চন পৰি ৰ’ৱ নেকি
অৰ্ণৱ কটকী
জাঁজী, যোৰহাট
শাওনৰ পথাৰ খনে আজি কান্দিছে। সপোনৰ ভ্ৰুণ বিলাক লেৰেলি শুকাই গৈছে । চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা বহু পথাৰত বহি কৃষকে হুমুনিয়াহ এৰিছে। আহিবনে ভাল দিন, বতৰৰ ওপৰত ভৰষা নকৰাকৈ পাৰিব নে মুখত হাঁহি লৈ সপোনৰ বীজ ৰোপণ কৰিবলৈ।
পানীৰ অভাৱত পৰি ৰোৱা মাটি কেইডৰাত কেতিয়া সোণোৱালী আশাই খেলিব। উচিত প্ৰাপ্য, খেতিৰ সজাল ধৰা ধান ঠোকে মন খুলি কেতিয়া হাঁহিব। বজাৰ আমাৰ পথাৰ আমাৰ কিন্তু পথাৰ খনৰ ফালে চাবলৈ আহৰি হ’ব নে বৰমুৰীয়া সকলৰ। হেৰাই যাব নেকি আমাৰ হেঁপাহৰ পথাৰ খন এদিন। কষ্ট কৰি, পইচা খৰছ কৰিও সময় মতে খেতি কৰিব নোৱাৰিলে পাব নে আশানৰুপ ফল।
শাওনৰ পথাৰ খনে বতৰকে ধিয়াই পৰি ৰ’ৱ নেকি চন। আধুনিক যুগৰ একবিংশ শতিকাতো। বৰকৈ হাঁহিব আন ৰাজ্যই, কিবা এটা কৰিব নে চৰকাৰী বিভাগ সমূহে।
উন্নত হ’ব নে পথাৰ আমাৰ! কৃষি উৎপাদনত চহকী ৰাজ্য খনৰ অন্ত পৰিব নে এনে ধৰণৰ সমস্যাৰ?
যাব নে মাৰ পতান বীজ দিয়া সমস্যা সমূহৰ?
কৃষকৰ মনৰ কথা শুনি সন্ধান কৰিব নে সমাধানৰ পথ?
নে চন পৰা পথাৰ ডৰাও কাৰোবাৰ প্ৰিয়?