’নত উপলব্ধ মনোৰঞ্জনত ব্যস্ত থাকে লগতে নিজৰ সন্তানকো জন্মৰ পৰাই সেই ফুটতে আগবঢ়াই নিছে।আনকি বহুতো শিশুৱে স্বত:স্ফুতভাৱে খেলাধূলা কৰিবও সুবিধা নাপায় কাৰন মাতৃয়ে মোবাইল কেমেৰাটো আগত ধৰি ৰাখে।শিশু হতৰ খেলাধূলা বোৰো যেন ৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী চেনেলৰ একোটা মেকিং ৰিৱেলিটি শ্ব’হে।এনেবোৰ দৃশ্যই চচিয়েল মাধ্যমতো কেতিয়াবা বিৰক্তৰ কৰি তোলে।তেনে মানসিকতাৰ মহিলা খিনিয়ে সন্তানক বাহিৰা কিতাপ পঢ়ি জ্ঞান লবলৈ শিক্ষা দিব বুলি সন্দেহ।সামাজিক মাধ্যম ফেচবুকত বহুতো মহিলাই আওপকীয়াকৈ নিজৰ মহানতাক প্ৰচাৰ দীঘলীয়া কাহিনী লিখা দেখি থাকো।কেতিয়াবা দিনটোত দুই তিনিটা কাহিনী ও চকুত পৰে।দুখৰ কথা এয়ে যে লিখনিৰ বেছিখিনি বানানেই অশুদ্ধ দেখো।কোনো সম্পাদনা নোহোৱাকৈ অশুদ্ধ বানানেৰে সাহিত্য চৰ্চা কৰি বাহ বাহ লৈ থকা সেই ডিজিটেল সাহিত্যিক সকলে ভাষাটোৰ সুৰক্ষা দিছে জানো?যদি আমি মহিলা খিনি ভাষাটোৰ ক্ষেত্ৰত সতৰ্ক হওঁঁ তেনেহলে এতিয়াও বহুত সময় আছে ।ব্যস্ততাৰ মাজতেই কিছু সময় উলিয়াই কিতাপ পঢ়াৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিলে আমি নিশ্চিত ভাবে সফল হব পাৰিম।বৰ্তমান অসমত নতুন প্ৰজন্মৰ কেইবাগৰাকীও ভাল গল্পকাৰ ,কবি সাহিত্যিকৰ লিখনিয়ে ছপা মাধ্যমক সবল কৰাৰ ক্ষেত্ৰত অৰিহনা যোগায় আহিছে।সময় অবাবত অপচয় কৰা মহিলাসকলে তেওঁ লোকক আদৰ্শ হিচাপে মানি লবলৈ চেষ্টা কৰক।জাতিটোৰ প্ৰতি থকা , ভাষা টোৰ প্ৰতি থকা প্ৰেম ভালপোৱাক অধ্যয়নৰ দ্বাৰাই প্ৰমাণ কৰক।যিদৰে মহিলা সকল সমাজ আৰু ,জাতি গঠনৰ এপাট শক্তিশালী অস্ত্ৰ ঠিক সেইদৰে দেশৰ দুষ্কৃতি বিনাশৰো এটা শক্তিশালী মাৰনাস্ত্ৰ।মই এই লিখনিটোৰ জৰিয়তে সেইসকল মহিলাক অনুৰোধ জনাইছো যাতে তেওঁ লোকে যান্ত্ৰিকতাৰ পৰা মুক্ত হৈ জাতি আৰু ভাষাটোৰ স্বাৰ্থত ছপা মাধ্যমটো জীয়াই ৰাখিবলৈ দায়িত্বশীল হয়।আমি সচেতন আৰু দায়িত্বশীল নহলে ভাষা সংস্কৃতিৰ ভয়াবহ দুৰ্যোগ অহাটো নিশ্চিত।